--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম, বিচ্ছেদ, পুত্ৰস্নেহ, প্ৰাক্তন স্বামীৰ প্ৰতি দায়িত্ববোধ- 'আইটেম গাৰ্ল’ মালাইকা অৰোৰাই এই সকলোবোৰ দিশ চম্ভালিব লগা হৈছে। প্ৰেমিক অৰ্জুন কাপুৰৰ স’তে মালাইকাই নতুন বছৰটো উদযাপন কৰে। তাৰপাছতে প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে ডিনাৰ কৰে।

মালাইকা অৰোৰা আৰু আৰবাজৰ স’তে তেওঁলোকৰ পুত্ৰ আৰহান ডিনাৰত অংশ লয়। দম্পতীহালে ২০১৭ চনত তেওঁলোকৰ ১৭ বছৰীয়া বিবাহ সমাপ্ত কৰিছিল। কিন্তু তেওঁলোকে সেইসময়ত এইটোও কৈছিল যে তেওঁলোকে তেওঁলোকৰ পুত্ৰক একেলগে চোৱা-চিতা কৰিব। সেইবাবেই দুয়োৱে নতুন বছৰৰ ডিনাৰত অংশ লয়।

আনহাতে, মালাইকা আৰু আৰবাজৰ ডিনাৰৰ ফটো সামাজিক ভাইৰেল হৈ পৰিছে। অনেকে ফটোসমূহক লৈ বিভিন্ন মন্তব্য কৰিছে। কিছুৱে 'অৰ্জুন ক’ত আছে?’ বুলিও প্ৰশ্ন কৰিছে।

উল্লেখ্য মালাইকাই চৰ্চিত ব্যক্তিগত জীৱনৰ উপৰিও নিজৰ কামতো ব্যস্ত হৈ আছে। শেহতীয়াকৈ, 'আইটেম গাৰ্ল’গৰাকীৰ ওপৰত আধাৰিত 'মুভিং ইন উইথ মালাইকা' চিৰিজটো মুকলি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু