--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ বহুতেই বহু কাম কৰি পেলায়। এইবাৰ অন্ধ বিশ্বাসৰ ভয়ংকৰ পৰিণতি দেখা গ’ল গুজৰাটত। গুজৰাটৰ ৰাজকোট জিলাত এহাল দম্পতীয়ে  ‘গিলোটিন’ সদৃশ যন্ত্ৰে  নিজৰ মূৰ কাটি আত্মবলিদান দিয়ে ।

তেওঁলোকে কি কাৰণত এনেদৰে  আত্ম বলিদান দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে দম্পতীহালে দীৰ্ঘদিন ধৰি এটা সৰু ঘৰত থাকি পূজা-পাঠ কৰি গৈছিল। বহুতে ধাৰণা কৰা অনুসৰি ভগৱানক সন্তুষ্ট কৰাৰ বাবেই তেওঁলোকে আত্ম বলিদান দিব পাৰে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আত্ম বলিদান দিয়াৰ বাবেই  দম্পতীহালে ‘গিলোটিন’ৰ দৰে  যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি দম্পতী হালে ভিঞ্চিয়া গাঁৱৰ এটা ঘৰত বাস কৰিছিল আৰু তাতেই তেওঁলোকে এনেদৰে আত্মহত্যা কৰে। 

আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।   তাত তেওঁলোকে নিজৰ দুই   সন্তান আৰু পিতৃ-মাতৃৰ যত্ন ল’বলৈ অনুৰোধ কৰি গৈছে। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে দম্পতীহালে যন্ত্ৰটোৰ তলতে এটা গাঁত খান্দি লৈছিল। যন্ত্ৰটোৱে মূৰ কাটি পেলোৱাৰ পিছতে মূৰ দুটা সেই গাঁতত পৰিছিল। এই ঘটনাই সমগ্ৰ এলেকাটোতে আলোড়ণৰ সৃষ্টি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ