--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক ঘটনা। নিজ মাতৃয়ে হত্যা কৰিলে ১৯ বছৰীয়া কন্যাক। আৰক্ষীয়ে জনোৱা অনুসৰি ঘৰৰ কোঠাত প্ৰেমিকৰ সৈতে কন্যাক দেখি খঙত জ্বলি-পকি উঠে মহিলাগৰাকী। সেই খঙতে কন্যাৰ ডিঙি চেপি হত্যা কৰে মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ইব্ৰাহিমপটনমৰ।

অভিযুক্ত মাতৃৰ নাম জংগম্মা আৰু হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ নাম ভাৰ্গৱী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে বুধবাৰে দুপৰীয়া জংগম্মাই খাদ্যগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল। তেতিয়াই তেওঁ ভাৰ্গৱীক প্ৰেমিকৰ  সৈতে ঘৰৰ কোঠাত প্ৰত্যক্ষ কৰিছিল। এই কথাত তেওঁ ইমানেই ক্ষোভিত হৈ পৰে যে কন্যাক শাড়ীৰে ডিঙি চেপি হত্যা কৰে।

হত্যাৰ পূৰ্বে মহিলাগৰাকীয়ে ভাৰ্গৱীৰ প্ৰেমিকক ঘৰৰ বাহিৰলৈ পঠিয়াই দিছিল আৰু ভাৰ্গৱীৰ লগত মাৰপিট কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি ভাৰ্গৱীৰ ভাতৃয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে বাহিৰৰ পৰা মাতৃয়ে তেওঁৰ বায়েকক প্ৰহাৰ কৰা দেখা পাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইব্ৰাহিমপট্টনম আৰক্ষী বিষয়া সত্যনাৰায়ণে জনোৱা মতে, ভাৰ্গৱীৰ ভাতৃয়ে এই ঘটনা প্ৰত্যক্ষ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে মাতৃয়ে তেওঁৰ বায়েকক প্ৰহাৰ কৰা তেওঁ বাহিৰৰ পৰা খিৰিড়ীৰে দেখা পাইছিল। আৰক্ষীয়ে জনোৱা মতে, মাতৃয়ে নিজৰ কন্যাক এজন বেলেগ যুৱকলৈ বিয়া দিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু