--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ’কা’বিৰোধী প্ৰতিবাদ আৰু সন্দেহযুক্ত মাওবাদী সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত শিৱসাগৰৰ নিৰ্দলীয়  বিধায়ক অখিল গগৈক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে  এই বিষয়ত  ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৰ (এনআইএ) পৰা সঁহাৰি বিচাৰিছে।    নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা বিধায়কগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৯ ফেব্ৰুৱাৰীৰ আদেশৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন জনাইছিল ৷  

উচ্চতম ন্যায়ালয়ে কয়  "২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে  দিয়া আদেশ অনুসৰি গ্ৰেপ্তাৰৰ পৰা আৱেদনকাৰীক সুৰক্ষা প্ৰদানৰ বিষয়ে বিবেচনা কৰাৰ সীমিত উদ্দেশ্যৰ বাবে ৰাজ্যৰ (এনআইএ) স্থায়ী পৰামৰ্শদাতালৈ জাননী প্ৰদান কৰা হওঁক।"  ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়াম আৰু পংকজ মিথালৰ বিচাৰপীঠে বিধায়কগৰাকীৰ হৈ  আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হুজেফা আহমেদীৰ যুক্তি শুনি এনে নিৰ্দেশ দিয়ে।     ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে এনআইএক ’কা’  বিৰোধী প্ৰতিবাদ আৰু সন্দেহজনক মাওবাদীৰে সম্পৰ্ক সন্দৰ্ভত বিশেষ আদালতত গগৈ আৰু তেওঁৰ তিনিজন সহযোগীৰ বিৰুদ্ধে অভিযোগ দাখিল  কৰিবলৈ অনুমতি দিছিল। 

ইপিনে  এনআইএৰ এখন বিশেষ আদালতে চাৰিজনক ক্লিন চিট দিয়াৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল।     ন্যায়াধীশ সুমন শ্যাম আৰু মালাশ্ৰী নন্দীক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে সংস্থাটোক গোচৰটো পুনৰ খোলাৰ নিৰ্দেশ দিয়াৰ পিছত অভিযোগ প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি যাবলৈ কৈছিল।       বিধায়কজন এই আদেশৰ বিৰুদ্ধে শীৰ্ষ আদালতলৈ গৈছিল।     আন তিনিজন অভিযুক্ত আছিল ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰ, যিসকলে এন আই এ গোচৰত জামিন লাভ কৰিছিল আৰু কাৰাগাৰৰ পৰা মুকলি হ’ব পাৰিছিল।   

বিধায়ক অখিল গগৈ একমাত্ৰ ব্যক্তি আছিল যাৰ জামিন আদালতে নাকচ কৰিছিল ৷ বিশেষ এন আই এ আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে তেওঁক আন তিনিজনৰ সৈতে সকলো অভিযোগৰ পৰা মুক্ত কৰাৰ পিছত ৫৬৭ দিন কাৰাগাৰত কটোৱাৰ অন্তত গগৈয়ে  মুক্তি লাভ কৰিছিল।      বিধায়ক গগৈ  আৰু আন তিনিজনক ২৩ ফেব্ৰুৱাৰীত বিশেষ এন আই এ আদালতত হাজিৰ হ'বলৈ কোৱা হৈছিল। এন.আই.এ-এ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ’কা’ বিৰোধী দুটা গোচৰৰ তদন্ত কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক