--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মণি ৰত্নমৰ পৰিচালিত ‘দিল ছে’ প্ৰায় ডেৰ দশক পূৰ্বে মুক্তি লাভ কৰিছিল। এই ছবিখনতেই প্ৰীতি জিণ্টাৰে বলীউডত অভিষেক ঘটায়। শ্বাহৰুখ খান আৰু প্ৰীতিৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। উত্তৰ-পূব অঞ্চলৰ প্ৰেক্ষাপটত এজন উগ্ৰপন্থীৰ সৈতে সাংবাদিকৰ প্ৰেম কাহিনী ক’লে পৰিচালকগৰাকীয়ে। দুই দশকৰো অধিক আগৰ ছবি ‘দিল ছে’। আনকি এই ছবিখনৰ প্ৰতিটো দৃশ্যও বহুতে আজিও মনত ৰাখিছে। শেহতীয়াকৈ এই চিনেমাখনৰ শ্বুটিংৰ সময়ত প্ৰীতিয়ে এক অভিজ্ঞতা শ্বেয়াৰ কৰিছিল।

ইমান বছৰৰ পাছত হঠাৎ স্মৃতিত ডুব গ’ল অভিনেত্ৰীগৰাকী। 'দিল ছে'ৰ শ্বুটিঙৰ কিছু সোণালী মুহূৰ্ত উত্থাপন কৰিলে স্মৃতিয়ে। ছ’চিয়েল মিডিয়া পেজত নিজৰ এখন ছবি পোষ্ট কৰি প্ৰীতিয়ে লিখিছে, “দিল ছেৰ প্ৰথম দিনৰ শ্বুটিং ছবি। মই বৰ উত্তেজিত হৈ পৰিছিলোঁ। মোৰ প্ৰথম কাম আছিল মণিৰত্নম ছাৰ আৰু শ্বাহৰুখৰ সৈতে। ফলত মই ভিতৰি উত্তেজিত হৈ পৰিছিলোঁ।’’

মেকআপ কৰাৰ পিছত প্ৰীতিয়ে প্ৰথমে লগ পাইছিল মণি ৰত্নমক। প্ৰীতিক দেখা পাই পৰিচালকে ক'লে, "প্ৰীতি, মুখখন ভালদৰে পানীৰে ধুই লোৱা। "এই কথা শুনাৰ পিছত প্ৰীতি আচৰিত হ'ল। ভয় খাই ক'লে, "ছাৰ, তেতিয়া মেক-আপটো গুটি যাব। " কিন্তু পৰিচালকজনে নিজৰ কথাত অটল আছিল। প্ৰথমতে প্ৰীতিয়ে ভাবিছিল যে পৰিচালকে হয়তো তাইৰ লগত ধেমালি কৰিছে। কিন্তু অতি সোনকালেই বুজি পালে যে পৰিচালকে সঁচাকৈয়ে তেওঁক মুখ ধুবলৈ নিৰ্দেশ দিছে।

প্ৰীতিয়ে আজ্ঞাকাৰী ছাত্ৰৰ দৰে মুখখন ধুই পেলালে। ইয়াৰ পিছত শ্বুটিং আৰম্ভ হ’ল। পিছত যেতিয়া প্ৰীতিয়ে নিজকে কেমেৰাত দেখিছিল, তেতিয়া তাই নিজকে চিনিব পৰা নাছিল। মেকআপ ধুই পেলোৱাৰ পিছত তাইৰ ছালখন সতেজ আৰু জিলিকি থকা যেন লাগিল। প্ৰীতিয়ে বুজি পাইছিল যে মণিৰত্নমে কৃত্ৰিমতাত নহয়, মৌলিকতাক বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement