--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এয়া প্ৰেমেই নে? প্ৰেমৰ জানো থাকে এনে জিঘাংসু ৰূপ! প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ভালপোৱাক ভুলুণ্ঠিত কৰি হত্যা কৰিব পৰাজন প্ৰেমিক হ’ব পাৰেনে? তেনে এক ভয়ংকৰ ঘটনাই সংঘটিত হৈছে এইখন ভাৰতত৷ 

উত্তৰ প্ৰদেশৰ ভদোহীৰ সুৰভায়া অঞ্চলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা কৰা হৈছে৷

এজন ব্যক্তিয়ে প্ৰত্যাখ্যিত প্ৰেমৰ বাবেই গুলীয়াই হত্যা কৰিছে ১৫ বছৰীয়া এগৰাকী কিশোৰীক৷

অনুৰাধা বিন্দেই তেওঁৰ সম্পৰ্কীয় ভগ্নী নিশাৰ সৈতে এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি আছিল৷ তেতিয়াই অভিযুক্ত অৰবিন্দ বিশ্বকৰ্মাই (২২) তেওঁৰ মূৰত গুলীয়াইছিল। তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

প্ৰাৰম্ভিক অনুসন্ধানে প্ৰকাশ কৰিছে যে অভিযুক্তজন ছোৱালীজনীৰ প্ৰেমত পৰিছিল কিন্তু কিশোৰীগৰাকীয়ে সঁহাৰি জনোৱা নাছিল৷

যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বিৰক্ত হৈ তেওঁ কিশোৰীগৰাকীক গুলীয়াইছিল বুলি আৰক্ষী অধীক্ষক অনিল কুমাৰে মন্তব্য কৰে৷ সম্প্ৰতি অভিযুক্তজনক বিচাৰি উলিওৱাৰ চেষ্টা চলি আছে বুলি আৰক্ষীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ