--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ বহুতেই বহু কাম কৰি পেলায়। এইবাৰ অন্ধ বিশ্বাসৰ ভয়ংকৰ পৰিণতি দেখা গ’ল গুজৰাটত। গুজৰাটৰ ৰাজকোট জিলাত এহাল দম্পতীয়ে  ‘গিলোটিন’ সদৃশ যন্ত্ৰে  নিজৰ মূৰ কাটি আত্মবলিদান দিয়ে ।

তেওঁলোকে কি কাৰণত এনেদৰে  আত্ম বলিদান দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে দম্পতীহালে দীৰ্ঘদিন ধৰি এটা সৰু ঘৰত থাকি পূজা-পাঠ কৰি গৈছিল। বহুতে ধাৰণা কৰা অনুসৰি ভগৱানক সন্তুষ্ট কৰাৰ বাবেই তেওঁলোকে আত্ম বলিদান দিব পাৰে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আত্ম বলিদান দিয়াৰ বাবেই  দম্পতীহালে ‘গিলোটিন’ৰ দৰে  যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি দম্পতী হালে ভিঞ্চিয়া গাঁৱৰ এটা ঘৰত বাস কৰিছিল আৰু তাতেই তেওঁলোকে এনেদৰে আত্মহত্যা কৰে। 

আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।   তাত তেওঁলোকে নিজৰ দুই   সন্তান আৰু পিতৃ-মাতৃৰ যত্ন ল’বলৈ অনুৰোধ কৰি গৈছে। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে দম্পতীহালে যন্ত্ৰটোৰ তলতে এটা গাঁত খান্দি লৈছিল। যন্ত্ৰটোৱে মূৰ কাটি পেলোৱাৰ পিছতে মূৰ দুটা সেই গাঁতত পৰিছিল। এই ঘটনাই সমগ্ৰ এলেকাটোতে আলোড়ণৰ সৃষ্টি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু