--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ সময়ত মোবাইলত ব্যস্ত আছিল ছাত্ৰী। তাকে দেখি পিতৃয়ে খং কৰে আৰু পঢ়াত মন দিবলৈ কয়। পিতৃয়ে গালি পৰাত ক্ষুণ্ণ হৈ ছাত্ৰীগৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰে। ছাত্ৰীগৰাকী বিএ প্ৰথম ষান্মাসিকত অধ্যয়নৰত আছিল। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জব্বলপুৰত। 

ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে। ছাত্ৰীগৰাকীৰ এই ভয়ংকৰ পদক্ষেপত পৰিয়ালৰ লোকসকল অতিশয় দুখী হৈ পৰিছে। সাধাৰণ কথা এটাতে কন্যাই নিজৰ জীৱন ত্যাগ কৰাক কথাক লৈ শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

ছাত্ৰীগৰাকীৰ নাম সঞ্জনা ৰজক। সঞ্জনাৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা চলি আছিল। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পিতৃ শিৱ কুমাৰ ৰজকে কন্যাক মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে। পিতৃয়ে বহুত বুজোৱাৰ পাছতো কন্যা সঞ্জনাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোবাইলতে ব্যস্ত হৈ থাকিল। 

ঘটনাটো ঘটাৰ দিনা সন্ধিয়া পিতৃ ঘৰলৈ উভতি আহি দেখিলে যে সঞ্জনা আকৌ মোবাইলত ব্যস্ত হৈ পৰিছে। একে সময়তে মাতৃয়েও আহি ক’লে যে সঞ্জনা গোটেই দিনটো মোবাইলত ব্যস্ত হৈ আছে। এই বিষয় সন্দৰ্ভত যেতিয়া পিতৃয়ে কন্যাক পুনৰ খং কৰিলে তেতিয়া পিতৃ-মাতৃৰ কথাত কন্যা ভীষণ অসন্তুষ্ট হৈ পৰিল। 

ভাত খাই পৰিয়ালৰ সকলো সদস্য শুই পৰিল। পাছদিনা ৰাতিপুৱা সঞ্জনাৰ বমি হ’বলৈ ধৰাত পৰিয়ালটোৱে ভয় খাই তেওঁক জব্বলপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৰালৰিকৈ লৈ যায়। আৰক্ষীক দিয়া বক্তব্যত সঞ্জনাই কয় যে তেওঁ নিগনি মৰা বিহ সেৱন কৰিছিল। 

প্ৰায় ১২ ঘণ্টা ধৰি চলি থকা চিকিৎসাৰ অন্তত মৃত্যু হয় সঞ্জনাৰ। আৰক্ষীয়ে তথ্য লাভ কৰি মৰণোত্তৰ পৰীক্ষা কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে পৰিয়ালৰ লোকে দিয়া বক্তব্য আৰু অন্যান্য কাৰণতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী