--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তা বেহু  উলংঘনৰ ঘটনাত প্ৰাক্তন ডিজিপি এছ চট্টোপাধ্যায় আৰু আন দুজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ  অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

কিছুদিন পূৰ্বে  অৱসৰ গ্ৰহণ কৰা চট্টোপাধ্যায়ৰ উপৰি ফিৰোজপুৰ ৰেঞ্জৰ আৰক্ষীৰ তদানীন্তন উপ মহাপৰিদৰ্শক (ডিআইজি) ইন্দ্ৰবীৰ সিং আৰু ফিৰোজপুৰৰ তদানীন্তন জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) হৰমনদীপ সিং হংসৰ বিৰুদ্ধেও কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰামতে  এই সংশ্লিষ্ট বিষয়াসকলক এই বিষয়ত প্ৰতিবেদন  দাখিল কৰিবলৈ কোৱা হৈছে । মুখ্যমন্ত্ৰী মানে 
নৰেশ অৰোৰা, তেতিয়াৰ এডিজিপি (আইন-শৃংখলা), জি নাগেশ্বৰ ৰাও, তেতিয়াৰ এডিজিপি চাইবাৰ অপৰাধ, মুখবিন্দৰ সিং ছিনা, তদানীন্তন আইজিপি পাটিয়ালা ৰেঞ্জ, ৰাকেশ আগৰৱাল, তদানীন্তন আইজি কাউণ্টাৰ ইণ্টেলিজেঞ্চ আৰু নোডেল বিষয়া, সুৰজিৎ সিং, তদানীন্তন ডিআইজি ফৰিদকোটৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে৷ 

 উল্লেখ্য ২০২২ চনৰ ৫ জানুৱাৰীত ফিৰোজপুৰত প্ৰতিবাদকাৰীৰ অৱৰোধৰ ফলত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় এখন উৰণীয়া সেঁতুত আৱদ্ধ হৈ পৰিছিল আৰু তাৰ পিছত তেওঁ কোনো অনুষ্ঠানত অংশ নোলোৱাকৈ পঞ্জাৱৰ পৰা উভতি গৈছিল৷উচ্চতম ন্যায়ালয়ে  যোৱা বছৰৰ ১২ জানুৱাৰীত এই ঘটনাৰ তদন্তৰ বাবে সমিতি এখন গঠন কৰি দিছিল৷  কেন্দ্ৰীয় গৃহ সচিবে যোৱা মাহত পঞ্জাৱৰ মুখ্য সচিবলৈ বিষয়টো সন্দৰ্ভত  ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিবেদন দাখিল কৰিবলৈ পত্ৰ লিখিছিল। কেইদিনমান আগতে, পঞ্জাৱৰ মুখ্য সচিব ভি কে জানজুয়াই কৈছিল যে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন প্ৰেৰণ কৰিব৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু