--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি প্ৰচাৰ হৈছিল। তেওঁলোকে এতিয়ালৈকে বিষয়টোৰ ওপৰত ৰাজহুৱাভাৱে একো কোৱা নাই যদিও পুনৰ চৰ্চালৈ আহিছে দুয়ো।

বিজয়ে তেওঁৰ অনুৰাগীসকলৰ বাবে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ উদ্দেশ্য আছিল নতুন বছৰক আদৰা। অভিনেতাজনে এখন সুন্দৰ ৰিজৰ্টত চুইমিং পুলত বিলাস কৰি আছে। আনহাতে, একে সময়তে ৰশ্মিকাইও ছ'চিয়েল মিডিয়াত অনুৰূপ এখন ফটো পোষ্ট কৰে।

ছবি দুখনৰ সাদৃশ্য দেখি সামাজিক মাধ্যমত আলোচনা আৰম্ভ হয় যে দুয়োজন তাৰকা একেলগে আছে নেকি? ইয়াৰ পিছত, ৰশ্মিকাই আন এখন ফটো পোষ্ট কৰে, য'ত অভিনেত্ৰীগৰাকীয়ে এখন চকীত বহি ৰৌদ্ৰস্নান কৰি আছে। কোৱা হৈছে যে দুয়োজনে পোষ্ট কৰা ছবিসমূহ মালদ্বীপৰ এটা ৰিজৰ্টত তোলা হৈছিল। 

উল্লেখ্য যে বিজয় আৰু ৰশ্মিকাই ইতিমধ্যে 'গীত গোবিন্দম' আৰু 'ডিয়েৰ কমৰেড'ত একেলগে যুঁটি বান্ধিছিল। সূত্ৰ অনুসৰি, দুয়োকে শীঘ্ৰেই এখন নতুন ছবিত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement