--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এক বিশেষ বাৰ্তালাপত ন্যায়িক সংস্কাৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে বিভিন্ন বিষয়ত মুকলিকৈ ব্যক্ত কৰে। ডি ৱাই চন্দ্ৰচুড়ে কৈছিল যে মই ভাবো আমি যি খাওঁ সেয়াই মগজুত প্ৰভাৱ পেলায়। মই ভাবো ফিটনেছ আহে ভিতৰৰ পৰা, নিজৰ ভিতৰৰ পৰা, মনৰ পৰা, হৃদয়ৰ পৰা। আপুনি যিমান বিচাৰে, যেনেকৈ বিচাৰে সিমান ফিট হ’ব।

ডি ৱাই চন্দ্ৰচুড়ে কয় “মই সম্পূৰ্ণ নিৰামিষাহাৰী। মই যোগাভ্যাস কৰোঁ। যোৱা ২৫ বছৰ ধৰি সোমবাৰে মই ব্ৰত ৰাখিছো। মহাৰাষ্ট্ৰত ৰাম দনা নিশ্চিতভাৱে খোৱা হয়। আমি মাৰাঠীত লয়া বুলি কওঁ। এইটো অতি লঘু খাদ্য যদিও ই আটাইতকৈ স্বাস্থ্যকৰ।”

কথা-বতৰাৰ সময়ত চিজিআই ডি ৱাই চন্দ্ৰচুড়ে কয় যে তেওঁ কেনেকৈ যোগাসন আৰু আয়ুৰ্বেদিক খাদ্যৰ জৰিয়তে ২৫ বছৰ ধৰি নিজকে ফিট কৰি ৰাখিছে। তেওঁ কয়, ‘মোৰ দিনটো ৰাতিপুৱা ৩.৩০ বজাৰ পৰা আৰম্ভ হয়। সেই সময়ত পৰিৱেশ শান্ত হৈ থাকে, সেই সময়ত মই বহুত কথা চিন্তা কৰিব পাৰো। ২৫ বছৰ ধৰি যোগাসন কৰি আহিছো। মোৰ পত্নী, যি মোৰ বেষ্ট ফ্ৰেণ্ড, তেওঁ আৰু মই দুয়োজনেই ভেগান। আমি আয়ুৰ্বেদিক খাদ্য গ্ৰহণ কৰো, আমাৰ জীৱনশৈলী উদ্ভিদ ভিত্তিক।”

জীৱনৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়, ‘আনসকলৰ দৰে মোৰো জীৱনটো উত্থান-পতনেৰে ভৰি পৰিছে। জীৱনৰ প্ৰতিটো দিশ মই দেখিছোঁ। মানুহে সদায় আশাক জীয়াই ৰাখিব লাগে। সমস্যা যিয়েই নহওক, তাক অতিক্ৰম কৰিব লাগিব। প্ৰতিটো অসুবিধাৰ আঁৰত এটা কাৰণ থাকে, বুজি পোৱাটো গুৰুত্বপূৰ্ণ। লগালগ আপুনি গম নাপাব কিন্তু কিছুদিনৰ পাছত গম পাব।”

তেওঁ লগতে কয়, ‘উচ্চতম ন্যায়ালয়ত আমি সকলো বিষয় অতি গুৰুত্বসহকাৰে লওঁ। কাৰোবাৰ বাবে সেইবোৰ সৰু সৰু বিষয় হ’ব পাৰে, কিন্তু আমাৰ বাবে প্ৰতিটো গোচৰেই আমাৰ বাবে বিশেষ। প্ৰযুক্তিৰ যুগত আমি সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰোঁ। কোনো লোক যাতে পিছ পৰি নাথাকে তাৰ বাবে আমি ‘১৮০০০ ই-সেৱা কেন্দ্ৰ’ সৃষ্টি কৰিছো। যিহেতু ই-ক’ৰ্ট প্ৰকল্পৰ উদ্দেশ্য হৈছে সকলো ই-সুবিধা একে ঠাইতে প্ৰদান কৰা।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ