--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ কৰাচী আদালতৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড পোহৰলৈ আহিছে। শেহতীয়া খবৰ অনুসৰি সোমবাৰে কৰাচীৰ আদালতত এগৰাকী নৱবিবাহিত মহিলাক পিতৃয়ে গুলীয়াই হত্যা কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে। কৰাচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বব্বিৰ ছেথাৰে জনোৱা মতে, সোমবাৰে কৰাচীৰ পিৰাবাদৰ বাসিন্দা মহিলাগৰাকীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ কৰাচী চহৰৰ আদালতলৈ আহিছিল। য’ত তেওঁৰ বিবাহ সম্পৰ্কীয় চলি থকা গোচৰটোত শুনানি অনুষ্ঠিত হ’ব লাগিছিল। শুনানিৰ সময়ত মহিলাগৰাকীয়ে নিশ্চিত কৰে যে তেওঁ নিজৰ ইচ্ছামতে বিয়া কৰাইছে।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে মহিলাগৰাকী জনজাতীয় অঞ্চল ৱাজিৰিষ্টানৰ বাসিন্দা আছিল। শেহতীয়াকৈ তেওঁ চুবুৰীৰ এজন ডাক্তৰক বিয়া কৰাইছিল। এই কথাত দেউতাকৰ খং উঠিল। তেতিয়া সোমবাৰে পুৱা মহিলাগৰাকীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আদালতলৈ গৈছিল তেতিয়া  পিতৃয়ে গুলীচালনা কৰিছিল বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বব্বিৰ ছেথাৰে জানিবলৈ দিয়ে।গুলিৰ আঘাতৰ বাবে থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ । এই ঘটনাত এজন আৰক্ষীও আহত হৈছে। যদিও এতিয়া তেওঁ বিপদৰ বাহিৰত। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এই অস্ত্ৰও জব্দ কৰা হৈছে। বৰ্তমান  অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক