--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত দেশত বহু কথাই সলনি হৈ পৰিছিল। সেই ভয়াৱহ দিনবোৰত কোভিডৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ বাবেই বন্ধ কৰি দিয়া হৈছিল বহু প্ৰৱেশ পথ, বহু শিক্ষানুষ্ঠান। শেহতীয়াকৈ আই.আই.টিৰ অধ্যাপকসকলে কৰোনা ভাইৰাছৰ পিছৰে পৰা বন্ধ হৈ থকা এখন গেট খোলাৰ দাবীত আন্দোলনত বহিছে। 

এই আনন্দোলনত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলেও  যোগদান কৰিছে। তেওঁলোকে একেলগে বন্ধ হৈ থকা  গেটৰ সন্মুখৰ ৰাস্তাত বহি প্ৰতিবাদ কৰিছে।
আইআইটি খড়গপুৰত  মহামাৰীৰ সময়ত মুখ্য গেটৰ বাহিৰে আন সকলোবোৰ গেট  বন্ধ কৰি দিয়া হৈছিল।  পিছত যেতিয়া কোভিড পৰিস্থিতি স্বাভাৱিক হৈ পৰে বাকী গেটসমূহ  খোলা হয় যদিও প্ৰেমবজাৰৰ কাষৰ গেটখন বন্ধ কৰিয়েই ৰখা হয়।সেয়ে গেট খন খোলাৰ দাবীত অধ্যাপকসকলে গেটৰ সন্মুখৰ ৰাস্তাত বহি আন্দোলন কৰিবলগীয়া হৈছে। 

আইআইটি খড়গপুৰৰ অধ্যাপকসকলে এইবুলি কৈছে যে  প্ৰেমবজাৰৰ ফালে থকা  গেটখন  বন্ধ হৈ থকাৰ ফলত  এক বৃহৎ অঞ্চলৰ পৰা আইআইটিখন  বিচ্ছিন্ন হৈ পৰিছে। বহু  অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু কৰ্মচাৰীয়ে  প্ৰেমবজাৰ  অঞ্চলত বাস কৰে। ইয়াৰ উপৰি আই.আই.টিৰ অধ্যাপকসকলৰ বাসস্থানত কাম কৰা লোক আৰু মালীসকলেও সেই  অঞ্চলৰ  পৰাই আহে। অধ্যাপকসকলে প্ৰেমবজাৰৰ গেটৰ সন্মুখত বহি প্ৰায় দুবছৰৰ ধৰি বন্ধ হৈ থকা  গেটখন খোলাৰ দাবী জনায়। 

অধ্যাপক কাৰ্বি বিশ্বাসে কয়, "আমি গেটখন খোলাৰ দাবীত এক সাংকেতিক আন্দোলনৰ পন্থা গ্ৰহণ  কৰিছো। এইক্ষেত্ৰত কৰ্তৃপক্ষৰ নিৰাপত্তাৰ অজুহাত ভিত্তিহীন। পৰিস্থিতি এতিয়া  স্বাভাৱিক হৈ পৰিছে। ইমানৰ পিছতো গেটখন এতিয়াও কিয় খোলা নাই? আমি এখন যুটীয়া সমিতি গঠনৰ দিশত আগবাঢ়িছো। তাৰ পিছতো যদি গেটখন খোলা নহয় তেন্তে  আমি আন্দোলন চলাই যাম। '

অৱশ্যে, কৰ্তৃপক্ষৰ কথাৰ পৰা এইটো স্পষ্ট যে তেওঁলোকে এই দাবীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাই। আইআইটিৰ পঞ্জীয়ক তমল নাথে কয়, "মই নাজানো যে অধ্যাপক আৰু কৰ্মচাৰীসকলে এনেদৰে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেই প্ৰতিবাদ কৰিব পাৰিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ