--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুনকৈ নিৰ্মাণ কৰা হ’ব ভাৰতৰ সংসদ ভৱন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহত সংসদ ভৱনৰ নতুন নিৰ্মাণ তথা পুনৰ্বিকাশৰ প্ৰস্তুতি চলিছে৷ পুনৰ্বিকাশ প্ৰকল্পৰ অৰ্থ হৈছে নতুন দিল্লীৰ ৰাইচিনা পাহাৰৰ ওচৰত অৱস্থিত ভাৰতৰ কেন্দ্ৰীয় প্ৰশাসনিক এলেকা ‘চেণ্ট্ৰেল ভিষ্টা’ৰ পুনৰ্বিকাশ। চেণ্ট্ৰেল ভিষ্টা, অৰ্থাৎ নতুন সংসদ ভৱন নতুন ভাৰতৰ প্ৰতিচ্ছবি নেকি? চেণ্ট্ৰেল ভিস্তা নিৰ্মাণৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়তে বহুজনে প্ৰশ্ন কৰিছিল নতুন সংসদ ভৱনকে নতুন ভাৰতৰ প্ৰতিফলন বুলি কোৱা হ’ব নেকি? বাস্তৱিকতে, প্ৰধানমন্ত্ৰী মোদীৰ আকাংক্ষিত নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য চলি থাকিলেও দেশবাসীয়ে ক্ৰমশঃ পুৰণি ভাৰতলৈ উভতি গৈ আছে৷ যদি এই সময়ত চেণ্ট্ৰেল ভিষ্টা সময়ৰ পৰীক্ষাত থিয় নহয়, তেন্তে দেশৰ ভৱিষ্যতো অন্ধকাৰ৷ কেন্দ্ৰীয় ভিষ্টাৰ স্থাপত্য, নগৰ পৰিকল্পনা বা ইয়াক স্বীকৃতি দিয়া লোক বা দেশৰ সৈতে কোনো সম্পৰ্ক নাই আৰু ইয়াক বিশ্বমানৰ বুলি ঘোষণা কৰাতো বহনক্ষম আৰু গণতান্ত্ৰিক নহ’ব৷ ‘পদ্মশ্ৰী’ কংগনা ৰানাৱটে ২০১৪ চনৰ পাছতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে বুলি কৰা মন্তব্যৰ পাছত ‘নতুন ভাৰত’ৰ এই ধাৰণাটো গাঢ় হৈ উঠিছে৷ শেহতীয়াকৈ অভিযোগ উঠিছে, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজকোষৰ চেণ্ট্ৰেল ভিষ্টা নিৰ্মাণ কৰি দেশক পুৰণি ভাৰতলৈ ঠেলি দিছে৷ চেণ্ট্ৰেল ভিষ্টাৰ এই অঞ্চলটো ছাৰ এডউইন লুটিয়েন্স আৰু ছাৰ হাৰ্বাৰ্ট বেকাৰে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ডিজাইন কৰিছিল আৰু স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে ধৰি ৰাখিছিল। ভৱিষ্যতৰ আৰু কেইবাবছৰলৈয়ো কাৰ্যক্ষম আৰু সুৰক্ষিত হৈ থকাৰ পাছতো পুৰণি সংসদ ভৱনটোক গুৰুত্বহীন কৰি তুলিব খোজাৰ অভিযোগ উঠিছে৷ নতুন ভাৰতৰ স্বপ্ন দেখুৱাই সামৰি-সূতৰি থ’ব খোজা হৈছে দেশৰ মৌলিক সমস্যা৷ অৰ্ধমুখী যাত্ৰাত খোজ পেলাইছে ভাৰতে৷ কৃষকৰ আত্মহত্যা, নিবনুৱাৰ কৰ্মসংস্থাপনহীনতা, অৰ্থনৈতিক বিপৰ্যয়, নিম্নমুখী জিডিপিৰ ইত্যাদি মৌলিক সমস্যাই কোঙা কৰি পেলাইছে ভাৰতবৰ্ষক৷ ধৰ্মীয় উন্মাদনাই অপৰিচিত কৰি তুলিছে অনৈক্যৰ মাজৰ ঐক্যৰ ভাৰতভূমিক৷ বিমুদ্ৰাকৰণৰ পাছত হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ পাছত দেশৰ অৰ্থনীতি অদ্যপি সুস্থিৰ হোৱা নাই৷ তাৰ পাছত বেংক জালিয়াতি, ঋণ লৈ পলায়ন কৰা ঘটনাবোৰ ঘটিয়েই আছে ভাৰতত৷ শেহতীয়াকৈ গুজৰাটত সংঘটিত হৈছে ২০,০০০ কোটি টকাৰ বেংক জালিয়াতি৷ অথচ, এনেবোৰ বিষয়ক জনতাৰ দৃষ্টিৰ পৰা আঁতৰাই ভ্ৰমৰ মাজেৰে লৈ গৈ থকা হৈছে৷ চেণ্ট্ৰেল ভিষ্টা নিৰ্মাণ আদি তাৰেই অংশ বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে৷ উল্লেখযোগ্য যে, ২০২০ৰ পৰা ২০২৪ চনৰ ভিতৰত অনুসূচীত এই প্ৰকল্পৰ লক্ষ্য হৈছে ৰাষ্ট্ৰপতি ভৱন আৰু ইণ্ডিয়া গেটৰ মাজত ৩ কিলোমিটাৰ (১.৯ মাইল) দীঘল ৰাজপথ পুনৰ নিৰ্মাণ কৰা, উত্তৰ আৰু দক্ষিণ খণ্ডসমূহক ৰাজহুৱাভাৱে উপলব্ধ সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা, সকলো মন্ত্ৰণালয় ৰখাৰ বাবে এক নতুন উমৈহতীয়া কেন্দ্ৰীয় সচিবালয় সৃষ্টি কৰা, ভৱিষ্যত সম্প্ৰসাৰণ, সম্প্ৰসাৰণৰ বাবে বৰ্ধিত আসন ক্ষমতাৰ সৈতে বৰ্তমানৰ এটা নতুন সংসদ ভৱন। নৰ্থ ব্লক আৰু ছাউথ ব্লকৰ ওচৰত উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাবে নতুন বাসস্থান আৰু কাৰ্যালয় আৰু কিছুমান পুৰণি গাঁথনি সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা। চেণ্ট্ৰেল ভিষ্টা নিৰ্মাণৰ বাবে চাৰি বছৰত ৰাজকোষৰ পৰা ব্যয় হ’ব প্ৰায় ১৩,৪৫০ কোটি টকা৷ এতিয়ালৈকে ১,৩৩৯ কোটি টকাৰ মাত্ৰ দুটা প্ৰকল্পৰ চুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত আছে নতুন সংসদ ভৱন আৰু কেন্দ্ৰীয় ভিষ্টা এভিনিউৰ পুনৰুজ্জীৱিতকৰণ, আনুমানিক ব্যয় ক্ৰমান্বয়ে ৮৬২ কোটি আৰু ৪৭৭ কোটি টকা। ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপনৰ আনুষ্ঠানিক আনুষ্ঠানিক তাৰিখৰ পৰা প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ