--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত দেশত বহু কথাই সলনি হৈ পৰিছিল। সেই ভয়াৱহ দিনবোৰত কোভিডৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ বাবেই বন্ধ কৰি দিয়া হৈছিল বহু প্ৰৱেশ পথ, বহু শিক্ষানুষ্ঠান। শেহতীয়াকৈ আই.আই.টিৰ অধ্যাপকসকলে কৰোনা ভাইৰাছৰ পিছৰে পৰা বন্ধ হৈ থকা এখন গেট খোলাৰ দাবীত আন্দোলনত বহিছে। 

এই আনন্দোলনত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলেও  যোগদান কৰিছে। তেওঁলোকে একেলগে বন্ধ হৈ থকা  গেটৰ সন্মুখৰ ৰাস্তাত বহি প্ৰতিবাদ কৰিছে।
আইআইটি খড়গপুৰত  মহামাৰীৰ সময়ত মুখ্য গেটৰ বাহিৰে আন সকলোবোৰ গেট  বন্ধ কৰি দিয়া হৈছিল।  পিছত যেতিয়া কোভিড পৰিস্থিতি স্বাভাৱিক হৈ পৰে বাকী গেটসমূহ  খোলা হয় যদিও প্ৰেমবজাৰৰ কাষৰ গেটখন বন্ধ কৰিয়েই ৰখা হয়।সেয়ে গেট খন খোলাৰ দাবীত অধ্যাপকসকলে গেটৰ সন্মুখৰ ৰাস্তাত বহি আন্দোলন কৰিবলগীয়া হৈছে। 

আইআইটি খড়গপুৰৰ অধ্যাপকসকলে এইবুলি কৈছে যে  প্ৰেমবজাৰৰ ফালে থকা  গেটখন  বন্ধ হৈ থকাৰ ফলত  এক বৃহৎ অঞ্চলৰ পৰা আইআইটিখন  বিচ্ছিন্ন হৈ পৰিছে। বহু  অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু কৰ্মচাৰীয়ে  প্ৰেমবজাৰ  অঞ্চলত বাস কৰে। ইয়াৰ উপৰি আই.আই.টিৰ অধ্যাপকসকলৰ বাসস্থানত কাম কৰা লোক আৰু মালীসকলেও সেই  অঞ্চলৰ  পৰাই আহে। অধ্যাপকসকলে প্ৰেমবজাৰৰ গেটৰ সন্মুখত বহি প্ৰায় দুবছৰৰ ধৰি বন্ধ হৈ থকা  গেটখন খোলাৰ দাবী জনায়। 

অধ্যাপক কাৰ্বি বিশ্বাসে কয়, "আমি গেটখন খোলাৰ দাবীত এক সাংকেতিক আন্দোলনৰ পন্থা গ্ৰহণ  কৰিছো। এইক্ষেত্ৰত কৰ্তৃপক্ষৰ নিৰাপত্তাৰ অজুহাত ভিত্তিহীন। পৰিস্থিতি এতিয়া  স্বাভাৱিক হৈ পৰিছে। ইমানৰ পিছতো গেটখন এতিয়াও কিয় খোলা নাই? আমি এখন যুটীয়া সমিতি গঠনৰ দিশত আগবাঢ়িছো। তাৰ পিছতো যদি গেটখন খোলা নহয় তেন্তে  আমি আন্দোলন চলাই যাম। '

অৱশ্যে, কৰ্তৃপক্ষৰ কথাৰ পৰা এইটো স্পষ্ট যে তেওঁলোকে এই দাবীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাই। আইআইটিৰ পঞ্জীয়ক তমল নাথে কয়, "মই নাজানো যে অধ্যাপক আৰু কৰ্মচাৰীসকলে এনেদৰে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেই প্ৰতিবাদ কৰিব পাৰিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ