--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এয়া প্ৰেমেই নে? প্ৰেমৰ জানো থাকে এনে জিঘাংসু ৰূপ! প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ভালপোৱাক ভুলুণ্ঠিত কৰি হত্যা কৰিব পৰাজন প্ৰেমিক হ’ব পাৰেনে? তেনে এক ভয়ংকৰ ঘটনাই সংঘটিত হৈছে এইখন ভাৰতত৷ 

উত্তৰ প্ৰদেশৰ ভদোহীৰ সুৰভায়া অঞ্চলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা কৰা হৈছে৷

এজন ব্যক্তিয়ে প্ৰত্যাখ্যিত প্ৰেমৰ বাবেই গুলীয়াই হত্যা কৰিছে ১৫ বছৰীয়া এগৰাকী কিশোৰীক৷

অনুৰাধা বিন্দেই তেওঁৰ সম্পৰ্কীয় ভগ্নী নিশাৰ সৈতে এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি আছিল৷ তেতিয়াই অভিযুক্ত অৰবিন্দ বিশ্বকৰ্মাই (২২) তেওঁৰ মূৰত গুলীয়াইছিল। তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

প্ৰাৰম্ভিক অনুসন্ধানে প্ৰকাশ কৰিছে যে অভিযুক্তজন ছোৱালীজনীৰ প্ৰেমত পৰিছিল কিন্তু কিশোৰীগৰাকীয়ে সঁহাৰি জনোৱা নাছিল৷

যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বিৰক্ত হৈ তেওঁ কিশোৰীগৰাকীক গুলীয়াইছিল বুলি আৰক্ষী অধীক্ষক অনিল কুমাৰে মন্তব্য কৰে৷ সম্প্ৰতি অভিযুক্তজনক বিচাৰি উলিওৱাৰ চেষ্টা চলি আছে বুলি আৰক্ষীয়ে সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement