--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোদী চৰকাৰৰ বিৰুদ্ধে জনতাৰ ওচৰত  " চাৰ্জশ্বীট" দাখিল কৰিব কংগ্ৰেছৰ এগৰাকী নেতাই৷ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) আদৰ্শই দেশখন ধ্বংস কৰিছে বুলি দাবী কৰি কংগ্ৰেছৰ সাংসদ তথা দলৰ সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে  কয়, "কংগ্ৰেছে ২৬ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ দলটোৰ হাত চে হাত জোড়ো প্ৰচাৰৰ সময়ত বিজেপি-আৰএছএছৰ আদৰ্শৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰিব।" 

তেওঁ কয় যে  ঘৰে ঘৰে প্ৰচাৰৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিটো ঘৰতে  মোদী চৰকাৰৰ বিৰুদ্ধে এখন "অভিযোগনামা" প্ৰদান কৰা হ'ব। তেওঁ কয় যে শনিবাৰে দিল্লীত "চাৰ্জশ্বীট" মুকলি কৰা হ'ব৷ ভাৰত যোড়ো যাত্ৰাৰ সময়তএখন সংবাদমেল সম্বোধন কৰি ৰমেশে কয়, "কংগ্ৰেছ কৰ্মীসকলে ১০ লাখ ভোটকেন্দ্ৰৰ অধীনত থকা প্ৰতিখন  ঘৰত উপস্থিত হ'ব৷ ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ আৰু মোদী চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে অভিযোগনামা সকলোকে বিলোৱা হ’ব।" তেওঁ কয়, "ভাৰত যোড়ো যাত্ৰা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত নহয়। ই হৈছে বিজেপি আৰু আৰ এছ এছৰ অৰ্থনৈতিক বৈষম্য, সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক একনায়কত্বৰ বিৰুদ্ধে যুঁজ।" অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি বিশ্বাস কৰোঁ যে ৫ আগষ্ট, ২০১৯ত বিধেয়কখন গৃহীত কৰাৰ প্ৰক্ৰিয়াটো গণতান্ত্ৰিক নাছিল। আলোচনা আৰু সঠিক বিশ্লেষণ নকৰাকৈ বিধেয়কখন গৃহীত হৈছিল। আমি বিচাৰো যে জম্মু-কাশ্মীৰত গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰা হ'ব আৰু অঞ্চলটোক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব।"

 ভাৰত যোড়ো যাত্ৰাত 'বিচ্ছিন্নতাবাদক উৎসাহিত কৰা' গুপকাৰ এলায়েন্সৰ সদস্য আছে বুলি বিজেপিয়ে কৰা অভিযোগ সন্দৰ্ভতনিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ৰি ৰমেশে কয়, "ৰাজ্যখনত পিডিপিৰ সৈতে কোনে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল? দলটো আছিল বিজেপি। তেওঁলোকে সেয়ে  আত্মপৰ্যালোচনা কৰা উচিত।" কংগ্ৰেছে গুলাম নবী আজাদৰ ডিএপিক বিজেপিৰ 'বি দল' হিচাপে গণ্য কৰে নেকি বুলি সোধাত ৰমেশে কয়, "এয়া সঁচা, কিন্তু দলটো ইতিমধ্যে নিঃশেষ  হৈছে।  জম্মু-কাশ্মীৰত মোডী-শ্বাহৰ ৰণনীতি বিফল হৈছে।" 

ইফালে, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক  বৈদিক পণ্ডিত আদি শংকৰাচাৰ্যৰ সৈতে তুলনা কৰিছে৷ জম্মু-কাশ্মীৰৰ এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ সময়ত ৰাহুলক আব্দুল্লাই এনেদৰে অভিহিত কৰে৷ ফাৰুকে কয়  যে শংকৰাচাৰ্যৰ পিছত ৰাহুল গান্ধী  প্ৰথম ব্যক্তি যিয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছে।" তেওঁ লগতে কয় যে শতিকা আগতে শংকৰাচাৰ্য ইয়ালৈ আহিছিল। তেওঁ খোজকাঢ়ি আহিছিল ৷ তেতিয়া এই ঠাইত  জংঘলৰ বাহিৰে কোনো ৰাস্তা নাছিল। তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়িছিল। ৰাহুল গান্ধী হৈছে দ্বিতীয় জন ব্যক্তি যিয়ে  ভাৰতক একত্ৰিত কৰিবলৈ একেখন  কন্যাকুমাৰীৰ পৰা যাত্ৰা উলিয়াই কাশ্মীৰত উপস্থিত হৈছে"।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু