--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অক্ষয় কুমাৰৰ ঘনিষ্ঠতা সকলোৱে জানে। তেওঁ নৰেন্দ্ৰ মোডীৰ এজন প্ৰশংসক। শেহতীয়াকৈ, অক্ষয়ৰ আহিবলগীয়া ছবি 'ছেলফি’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত বলীউডৰ 'খিলাড়ী'ক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰা শুনা গৈছিল।

শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিজেপি নেতা-বিধায়কসকলক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। মোডীয়ে তেওঁৰ দলৰ নেতাসকলক স্পষ্ট কৈছিল যে চিনেমাৰ বিষয়ে যাতে কোনোৱে "অপ্ৰয়োজনীয়" মন্তব্য নকৰে। 

তাৰপাছতে  প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ উত্তৰত অক্ষয়ে কয়, "মোডীয়ে দেখুওৱা পথেৰে আগবাঢ়িলেই ভাল দিনবোৰ বিনোদন জগতলৈ ঘূৰি আহিব। বিনোদন জগতৰ কাম অতি সহজ নহয়। এটা অসংলগ্ন মন্তব্যই সকলোবোৰ বিশৃংখল কৰি তোলে। ই এই উদ্যোগটোক ক্ষতি কৰে।’’

বৰ্তমান বিজেপি নেতা আৰু মন্ত্ৰীসকলৰ এটা অংশই শ্বাহৰুখ খানৰ 'পাঠান'ক বিতৰ্কৰ আৱৰ্তলৈ আনিছে। বিজেপি নেতাসকলে ধাৰাবাহিকভাৱে এই ছবিখন আক্ৰমণ কৰি আহিছে। সেয়েহে এইবাৰ দলৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে বিজেপি নেতাসকলে কোনো মন্তব্য নকৰে যাতে বিনোদন উদোগৰ সকলো প্ৰচেষ্টা পণ্ডশ্ৰমলৈ ৰূপান্তৰিত হয়।

প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অক্ষয়ে কয়, "মনোৰঞ্জন উদ্যোগৰ প্ৰতি তেওঁৰ চিন্তাধাৰা সদায় ইতিবাচক হৈ আহিছে। যিকোনো ইতিবাচক বস্তুক আদৰণি জনোৱা উচিত। তেওঁ এই দেশৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। গতিকে যদি তেওঁৰ কথাৰেই কিবা পৰিৱৰ্তন হয়, ই নিশ্চিতভাৱে উদ্যোগটোৰ বাবে ভাল হ'ব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক