--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোদী চৰকাৰৰ বিৰুদ্ধে জনতাৰ ওচৰত  " চাৰ্জশ্বীট" দাখিল কৰিব কংগ্ৰেছৰ এগৰাকী নেতাই৷ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) আদৰ্শই দেশখন ধ্বংস কৰিছে বুলি দাবী কৰি কংগ্ৰেছৰ সাংসদ তথা দলৰ সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে  কয়, "কংগ্ৰেছে ২৬ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ দলটোৰ হাত চে হাত জোড়ো প্ৰচাৰৰ সময়ত বিজেপি-আৰএছএছৰ আদৰ্শৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰিব।" 

তেওঁ কয় যে  ঘৰে ঘৰে প্ৰচাৰৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিটো ঘৰতে  মোদী চৰকাৰৰ বিৰুদ্ধে এখন "অভিযোগনামা" প্ৰদান কৰা হ'ব। তেওঁ কয় যে শনিবাৰে দিল্লীত "চাৰ্জশ্বীট" মুকলি কৰা হ'ব৷ ভাৰত যোড়ো যাত্ৰাৰ সময়তএখন সংবাদমেল সম্বোধন কৰি ৰমেশে কয়, "কংগ্ৰেছ কৰ্মীসকলে ১০ লাখ ভোটকেন্দ্ৰৰ অধীনত থকা প্ৰতিখন  ঘৰত উপস্থিত হ'ব৷ ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ আৰু মোদী চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে অভিযোগনামা সকলোকে বিলোৱা হ’ব।" তেওঁ কয়, "ভাৰত যোড়ো যাত্ৰা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত নহয়। ই হৈছে বিজেপি আৰু আৰ এছ এছৰ অৰ্থনৈতিক বৈষম্য, সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক একনায়কত্বৰ বিৰুদ্ধে যুঁজ।" অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি বিশ্বাস কৰোঁ যে ৫ আগষ্ট, ২০১৯ত বিধেয়কখন গৃহীত কৰাৰ প্ৰক্ৰিয়াটো গণতান্ত্ৰিক নাছিল। আলোচনা আৰু সঠিক বিশ্লেষণ নকৰাকৈ বিধেয়কখন গৃহীত হৈছিল। আমি বিচাৰো যে জম্মু-কাশ্মীৰত গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰা হ'ব আৰু অঞ্চলটোক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব।"

 ভাৰত যোড়ো যাত্ৰাত 'বিচ্ছিন্নতাবাদক উৎসাহিত কৰা' গুপকাৰ এলায়েন্সৰ সদস্য আছে বুলি বিজেপিয়ে কৰা অভিযোগ সন্দৰ্ভতনিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ৰি ৰমেশে কয়, "ৰাজ্যখনত পিডিপিৰ সৈতে কোনে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল? দলটো আছিল বিজেপি। তেওঁলোকে সেয়ে  আত্মপৰ্যালোচনা কৰা উচিত।" কংগ্ৰেছে গুলাম নবী আজাদৰ ডিএপিক বিজেপিৰ 'বি দল' হিচাপে গণ্য কৰে নেকি বুলি সোধাত ৰমেশে কয়, "এয়া সঁচা, কিন্তু দলটো ইতিমধ্যে নিঃশেষ  হৈছে।  জম্মু-কাশ্মীৰত মোডী-শ্বাহৰ ৰণনীতি বিফল হৈছে।" 

ইফালে, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক  বৈদিক পণ্ডিত আদি শংকৰাচাৰ্যৰ সৈতে তুলনা কৰিছে৷ জম্মু-কাশ্মীৰৰ এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত ৰাহুলক আব্দুল্লাই এনেদৰে অভিহিত কৰে৷ ফাৰুকে কয়  যে শংকৰাচাৰ্যৰ পিছত ৰাহুল গান্ধী  প্ৰথম ব্যক্তি যিয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছে।" তেওঁ লগতে কয় যে শতিকা আগতে শংকৰাচাৰ্য ইয়ালৈ আহিছিল। তেওঁ খোজকাঢ়ি আহিছিল ৷ তেতিয়া এই ঠাইত  জংঘলৰ বাহিৰে কোনো ৰাস্তা নাছিল। তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়িছিল। ৰাহুল গান্ধী হৈছে দ্বিতীয় জন ব্যক্তি যিয়ে  ভাৰতক একত্ৰিত কৰিবলৈ একেখন  কন্যাকুমাৰীৰ পৰা যাত্ৰা উলিয়াই কাশ্মীৰত উপস্থিত হৈছে"।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement