--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ হিজাব প্ৰসংগই মূৰ দাঙি উঠিছে কৰ্ণাটকত৷ বিগত বৰ্ষত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাকলৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ বিষয়টোৱে আনকি আদালতৰ মজিয়াও গৰকিছিল৷ কৰ্ণাটকৰ হিজাব বিতৰ্ক কেৱল ৰাজ্য খনতে সীমাবদ্ধ নাথাকি ৰাজ্যৰ বাহিৰলৈও বিয়পি পৰিছিল৷ কিছুদিন  বিষয়টোৱে তাপ মাৰি থকাৰ পিছত পুনৰ হিজাব প্ৰসংগই উক দিছে৷ ৯ মাৰ্চৰ পৰা কৰ্ণাটকত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষা আৰম্ভ হ'ব। 

এনে পৰিস্থিতিত, মুছলমান শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষাৰ সময়ত শিক্ষানুষ্ঠানত হিজাব পিন্ধাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁলোকক আশ্বাস দিছেযে বিষয়টোৰ সোনকালে শানানি গ্ৰহণ কৰিবলৈ এখন বিচাৰপীঠ গঠন কৰা হ'ব।

আবেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা শাদান ফাৰাষ্টে শীৰ্ষ আদালতখনক  কয়  যে যদি বিষয়টোৰ ৯ মাৰ্চৰ আগতে শুনানি গ্ৰহণ কৰা  নহয় আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহয়, তেন্তে বহু শিক্ষাৰ্থীয়ে মূল্যৱান  এবছৰ হেৰুৱাব। অধিবক্তাৰ এনে মন্তব্যৰ পিছতে "কোনে তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিছে?" বুলি মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত শাদানে কয়, "শিক্ষাৰ্থীসকলক হিজাব পিন্ধি পৰীক্ষাত বহিবলৈ দিয়া হোৱা নাছিল। ইয়াৰ বিপৰীতে  শিক্ষাৰ্থীসকলে হিজাব অবিহনে পৰীক্ষাত বহিব নিবিচাৰে। আমি তেওঁলোকৰ বাবে সাময়িক  সকাহ বিচাৰিছো। "

যোৱা বছৰৰ ১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ অধিকাৰৰ বিষয়ত  এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। আদালতে স্পষ্ট কৰি দিছিল যে ইছলাম ধৰ্মত হিজাব অপৰিহাৰ্য নহয়। আদালতে শিক্ষানুষ্ঠানসমূহত হিজাবৰ বিষয়ত  নিষেধাজ্ঞাৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন খাৰিজ কৰিছিল। তেতিয়াৰে পৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠেও গোচৰটোত 'ভিন্ন মন্তব্য ' দিছিল।  এগৰাকী  ন্যায়াধীশে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায় বজাই ৰাখিছিল, আনগৰাকীয়ে  মোকৰ্দমাকাৰীসকলৰ আবেদনৰ সপক্ষে ৰায় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক