--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক ঘটনা। নিজ মাতৃয়ে হত্যা কৰিলে ১৯ বছৰীয়া কন্যাক। আৰক্ষীয়ে জনোৱা অনুসৰি ঘৰৰ কোঠাত প্ৰেমিকৰ সৈতে কন্যাক দেখি খঙত জ্বলি-পকি উঠে মহিলাগৰাকী। সেই খঙতে কন্যাৰ ডিঙি চেপি হত্যা কৰে মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ইব্ৰাহিমপটনমৰ।

অভিযুক্ত মাতৃৰ নাম জংগম্মা আৰু হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ নাম ভাৰ্গৱী বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে বুধবাৰে দুপৰীয়া জংগম্মাই খাদ্যগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল। তেতিয়াই তেওঁ ভাৰ্গৱীক প্ৰেমিকৰ  সৈতে ঘৰৰ কোঠাত প্ৰত্যক্ষ কৰিছিল। এই কথাত তেওঁ ইমানেই ক্ষোভিত হৈ পৰে যে কন্যাক শাড়ীৰে ডিঙি চেপি হত্যা কৰে।

হত্যাৰ পূৰ্বে মহিলাগৰাকীয়ে ভাৰ্গৱীৰ প্ৰেমিকক ঘৰৰ বাহিৰলৈ পঠিয়াই দিছিল আৰু ভাৰ্গৱীৰ লগত মাৰপিট কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি ভাৰ্গৱীৰ ভাতৃয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে বাহিৰৰ পৰা মাতৃয়ে তেওঁৰ বায়েকক প্ৰহাৰ কৰা দেখা পাইছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইব্ৰাহিমপট্টনম আৰক্ষী বিষয়া সত্যনাৰায়ণে জনোৱা মতে, ভাৰ্গৱীৰ ভাতৃয়ে এই ঘটনা প্ৰত্যক্ষ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে যে মাতৃয়ে তেওঁৰ বায়েকক প্ৰহাৰ কৰা তেওঁ বাহিৰৰ পৰা খিৰিড়ীৰে দেখা পাইছিল। আৰক্ষীয়ে জনোৱা মতে, মাতৃয়ে নিজৰ কন্যাক এজন বেলেগ যুৱকলৈ বিয়া দিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ