--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা মঙলবাৰে পদত্যাগ কৰিব কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে। ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ যাবলৈ ওলাইছে।দেওবাৰে এ বি পি আনন্দক দিয়া এক সাক্ষাৎকাৰত ন্যায়াধীশগৰাকীয়ে কয় যে কলিকতা উচ্চ ন্যায়ালয়ত তেওঁৰ শেষ দিন সোমবাৰ। ন্যায়াধীশজনৰ হাতত থকা গোচৰসমূহ সোমবাৰে মুকলি কৰিব। ইয়াৰ পাছত মঙলবাৰে ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব।

ৰাজ্যখনৰ শাসকীয় দলটোক সমালোচনা কৰি ন্যায়াধীশগৰাকীয়ে কয় যে পশ্চিম বংগ দুৰ্নীতিয়ে আৱৰি আছে। আদালতৰ পৰা সাধাৰণ মানুহৰ কাষ চাপিব পৰা নাই। ন্যায়াধীশজনৰ ভাষাত, "ৰাজ্যখন ভয়াৱহ সংকটত পৰিছে। ভয়াবহ অধ্যায়টো আগবাঢ়িছে। মৌৰ্য সাম্ৰাজ্যৰ কথা শুনিছিলোঁ। এতিয়া চোৰ সাম্ৰাজ্য চলি আছে। এজন বঙালী হিচাপে মই এই কথা মানি ল’ব নোৱাৰোঁ। যিসকলে শাসক হিচাপে আত্মপ্ৰকাশ কৰিছিল,তেওঁলোকে যেন ৰাজ্যৰ লাভৱান হ’ব পৰা নাই।"

কিয় পদত্যাগ কৰাৰ সিদ্ধান্ত ল’লে ন্যায়াধীশ গংগোপাধ্যায়ে  কয়- বৰ্তমানৰ শাসকীয় দলৰ বহুতেই মোক প্ৰত্যাহ্বান জনাইছিল। প্ৰত্যাহ্বানৰ জৰিয়তে তেওঁলোকে মোক কৰা ফোনটোৱে মোক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰালে। ইয়াৰ বাবে শাসকীয় দলটোক অভিনন্দন জনাব বিচাৰিছো।”

শেহতীয়াকৈ ন্যায়াধীশ গংগোপাধ্যায়ে কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিচাৰ দিছিল। ইয়াৰে অধিকাংশই শাসকীয় দলৰ বিৰুদ্ধে গৈছিল। কুনাল ঘোষকে ধৰি কেইবাগৰাকীও তৃণমূলৰ নেতাই ন্যায়াধীশ গংগেপাধ্যায়ক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি যুঁজিবলৈ আহ্বান জনায়। দেওবাৰে ন্যায়াধীশে আকৌ এবাৰ সেই আহ্বানৰ কথা সোঁৱৰাই দিলে। যদিও ন্যায়াধীশগৰাকীয়ে একো কোৱা নাই, তথাপিও বিজেপিৰ একাংশ সূত্ৰই দাবী কৰিছে যে পদত্যাগৰ কিছুদিনৰ ভিতৰতে অভিজিৎ গংগোপাধ্যায় তেওঁলোকৰ দলত যোগদান কৰিবলৈ ওলাইছে। তেনে ক্ষেত্ৰত তেওঁক লোকসভা নিৰ্বাচনৰ বাবেও দলে মনোনীত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু