--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা মঙলবাৰে পদত্যাগ কৰিব কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে। ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ যাবলৈ ওলাইছে।দেওবাৰে এ বি পি আনন্দক দিয়া এক সাক্ষাৎকাৰত ন্যায়াধীশগৰাকীয়ে কয় যে কলিকতা উচ্চ ন্যায়ালয়ত তেওঁৰ শেষ দিন সোমবাৰ। ন্যায়াধীশজনৰ হাতত থকা গোচৰসমূহ সোমবাৰে মুকলি কৰিব। ইয়াৰ পাছত মঙলবাৰে ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব।

ৰাজ্যখনৰ শাসকীয় দলটোক সমালোচনা কৰি ন্যায়াধীশগৰাকীয়ে কয় যে পশ্চিম বংগ দুৰ্নীতিয়ে আৱৰি আছে। আদালতৰ পৰা সাধাৰণ মানুহৰ কাষ চাপিব পৰা নাই। ন্যায়াধীশজনৰ ভাষাত, "ৰাজ্যখন ভয়াৱহ সংকটত পৰিছে। ভয়াবহ অধ্যায়টো আগবাঢ়িছে। মৌৰ্য সাম্ৰাজ্যৰ কথা শুনিছিলোঁ। এতিয়া চোৰ সাম্ৰাজ্য চলি আছে। এজন বঙালী হিচাপে মই এই কথা মানি ল’ব নোৱাৰোঁ। যিসকলে শাসক হিচাপে আত্মপ্ৰকাশ কৰিছিল,তেওঁলোকে যেন ৰাজ্যৰ লাভৱান হ’ব পৰা নাই।"

কিয় পদত্যাগ কৰাৰ সিদ্ধান্ত ল’লে ন্যায়াধীশ গংগোপাধ্যায়ে  কয়- বৰ্তমানৰ শাসকীয় দলৰ বহুতেই মোক প্ৰত্যাহ্বান জনাইছিল। প্ৰত্যাহ্বানৰ জৰিয়তে তেওঁলোকে মোক কৰা ফোনটোৱে মোক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰালে। ইয়াৰ বাবে শাসকীয় দলটোক অভিনন্দন জনাব বিচাৰিছো।”

শেহতীয়াকৈ ন্যায়াধীশ গংগোপাধ্যায়ে কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিচাৰ দিছিল। ইয়াৰে অধিকাংশই শাসকীয় দলৰ বিৰুদ্ধে গৈছিল। কুনাল ঘোষকে ধৰি কেইবাগৰাকীও তৃণমূলৰ নেতাই ন্যায়াধীশ গংগেপাধ্যায়ক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি যুঁজিবলৈ আহ্বান জনায়। দেওবাৰে ন্যায়াধীশে আকৌ এবাৰ সেই আহ্বানৰ কথা সোঁৱৰাই দিলে। যদিও ন্যায়াধীশগৰাকীয়ে একো কোৱা নাই, তথাপিও বিজেপিৰ একাংশ সূত্ৰই দাবী কৰিছে যে পদত্যাগৰ কিছুদিনৰ ভিতৰতে অভিজিৎ গংগোপাধ্যায় তেওঁলোকৰ দলত যোগদান কৰিবলৈ ওলাইছে। তেনে ক্ষেত্ৰত তেওঁক লোকসভা নিৰ্বাচনৰ বাবেও দলে মনোনীত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী