--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অক্ষয় কুমাৰৰ ঘনিষ্ঠতা সকলোৱে জানে। তেওঁ নৰেন্দ্ৰ মোডীৰ এজন প্ৰশংসক। শেহতীয়াকৈ, অক্ষয়ৰ আহিবলগীয়া ছবি 'ছেলফি’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত বলীউডৰ 'খিলাড়ী'ক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰা শুনা গৈছিল।

শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিজেপি নেতা-বিধায়কসকলক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। মোডীয়ে তেওঁৰ দলৰ নেতাসকলক স্পষ্ট কৈছিল যে চিনেমাৰ বিষয়ে যাতে কোনোৱে "অপ্ৰয়োজনীয়" মন্তব্য নকৰে। 

তাৰপাছতে  প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ উত্তৰত অক্ষয়ে কয়, "মোডীয়ে দেখুওৱা পথেৰে আগবাঢ়িলেই ভাল দিনবোৰ বিনোদন জগতলৈ ঘূৰি আহিব। বিনোদন জগতৰ কাম অতি সহজ নহয়। এটা অসংলগ্ন মন্তব্যই সকলোবোৰ বিশৃংখল কৰি তোলে। ই এই উদ্যোগটোক ক্ষতি কৰে।’’

বৰ্তমান বিজেপি নেতা আৰু মন্ত্ৰীসকলৰ এটা অংশই শ্বাহৰুখ খানৰ 'পাঠান'ক বিতৰ্কৰ আৱৰ্তলৈ আনিছে। বিজেপি নেতাসকলে ধাৰাবাহিকভাৱে এই ছবিখন আক্ৰমণ কৰি আহিছে। সেয়েহে এইবাৰ দলৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে বিজেপি নেতাসকলে কোনো মন্তব্য নকৰে যাতে বিনোদন উদোগৰ সকলো প্ৰচেষ্টা পণ্ডশ্ৰমলৈ ৰূপান্তৰিত হয়।

প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অক্ষয়ে কয়, "মনোৰঞ্জন উদ্যোগৰ প্ৰতি তেওঁৰ চিন্তাধাৰা সদায় ইতিবাচক হৈ আহিছে। যিকোনো ইতিবাচক বস্তুক আদৰণি জনোৱা উচিত। তেওঁ এই দেশৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। গতিকে যদি তেওঁৰ কথাৰেই কিবা পৰিৱৰ্তন হয়, ই নিশ্চিতভাৱে উদ্যোগটোৰ বাবে ভাল হ'ব। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু