--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ভাগ্য কেতিয়া সলনি হয় সেয়া কোনেও নাজানে। এগৰাকী লোকৰ ভাগ্য এনেকৈ সলনি হ'ল যে সেই খবৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অসমৰ পৰা গৈ কেৰালাত এগৰাকী অভিনেত্ৰীৰ বাসগৃহত সহায়ক হিচাপে কাম কৰা এজন লোকৰ নিশাটোৰ ভিতৰতে সলনি হ'ল ভাগ্য। তেওঁ হৈ পৰিল কোটিপতি। 

শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালাৰ অন্যতম গ্ৰীষ্মকালীন বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল অসমৰ এলবাৰ্ট গিটা নামৰ এজন লোক। কেৰালাৰ চলচ্চিত্ৰ অভিনেত্ৰী ৰজনী চাণ্ডীৰ বাসগৃহত সহায়ক হিচাপে কাম কৰে এলবাৰ্টে।
Albert Gitta
কৰ্মৰ সন্ধানত ১৯৯৫ চনত কেৰালালৈ গৈছিল এলবাৰ্ট। বিগত কেইবা বছৰো ধৰি মালায়লম অভিনেত্ৰী ৰজনী চাণ্ডীৰ ঘৰত অতি নিষ্ঠাৰে কাম কৰি আহিছে এলবাৰ্টে। এলবাৰ্ট ৰজনী চাণ্ডীৰ অতি বিশ্বাসী। 

শেহতীয়াকৈ ১৯ মাৰ্চত তিৰুৱান্তপুৰমৰ গৰ্কি ভৱনত অনুষ্ঠিত হৈছিল কেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী বি আৰ-৯০। এই লটাৰী খেলখনৰ এটা টিকট ২৫০ টকাৰে ক্ৰয় কৰিছিল এলবাৰ্ট গিটাই। ভাগ্য যেন ৰৈ আছিল এই লোকজনৰ বাবে। 

লটাৰী এজেন্সীৰ পৰা ক্ৰয় কৰা SE 222282 নম্বৰৰ টিকটটোৱেই ভাগ্য সলনি কৰে এলবাৰ্ট গিটাৰ। লটাৰীৰ প্ৰথম পুৰস্কাৰ ১০ কোটি টকা তেওঁ লাভ কৰে। লটাৰী খেল কৰ্তৃপক্ষই এই কথা ঘোষণা কৰাৰ পাছতেই আনন্দত উথলি উঠে এলবাৰ্টৰ মন।
image 68
ইতিমধ্যে কোচিৰ বেংক এটাত তেওঁ টিকট জমা দি সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। এই খবৰে ৰজনী চাণ্ডীকো বৰ সুখ দিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক