--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত নিৰাপত্তাৰ কৰ্তব্যত ভাৰতীয় কমাণ্ডো বাহিনীৰ কুকুৰ নিয়োগ কৰা হৈছে। অলিম্পিকৰ সময়ত সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ পেৰিছলৈ গৈছে ১০টাকৈ কুকুৰৰ দল। বেলজিয়ামৰ মেলিনয় কুকুৰো ইয়াৰ মাজতে আছে। এই জাতৰ কুকুৰে আমেৰিকাৰ সেনাই সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনৰ ঠিকনা বিচাৰি উলিয়াবলৈ সহায় কৰিছিল।

ভাৰতত এই কমাণ্ডো কুকুৰবোৰ সাধাৰণতে বোমা আৰু আই ই ডি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হয়। এই কুকুৰবোৰ ভাৰতত নক্সাল বিৰোধী অভিযানতো ব্যৱহাৰ কৰা হয়। ঘ্ৰাণশক্তিৰ বাবে বিখ্যাত এই কুকুৰৰ সৈন্যই পেৰিছত উপস্থিত হৈছে। দলটোৰ দায়িত্বত থকা এজন বিষয়াই জনোৱা মতে, কুকুৰকেইটাক অলিম্পিকৰ বাবে পৃথকে পৃথকে প্ৰশিক্ষণ দিয়া হৈছিল। ফৰাচী ভাষা বুজিবলৈও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। এই কুকুৰৰ দলটোৰ দুজন বিশেষ সদস্য হ’ল ভাষ্ট আৰু ডেনবি।

আমেৰিকাৰ বাহিনীয়ে এই জাতৰ কুকুৰ ব্যৱহাৰ কৰে। ২০১১ চনত এই কুকুৰকেইটাৰ সহায়ত পাকিস্তানৰ এবটাবাদত বিন লাডেনৰ ঠিকনা বিচাৰি উলিওৱা হৈছিল। এই জাতৰ কুকুৰৰ বৈশিষ্ট্য হ’ল কোনো সন্দেহজনক দেখিলে ইহঁতে ভুকুৱাব নোৱাৰে। নিৰাপত্তাৰক্ষীসকলৰ ফালে মূৰ দুপিয়াই। ফলত সন্দেহজনক লোকক বিচাৰি উলিওৱাটো সহজ হৈ পৰে। ফ্ৰান্সৰ আৰক্ষীয়ে ভাৰতীয় সৈনিক আৰু কুকুৰৰ ব্যৱহাৰৰ বাবে অনুৰোধ জনায়। সেই অনুৰোধ মানি চলিবলৈ ভাৰতৰ পৰা এটা বিশেষ দল পঠিওৱা হৈছিল।

ভাৰতৰ অৰ্ধসামৰিক বাহিনীকো পেৰিছ অলিম্পিকত নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে। প্ৰতিযোগিতাৰ সময়ত বিভিন্ন ষ্টেডিয়ামত নিৰাপত্তাৰ দায়িত্ব ল’ব। ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ১০টা বিশেষ দল পেৰিছলৈ প্ৰেৰণ কৰা হৈছে। এই ১০টা দলত আছে চি আৰ পি এফ, সশস্ত্ৰ সীমান্ত বাহিনী, ভাৰত-তিব্বতী সীমান্ত আৰক্ষী, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অসম ৰাইফলছৰ জোৱান। এই বিশেষ দলটো ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ যৌথ উদ্যোগত গঠন কৰা হৈছে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে।

জানিব পৰা মতে অলিম্পিকৰ সময়ত প্ৰতিদিনে ৩০ হাজাৰ আৰক্ষী নিৰাপত্তাৰ দায়িত্বত থাকিব। অৱশ্যে মুকলি সভাৰ দিনা তাত থাকিব ৪৫ হাজাৰ আৰক্ষী। ইয়াৰ উপৰিও ভাৰতৰ পৰা অহা জোৱান আৰু কুকুৰকো বিভিন্ন ষ্টেডিয়ামত নিয়োগ কৰা হ’ব। ফ্ৰান্সৰ আৰক্ষীক নিৰাপত্তাৰ কামত সহায় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু