--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ সময়ত মোবাইলত ব্যস্ত আছিল ছাত্ৰী। তাকে দেখি পিতৃয়ে খং কৰে আৰু পঢ়াত মন দিবলৈ কয়। পিতৃয়ে গালি পৰাত ক্ষুণ্ণ হৈ ছাত্ৰীগৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰে। ছাত্ৰীগৰাকী বিএ প্ৰথম ষান্মাসিকত অধ্যয়নৰত আছিল। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জব্বলপুৰত। 

ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে। ছাত্ৰীগৰাকীৰ এই ভয়ংকৰ পদক্ষেপত পৰিয়ালৰ লোকসকল অতিশয় দুখী হৈ পৰিছে। সাধাৰণ কথা এটাতে কন্যাই নিজৰ জীৱন ত্যাগ কৰাক কথাক লৈ শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

ছাত্ৰীগৰাকীৰ নাম সঞ্জনা ৰজক। সঞ্জনাৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা চলি আছিল। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পিতৃ শিৱ কুমাৰ ৰজকে কন্যাক মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে। পিতৃয়ে বহুত বুজোৱাৰ পাছতো কন্যা সঞ্জনাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোবাইলতে ব্যস্ত হৈ থাকিল। 

ঘটনাটো ঘটাৰ দিনা সন্ধিয়া পিতৃ ঘৰলৈ উভতি আহি দেখিলে যে সঞ্জনা আকৌ মোবাইলত ব্যস্ত হৈ পৰিছে। একে সময়তে মাতৃয়েও আহি ক’লে যে সঞ্জনা গোটেই দিনটো মোবাইলত ব্যস্ত হৈ আছে। এই বিষয় সন্দৰ্ভত যেতিয়া পিতৃয়ে কন্যাক পুনৰ খং কৰিলে তেতিয়া পিতৃ-মাতৃৰ কথাত কন্যা ভীষণ অসন্তুষ্ট হৈ পৰিল। 

ভাত খাই পৰিয়ালৰ সকলো সদস্য শুই পৰিল। পাছদিনা ৰাতিপুৱা সঞ্জনাৰ বমি হ’বলৈ ধৰাত পৰিয়ালটোৱে ভয় খাই তেওঁক জব্বলপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৰালৰিকৈ লৈ যায়। আৰক্ষীক দিয়া বক্তব্যত সঞ্জনাই কয় যে তেওঁ নিগনি মৰা বিহ সেৱন কৰিছিল। 

প্ৰায় ১২ ঘণ্টা ধৰি চলি থকা চিকিৎসাৰ অন্তত মৃত্যু হয় সঞ্জনাৰ। আৰক্ষীয়ে তথ্য লাভ কৰি মৰণোত্তৰ পৰীক্ষা কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে পৰিয়ালৰ লোকে দিয়া বক্তব্য আৰু অন্যান্য কাৰণতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু