--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ আৰু আম আদমী পাৰ্টী হৈছে অপৰাধিক কাম-কাজৰ সহযোগী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই গুৰুতৰ অভিযোগ আনিছে। পঞ্জাব বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ সময়তে বিভিন্ন ৰাজনৈতিক দৰে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততে এইবাৰ বিজেপি দলৰ খোপনি ৰাজ্যখনত নাইকিয়া হোৱা বুলি ধাৰণা কৰা হৈছে যদিও কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে যুটি বান্ধি দলটোৱে নিজৰ সন্মান ৰক্ষাৰ চেষ্টা চলাইছে পঞ্জাবত। সেইবাবে এইবাৰ নিৰ্বাচনী ৰণ জিনাৰ সম্ভাৱনা থকা দুয়োটা দল ক্ৰমে শাসকীয় কংগ্ৰেছ আৰু বিৰোধী দল আপক একেলগে সাঙুৰি আক্ৰমণ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োটা দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মোদীয়ে কয়, তেওঁলোক হৈছে অপৰাধমূলক কাম-কাজৰ সহযোগী। তেওঁলোক ডব্লিউ ডব্লিউ এফত অংশ লোৱাৰ দৰে ‘নোৰা কুস্তি’ কৰি আছে। আপ হৈছে কংগ্ৰেছৰ ফটোকপী। কংগ্ৰেছে ৰাজ্যখনলৈ ড্ৰাগছৰ আতংক কঢ়িয়াই আনিছে আৰু আম আদমী পাৰ্টীয়ে দিল্লীৰ যুৱ-প্ৰজন্মক সুৰাৰ ৰাগিত মাতাল কৰিবলৈ চেষ্টা কৰি আছে। পাঠানকোটত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি মোদীয়ে কয়, কংগ্ৰেছ দলে পঞ্জাবক অপমান কৰিছে। ‘কংগ্ৰেছৰ নেতাসকলে পাঠানকোট আক্ৰমণৰ পাছত আমাৰ জোৱানসকলৰ ত্যাগ আৰু বীৰত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁলোকে আমাৰ শ্বহীদসকলক অপমান কৰিছে। পুলৱামা কাণ্ডৰ পাছতো তেওঁলোকে আমাৰ সৈন্যসকলৰ সাহসক লৈ প্ৰশ্ন উত্থাপন কৰিছে। যদিহে তেওঁলোকে পঞ্জাবত আকৌ শাসনলৈ আহে তেন্তে পঞ্জাবৰ নিৰাপত্তাক তেওঁলোকে শংকাৰ মাজলৈ ঠেলি দিব।   প্ৰাক্তন মু্খ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক প্ৰশংসা কৰি তেওঁ কয় যে, তেওঁ কংগ্ৰেছত থকা সময়ত দলটোৰ এনে কিছুমান কামত তেওঁ বাধা দিছিল। কিন্তু এতিয়া তেওঁ নিজেই দল ত্যাগ কৰিছে। ১৯৮৪ চনৰ শিখবিৰোধী সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা প্ৰকাশ কৰি তেওঁ কয় বিজেপি চৰকাৰে অপৰাধী লোকসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। উল্লেখ্য যে, অহা ২০ ফেব্ৰুৱাৰীত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। বিগত দীঘলীয়া সময় ধৰি চলা কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততে বিজেপি দল পঞ্জাবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বাহিৰ হৈ পৰা পৰিলক্ষিত হৈছে। আনহাতে কংগ্ৰেছৰ আভ্যন্তৰীণ কলহে ৰাজ্যখনত তেওঁলোকৰ স্থিতিও কিছু থৰক-বৰক কৰি তুলিছে। আম আদমা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত উল্লেখযোগ্য সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত বিজেপিয়ে আপকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, কংগ্ৰেছ দলে আপক বিজেপিৰ সহযোগী হিচাপে অভিযোগ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ