--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ আৰু আম আদমী পাৰ্টী হৈছে অপৰাধিক কাম-কাজৰ সহযোগী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই গুৰুতৰ অভিযোগ আনিছে। পঞ্জাব বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ সময়তে বিভিন্ন ৰাজনৈতিক দৰে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততে এইবাৰ বিজেপি দলৰ খোপনি ৰাজ্যখনত নাইকিয়া হোৱা বুলি ধাৰণা কৰা হৈছে যদিও কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে যুটি বান্ধি দলটোৱে নিজৰ সন্মান ৰক্ষাৰ চেষ্টা চলাইছে পঞ্জাবত। সেইবাবে এইবাৰ নিৰ্বাচনী ৰণ জিনাৰ সম্ভাৱনা থকা দুয়োটা দল ক্ৰমে শাসকীয় কংগ্ৰেছ আৰু বিৰোধী দল আপক একেলগে সাঙুৰি আক্ৰমণ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োটা দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মোদীয়ে কয়, তেওঁলোক হৈছে অপৰাধমূলক কাম-কাজৰ সহযোগী। তেওঁলোক ডব্লিউ ডব্লিউ এফত অংশ লোৱাৰ দৰে ‘নোৰা কুস্তি’ কৰি আছে। আপ হৈছে কংগ্ৰেছৰ ফটোকপী। কংগ্ৰেছে ৰাজ্যখনলৈ ড্ৰাগছৰ আতংক কঢ়িয়াই আনিছে আৰু আম আদমী পাৰ্টীয়ে দিল্লীৰ যুৱ-প্ৰজন্মক সুৰাৰ ৰাগিত মাতাল কৰিবলৈ চেষ্টা কৰি আছে। পাঠানকোটত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি মোদীয়ে কয়, কংগ্ৰেছ দলে পঞ্জাবক অপমান কৰিছে। ‘কংগ্ৰেছৰ নেতাসকলে পাঠানকোট আক্ৰমণৰ পাছত আমাৰ জোৱানসকলৰ ত্যাগ আৰু বীৰত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁলোকে আমাৰ শ্বহীদসকলক অপমান কৰিছে। পুলৱামা কাণ্ডৰ পাছতো তেওঁলোকে আমাৰ সৈন্যসকলৰ সাহসক লৈ প্ৰশ্ন উত্থাপন কৰিছে। যদিহে তেওঁলোকে পঞ্জাবত আকৌ শাসনলৈ আহে তেন্তে পঞ্জাবৰ নিৰাপত্তাক তেওঁলোকে শংকাৰ মাজলৈ ঠেলি দিব।   প্ৰাক্তন মু্খ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক প্ৰশংসা কৰি তেওঁ কয় যে, তেওঁ কংগ্ৰেছত থকা সময়ত দলটোৰ এনে কিছুমান কামত তেওঁ বাধা দিছিল। কিন্তু এতিয়া তেওঁ নিজেই দল ত্যাগ কৰিছে। ১৯৮৪ চনৰ শিখবিৰোধী সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা প্ৰকাশ কৰি তেওঁ কয় বিজেপি চৰকাৰে অপৰাধী লোকসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। উল্লেখ্য যে, অহা ২০ ফেব্ৰুৱাৰীত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। বিগত দীঘলীয়া সময় ধৰি চলা কৃষক বিদ্ৰোহৰ পৰিপ্ৰেক্ষিততে বিজেপি দল পঞ্জাবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বাহিৰ হৈ পৰা পৰিলক্ষিত হৈছে। আনহাতে কংগ্ৰেছৰ আভ্যন্তৰীণ কলহে ৰাজ্যখনত তেওঁলোকৰ স্থিতিও কিছু থৰক-বৰক কৰি তুলিছে। আম আদমা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত উল্লেখযোগ্য সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত বিজেপিয়ে আপকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, কংগ্ৰেছ দলে আপক বিজেপিৰ সহযোগী হিচাপে অভিযোগ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু