--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এক বিশেষ বাৰ্তালাপত ন্যায়িক সংস্কাৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে বিভিন্ন বিষয়ত মুকলিকৈ ব্যক্ত কৰে। ডি ৱাই চন্দ্ৰচুড়ে কৈছিল যে মই ভাবো আমি যি খাওঁ সেয়াই মগজুত প্ৰভাৱ পেলায়। মই ভাবো ফিটনেছ আহে ভিতৰৰ পৰা, নিজৰ ভিতৰৰ পৰা, মনৰ পৰা, হৃদয়ৰ পৰা। আপুনি যিমান বিচাৰে, যেনেকৈ বিচাৰে সিমান ফিট হ’ব।

ডি ৱাই চন্দ্ৰচুড়ে কয় “মই সম্পূৰ্ণ নিৰামিষাহাৰী। মই যোগাভ্যাস কৰোঁ। যোৱা ২৫ বছৰ ধৰি সোমবাৰে মই ব্ৰত ৰাখিছো। মহাৰাষ্ট্ৰত ৰাম দনা নিশ্চিতভাৱে খোৱা হয়। আমি মাৰাঠীত লয়া বুলি কওঁ। এইটো অতি লঘু খাদ্য যদিও ই আটাইতকৈ স্বাস্থ্যকৰ।”

কথা-বতৰাৰ সময়ত চিজিআই ডি ৱাই চন্দ্ৰচুড়ে কয় যে তেওঁ কেনেকৈ যোগাসন আৰু আয়ুৰ্বেদিক খাদ্যৰ জৰিয়তে ২৫ বছৰ ধৰি নিজকে ফিট কৰি ৰাখিছে। তেওঁ কয়, ‘মোৰ দিনটো ৰাতিপুৱা ৩.৩০ বজাৰ পৰা আৰম্ভ হয়। সেই সময়ত পৰিৱেশ শান্ত হৈ থাকে, সেই সময়ত মই বহুত কথা চিন্তা কৰিব পাৰো। ২৫ বছৰ ধৰি যোগাসন কৰি আহিছো। মোৰ পত্নী, যি মোৰ বেষ্ট ফ্ৰেণ্ড, তেওঁ আৰু মই দুয়োজনেই ভেগান। আমি আয়ুৰ্বেদিক খাদ্য গ্ৰহণ কৰো, আমাৰ জীৱনশৈলী উদ্ভিদ ভিত্তিক।”

জীৱনৰ অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়, ‘আনসকলৰ দৰে মোৰো জীৱনটো উত্থান-পতনেৰে ভৰি পৰিছে। জীৱনৰ প্ৰতিটো দিশ মই দেখিছোঁ। মানুহে সদায় আশাক জীয়াই ৰাখিব লাগে। সমস্যা যিয়েই নহওক, তাক অতিক্ৰম কৰিব লাগিব। প্ৰতিটো অসুবিধাৰ আঁৰত এটা কাৰণ থাকে, বুজি পোৱাটো গুৰুত্বপূৰ্ণ। লগালগ আপুনি গম নাপাব কিন্তু কিছুদিনৰ পাছত গম পাব।”

তেওঁ লগতে কয়, ‘উচ্চতম ন্যায়ালয়ত আমি সকলো বিষয় অতি গুৰুত্বসহকাৰে লওঁ। কাৰোবাৰ বাবে সেইবোৰ সৰু সৰু বিষয় হ’ব পাৰে, কিন্তু আমাৰ বাবে প্ৰতিটো গোচৰেই আমাৰ বাবে বিশেষ। প্ৰযুক্তিৰ যুগত আমি সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰোঁ। কোনো লোক যাতে পিছ পৰি নাথাকে তাৰ বাবে আমি ‘১৮০০০ ই-সেৱা কেন্দ্ৰ’ সৃষ্টি কৰিছো। যিহেতু ই-ক’ৰ্ট প্ৰকল্পৰ উদ্দেশ্য হৈছে সকলো ই-সুবিধা একে ঠাইতে প্ৰদান কৰা।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু