--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ভাগ্য কেতিয়া সলনি হয় সেয়া কোনেও নাজানে। এগৰাকী লোকৰ ভাগ্য এনেকৈ সলনি হ'ল যে সেই খবৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অসমৰ পৰা গৈ কেৰালাত এগৰাকী অভিনেত্ৰীৰ বাসগৃহত সহায়ক হিচাপে কাম কৰা এজন লোকৰ নিশাটোৰ ভিতৰতে সলনি হ'ল ভাগ্য। তেওঁ হৈ পৰিল কোটিপতি। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালাৰ অন্যতম গ্ৰীষ্মকালীন বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল অসমৰ এলবাৰ্ট গিটা নামৰ এজন লোক। কেৰালাৰ চলচ্চিত্ৰ অভিনেত্ৰী ৰজনী চাণ্ডীৰ বাসগৃহত সহায়ক হিচাপে কাম কৰে এলবাৰ্টে।
Albert Gitta
কৰ্মৰ সন্ধানত ১৯৯৫ চনত কেৰালালৈ গৈছিল এলবাৰ্ট। বিগত কেইবা বছৰো ধৰি মালায়লম অভিনেত্ৰী ৰজনী চাণ্ডীৰ ঘৰত অতি নিষ্ঠাৰে কাম কৰি আহিছে এলবাৰ্টে। এলবাৰ্ট ৰজনী চাণ্ডীৰ অতি বিশ্বাসী। 

শেহতীয়াকৈ ১৯ মাৰ্চত তিৰুৱান্তপুৰমৰ গৰ্কি ভৱনত অনুষ্ঠিত হৈছিল কেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী বি আৰ-৯০। এই লটাৰী খেলখনৰ এটা টিকট ২৫০ টকাৰে ক্ৰয় কৰিছিল এলবাৰ্ট গিটাই। ভাগ্য যেন ৰৈ আছিল এই লোকজনৰ বাবে। 

লটাৰী এজেন্সীৰ পৰা ক্ৰয় কৰা SE 222282 নম্বৰৰ টিকটটোৱেই ভাগ্য সলনি কৰে এলবাৰ্ট গিটাৰ। লটাৰীৰ প্ৰথম পুৰস্কাৰ ১০ কোটি টকা তেওঁ লাভ কৰে। লটাৰী খেল কৰ্তৃপক্ষই এই কথা ঘোষণা কৰাৰ পাছতেই আনন্দত উথলি উঠে এলবাৰ্টৰ মন।
image 68
ইতিমধ্যে কোচিৰ বেংক এটাত তেওঁ টিকট জমা দি সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। এই খবৰে ৰজনী চাণ্ডীকো বৰ সুখ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু