--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ’কা’বিৰোধী প্ৰতিবাদ আৰু সন্দেহযুক্ত মাওবাদী সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত শিৱসাগৰৰ নিৰ্দলীয়  বিধায়ক অখিল গগৈক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে  এই বিষয়ত  ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৰ (এনআইএ) পৰা সঁহাৰি বিচাৰিছে।    নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা বিধায়কগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৯ ফেব্ৰুৱাৰীৰ আদেশৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন জনাইছিল ৷  

উচ্চতম ন্যায়ালয়ে কয়  "২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে  দিয়া আদেশ অনুসৰি গ্ৰেপ্তাৰৰ পৰা আৱেদনকাৰীক সুৰক্ষা প্ৰদানৰ বিষয়ে বিবেচনা কৰাৰ সীমিত উদ্দেশ্যৰ বাবে ৰাজ্যৰ (এনআইএ) স্থায়ী পৰামৰ্শদাতালৈ জাননী প্ৰদান কৰা হওঁক।"  ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়াম আৰু পংকজ মিথালৰ বিচাৰপীঠে বিধায়কগৰাকীৰ হৈ  আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীৰ যুক্তি শুনি এনে নিৰ্দেশ দিয়ে।     ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে এনআইএক ’কা’  বিৰোধী প্ৰতিবাদ আৰু সন্দেহজনক মাওবাদীৰে সম্পৰ্ক সন্দৰ্ভত বিশেষ আদালতত গগৈ আৰু তেওঁৰ তিনিজন সহযোগীৰ বিৰুদ্ধে অভিযোগ দাখিল  কৰিবলৈ অনুমতি দিছিল। 

ইপিনে  এনআইএৰ এখন বিশেষ আদালতে চাৰিজনক ক্লিন চিট দিয়াৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল।     ন্যায়াধীশ সুমন শ্যাম আৰু মালাশ্ৰী নন্দীক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে সংস্থাটোক গোচৰটো পুনৰ খোলাৰ নিৰ্দেশ দিয়াৰ পিছত অভিযোগ প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি যাবলৈ কৈছিল।       বিধায়কজন এই আদেশৰ বিৰুদ্ধে শীৰ্ষ আদালতলৈ গৈছিল।     আন তিনিজন অভিযুক্ত আছিল ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰ, যিসকলে এন আই এ গোচৰত জামিন লাভ কৰিছিল আৰু কাৰাগাৰৰ পৰা মুকলি হ’ব পাৰিছিল।   

বিধায়ক অখিল গগৈ একমাত্ৰ ব্যক্তি আছিল যাৰ জামিন আদালতে নাকচ কৰিছিল ৷ বিশেষ এন আই এ আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে তেওঁক আন তিনিজনৰ সৈতে সকলো অভিযোগৰ পৰা মুক্ত কৰাৰ পিছত ৫৬৭ দিন কাৰাগাৰত কটোৱাৰ অন্তত গগৈয়ে  মুক্তি লাভ কৰিছিল।      বিধায়ক গগৈ  আৰু আন তিনিজনক ২৩ ফেব্ৰুৱাৰীত বিশেষ এন আই এ আদালতত হাজিৰ হ'বলৈ কোৱা হৈছিল। এন.আই.এ-এ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ’কা’ বিৰোধী দুটা গোচৰৰ তদন্ত কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু