--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ডাৰ্লিং' । এই শব্দটো বহুতেই বিশেষ একো নভবাকৈয়ে ব্যৱহাৰ কৰে। বিশেষকৈ বহুতেই মহিলা যুৱতীক উদ্দেশ্যি 'ডাৰ্লিং' শব্দ ব্যৱহাৰ কৰে। কিন্তু এই 'ডাৰ্লিং' শব্দই লগাব পাৰে পয়মাল।  কলিকতা উচ্চ ন্যায়ালয়ে কৈছে যে এগৰাকী অচিনাকী মহিলা অথবা যুৱতীক "ডাৰ্লিং" বুলি কোৱাটো অপমানজনক  আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৩৫৪ ক  (এগৰাকী মহিলাৰ শালীনতা ভংগ কৰা ) আৰু ৫০৯ ৰ অধীনত এক ফৌজদাৰী অপৰাধ ।

 কলিকতা উচ্চ ন্যায়ালয়ৰ পোৰ্ট ব্লেয়াৰ বিচাৰপীঠৰ একক ন্যায়াধীশ  জয় সেনগুপ্তাই জনক ৰাম নামৰ লোক এজনক  দোষী সাব্যস্ত কৰি কয় যে লোকজনে এগৰাকী মহিলা কনিষ্টবলক নিচাসক্ত  অৱস্থাত "ডাৰ্লিং" বুলি কৈছিল। ন্যায়াধীশ সেনগুপ্তাই কয়  যে ধাৰা ৩৫৪ক-ই যৌনগন্ধী  মন্তব্যৰ বাবে লোক এজনক  দণ্ডিত কৰে।ন্যায়াধীশগৰাীয়ে কয় " এগৰাকী অজ্ঞাত মহিলাক, তেওঁ  পুলিচ কনিষ্টবলে  হওঁক বা আন কোনোবাই হওঁক , এজন পুৰুষে  ৰাস্তাত, মাতাল বা স্বাভাৱিক অৱস্থাত  'ডাৰ্লিং'  বুলি সম্বোধন কৰাটো হৈছে এক অপৰাধ। 

 এনে শব্দৰ ব্যৱহাৰে  মূলতঃ যৌনগন্ধী  মন্তব্যকে সূচায়," ।  ন্যায়াধীশ সেনগুপ্তাই লগতে কয়  যে এতিয়ালৈকে ভাৰতীয় সমাজৰ মান  এনে হৈ পৰা নাই  যে এজন পুৰুষক " অপৰিচিত মহিলা"ৰ ক্ষেত্ৰত  'ডাৰ্লিং' শব্দৰ  দৰে মন্তব্যক  কৰিবলৈ "আনন্দেৰে অনুমতি" দিব পাৰি।  জনক ৰামে মহিলা কনিষ্টবলগৰাকীক (গোচৰটোৰ অভিযোগকাৰী) সুধিছিল" কি ডাৰ্লিং, চলান কৰ্ণে আয়ী হে ক্যা? (হাই, ডাৰ্লিং, আপুনি জৰিমনা আৰোপ কৰিবলৈ আহিছে নেকি?)"।

 অভিযুক্তপক্ষৰ গোচৰ অনুসৰি, দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত আইন-শৃংখলা বজাই ৰাখিবলৈ মহিলা কনিষ্টবল আৰু অন্যান্য কৰ্মচাৰীক লৈ গঠিত  এটা আৰক্ষীৰ ৰাজপথত তহল দিছিল। তেতিয়াই লোকজনে মহিলা কনিষ্টবলগৰাকীক  "ডাৰ্লিং" বুলি কৈছিল। ইয়াৰ পিছতে মায়াবুণ্ডাৰ আৰক্ষী থানাই এই সন্দৰ্ভত আইপিচিৰ ধাৰা ৩৫৪ক (১) (১) আৰু ৫০৯ (এগৰাকী মহিলাৰ শালীনতাক অপমান কৰাৰ উদ্দেশ্যে কৰা শব্দ, ভঙ্গী বা কাৰ্য্য)ৰ অধীনত এখন এজাহাৰ দাখিল কৰিছিল। 

যোৱা বছৰ, উত্তৰ আৰু মধ্য আন্দামানৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে জনক ৰামক আইপিচিৰ ধাৰা ৩৫৪ ক(১)(আইভি) আৰু ৫০৯ ৰ অধীনত  দোষী সাব্যস্ত কৰিছিল আৰু তেওঁক তিনি মাহৰ কাৰাদণ্ড বিহিছিল। আদালতৰ এনে ৰায়ৰ  বিৰুদ্ধে জনক ৰামে কলিকতা উচ্চ ন্যায়ালয়ত  আবেদন কৰিছিল। কিন্তু আদালতেও তেওঁৰ আবেদন  নাকচ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু