--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তা বেহু  উলংঘনৰ ঘটনাত প্ৰাক্তন ডিজিপি এছ চট্টোপাধ্যায় আৰু আন দুজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ  অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

কিছুদিন পূৰ্বে  অৱসৰ গ্ৰহণ কৰা চট্টোপাধ্যায়ৰ উপৰি ফিৰোজপুৰ ৰেঞ্জৰ আৰক্ষীৰ তদানীন্তন উপ মহাপৰিদৰ্শক (ডিআইজি) ইন্দ্ৰবীৰ সিং আৰু ফিৰোজপুৰৰ তদানীন্তন জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) হৰমনদীপ সিং হংসৰ বিৰুদ্ধেও কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰামতে  এই সংশ্লিষ্ট বিষয়াসকলক এই বিষয়ত প্ৰতিবেদন  দাখিল কৰিবলৈ কোৱা হৈছে । মুখ্যমন্ত্ৰী মানে 
নৰেশ অৰোৰা, তেতিয়াৰ এডিজিপি (আইন-শৃংখলা), জি নাগেশ্বৰ ৰাও, তেতিয়াৰ এডিজিপি চাইবাৰ অপৰাধ, মুখবিন্দৰ সিং ছিনা, তদানীন্তন আইজিপি পাটিয়ালা ৰেঞ্জ, ৰাকেশ আগৰৱাল, তদানীন্তন আইজি কাউণ্টাৰ ইণ্টেলিজেঞ্চ আৰু নোডেল বিষয়া, সুৰজিৎ সিং, তদানীন্তন ডিআইজি ফৰিদকোটৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে৷ 

 উল্লেখ্য ২০২২ চনৰ ৫ জানুৱাৰীত ফিৰোজপুৰত প্ৰতিবাদকাৰীৰ অৱৰোধৰ ফলত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় এখন উৰণীয়া সেঁতুত আৱদ্ধ হৈ পৰিছিল আৰু তাৰ পিছত তেওঁ কোনো অনুষ্ঠানত অংশ নোলোৱাকৈ পঞ্জাৱৰ পৰা উভতি গৈছিল৷উচ্চতম ন্যায়ালয়ে  যোৱা বছৰৰ ১২ জানুৱাৰীত এই ঘটনাৰ তদন্তৰ বাবে সমিতি এখন গঠন কৰি দিছিল৷  কেন্দ্ৰীয় গৃহ সচিবে যোৱা মাহত পঞ্জাৱৰ মুখ্য সচিবলৈ বিষয়টো সন্দৰ্ভত  ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিবেদন দাখিল কৰিবলৈ পত্ৰ লিখিছিল। কেইদিনমান আগতে, পঞ্জাৱৰ মুখ্য সচিব ভি কে জানজুয়াই কৈছিল যে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন প্ৰেৰণ কৰিব৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement