--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত নিৰাপত্তাৰ কৰ্তব্যত ভাৰতীয় কমাণ্ডো বাহিনীৰ কুকুৰ নিয়োগ কৰা হৈছে। অলিম্পিকৰ সময়ত সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ পেৰিছলৈ গৈছে ১০টাকৈ কুকুৰৰ দল। বেলজিয়ামৰ মেলিনয় কুকুৰো ইয়াৰ মাজতে আছে। এই জাতৰ কুকুৰে আমেৰিকাৰ সেনাই সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সহায় কৰিছিল।

ভাৰতত এই কমাণ্ডো কুকুৰবোৰ সাধাৰণতে বোমা আৰু আই ই ডি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হয়। এই কুকুৰবোৰ ভাৰতত নক্সাল বিৰোধী অভিযানতো ব্যৱহাৰ কৰা হয়। ঘ্ৰাণশক্তিৰ বাবে বিখ্যাত এই কুকুৰৰ সৈন্যই পেৰিছত উপস্থিত হৈছে। দলটোৰ দায়িত্বত থকা এজন বিষয়াই জনোৱা মতে, কুকুৰকেইটাক অলিম্পিকৰ বাবে পৃথকে পৃথকে প্ৰশিক্ষণ দিয়া হৈছিল। ফৰাচী ভাষা বুজিবলৈও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। এই কুকুৰৰ দলটোৰ দুজন বিশেষ সদস্য হ’ল ভাষ্ট আৰু ডেনবি।

আমেৰিকাৰ বাহিনীয়ে এই জাতৰ কুকুৰ ব্যৱহাৰ কৰে। ২০১১ চনত এই কুকুৰকেইটাৰ সহায়ত পাকিস্তানৰ এবটাবাদত বিন লাডেনৰ ঠিকনা বিচাৰি উলিওৱা হৈছিল। এই জাতৰ কুকুৰৰ বৈশিষ্ট্য হ’ল কোনো সন্দেহজনক দেখিলে ইহঁতে ভুকুৱাব নোৱাৰে। নিৰাপত্তাৰক্ষীসকলৰ ফালে মূৰ দুপিয়াই। ফলত সন্দেহজনক লোকক বিচাৰি উলিওৱাটো সহজ হৈ পৰে। ফ্ৰান্সৰ আৰক্ষীয়ে ভাৰতীয় সৈনিক আৰু কুকুৰৰ ব্যৱহাৰৰ বাবে অনুৰোধ জনায়। সেই অনুৰোধ মানি চলিবলৈ ভাৰতৰ পৰা এটা বিশেষ দল পঠিওৱা হৈছিল।

ভাৰতৰ অৰ্ধসামৰিক বাহিনীকো পেৰিছ অলিম্পিকত নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে। প্ৰতিযোগিতাৰ সময়ত বিভিন্ন ষ্টেডিয়ামত নিৰাপত্তাৰ দায়িত্ব ল’ব। ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ১০টা বিশেষ দল পেৰিছলৈ প্ৰেৰণ কৰা হৈছে। এই ১০টা দলত আছে চি আৰ পি এফ, সশস্ত্ৰ সীমান্ত বাহিনী, ভাৰত-তিব্বতী সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অসম ৰাইফলছৰ জোৱান। এই বিশেষ দলটো ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ যৌথ উদ্যোগত গঠন কৰা হৈছে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে।

জানিব পৰা মতে অলিম্পিকৰ সময়ত প্ৰতিদিনে ৩০ হাজাৰ আৰক্ষী নিৰাপত্তাৰ দায়িত্বত থাকিব। অৱশ্যে মুকলি সভাৰ দিনা তাত থাকিব ৪৫ হাজাৰ আৰক্ষী। ইয়াৰ উপৰিও ভাৰতৰ পৰা অহা জোৱান আৰু কুকুৰকো বিভিন্ন ষ্টেডিয়ামত নিয়োগ কৰা হ’ব। ফ্ৰান্সৰ আৰক্ষীক নিৰাপত্তাৰ কামত সহায় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ