--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ কৰাচী আদালতৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড পোহৰলৈ আহিছে। শেহতীয়া খবৰ অনুসৰি সোমবাৰে কৰাচীৰ আদালতত এগৰাকী নৱবিবাহিত মহিলাক পিতৃয়ে গুলীয়াই হত্যা কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে। কৰাচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বব্বিৰ ছেথাৰে জনোৱা মতে, সোমবাৰে কৰাচীৰ পিৰাবাদৰ বাসিন্দা মহিলাগৰাকীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ কৰাচী চহৰৰ আদালতলৈ আহিছিল। য’ত তেওঁৰ বিবাহ সম্পৰ্কীয় চলি থকা গোচৰটোত শুনানি অনুষ্ঠিত হ’ব লাগিছিল। শুনানিৰ সময়ত মহিলাগৰাকীয়ে নিশ্চিত কৰে যে তেওঁ নিজৰ ইচ্ছামতে বিয়া কৰাইছে।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে মহিলাগৰাকী জনজাতীয় অঞ্চল ৱাজিৰিষ্টানৰ বাসিন্দা আছিল। শেহতীয়াকৈ তেওঁ চুবুৰীৰ এজন ডাক্তৰক বিয়া কৰাইছিল। এই কথাত দেউতাকৰ খং উঠিল। তেতিয়া সোমবাৰে পুৱা মহিলাগৰাকীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ আদালতলৈ গৈছিল তেতিয়া  পিতৃয়ে গুলীচালনা কৰিছিল বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বব্বিৰ ছেথাৰে জানিবলৈ দিয়ে।গুলিৰ আঘাতৰ বাবে থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ । এই ঘটনাত এজন আৰক্ষীও আহত হৈছে। যদিও এতিয়া তেওঁ বিপদৰ বাহিৰত। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এই অস্ত্ৰও জব্দ কৰা হৈছে। বৰ্তমান  অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ