--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ হিজাব প্ৰসংগই মূৰ দাঙি উঠিছে কৰ্ণাটকত৷ বিগত বৰ্ষত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাকলৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ বিষয়টোৱে আনকি আদালতৰ মজিয়াও গৰকিছিল৷ কৰ্ণাটকৰ হিজাব বিতৰ্ক কেৱল ৰাজ্য খনতে সীমাবদ্ধ নাথাকি ৰাজ্যৰ বাহিৰলৈও বিয়পি পৰিছিল৷ কিছুদিন  বিষয়টোৱে তাপ মাৰি থকাৰ পিছত পুনৰ হিজাব প্ৰসংগই উক দিছে৷ ৯ মাৰ্চৰ পৰা কৰ্ণাটকত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষা আৰম্ভ হ'ব। 

এনে পৰিস্থিতিত, মুছলমান শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষাৰ সময়ত শিক্ষানুষ্ঠানত হিজাব পিন্ধাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁলোকক আশ্বাস দিছেযে বিষয়টোৰ সোনকালে শানানি গ্ৰহণ কৰিবলৈ এখন বিচাৰপীঠ গঠন কৰা হ'ব।

আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদান ফাৰাষ্টে শীৰ্ষ আদালতখনক  কয়  যে যদি বিষয়টোৰ ৯ মাৰ্চৰ আগতে শুনানি গ্ৰহণ কৰা  নহয় আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহয়, তেন্তে বহু শিক্ষাৰ্থীয়ে মূল্যৱান  এবছৰ হেৰুৱাব। অধিবক্তাৰ এনে মন্তব্যৰ পিছতে "কোনে তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিছে?" বুলি মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত শাদানে কয়, "শিক্ষাৰ্থীসকলক হিজাব পিন্ধি পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ বিপৰীতে  শিক্ষাৰ্থীসকলে হিজাব অবিহনে পৰীক্ষাত বহিব নিবিচাৰে। আমি তেওঁলোকৰ বাবে সাময়িক  সকাহ বিচাৰিছো। "

যোৱা বছৰৰ ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰৰ বিষয়ত  এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। আদালতে স্পষ্ট কৰি দিছিল যে ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। আদালতে শিক্ষানুষ্ঠানসমূহত হিজাবৰ বিষয়ত  নিষেধাজ্ঞাৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰিছিল। তেতিয়াৰে পৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠেও গোচৰটোত 'ভিন্ন মন্তব্য ' দিছিল।  এগৰাকী  ন্যায়াধীশে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় বজাই ৰাখিছিল, আনগৰাকীয়ে  মোকৰ্দমাকাৰীসকলৰ আবেদনৰ সপক্ষে ৰায় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু