--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত একাংশ স্বামী-স্ত্ৰীৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ মাজে মাজে ঘটে অঘটন৷ বৈবাহিক বিবাদৰ বাবেই উত্তৰ প্ৰদেশৰ বৰেলীৰ এজন ২৪ বছৰীয়া যুৱকে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে নিজৰ কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে ৰাজ আৰ্য্য নামৰ যুৱকজনে। 

পৰিয়ালৰ লোকে জনোৱা মতে, ২০২৪ চনৰ এপ্ৰিল মাহত প্ৰেম বিবাহ কৰিছিল ৰাজে। ৰাজৰ পত্নীৰ নাম ছিমৰন (২৩)। বিয়াৰ পাছৰে পৰা দুয়ো কাজিয়াত লিপ্ত হৈছিল। 

আৰক্ষীয়ে কয় যে দুয়ো ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যদিও শেহতীয়াকৈ দুয়োজনে চাকৰি হেৰুৱাইছিল। মাত্ৰ ৪৫ দিন পূৰ্বে  তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হৈছিল। কিছুদিনৰ পৰা ৰাজ আৰু ছিমৰণৰ মাজত কাজিয়া বৃদ্ধি পোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। আজিৰ পৰা প্ৰায় ১০ দিন পূৰ্বে দুৰ্বাদল কাজিয়া লাগি ছিমৰণ মাক-দেউতাকৰ ঘৰলৈ গৈছিল।

বুধবাৰে পুৱা ছিমৰনে দুটা ইনষ্টাগ্ৰাম ষ্টেটাছ আপডেট পোষ্ট কৰে। এটাত তেওঁ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগ দাখিল কৰা বুলি দাবী কৰি লিখিছে যে “কাইলৈ ৰাতিপুৱা ১০:৩০ বজাৰ ভিতৰত তুমি জেলত থাকিবা।” তাৰ পিছত এটা ফ’ল’-আপ পোষ্টত তেওঁ লিখিছিল, “জেললৈ যোৱাৰ সময় আহি আছে।”

সেই পোষ্ট পঢ়ি সেইদিনা সন্ধিয়াই ছিমৰণৰ স্বামী ৰাজ আৰ্য্যই আত্মহত্যা কৰে। মাতৃয়ে আৰক্ষীক জনাইছিল যে এই কাণ্ডৰ ঠিক আগতে ৰাজে কৈছিল, "মা, মই চিৰদিনৰ বাবে শুই যাম।" প্ৰথম অৱস্থাত মাকে একো বুজি পোৱা নাছিল। তাৰ পিছত কিছু সময়ৰ পাছত মাকে ৰাজক চিলিং ফেনত ওলমি থকা দেখিলে। ইয়াৰ পিছত পৰিয়ালটোত হুৱাদুৱা লাগে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

চক্ৰ বিষয়া অজয় ​​কুমাৰে এই কথা নিশ্চিত কৰি সংবাদ সংস্থাক কয় যে পৰিয়ালৰ পৰা আনুষ্ঠানিক অভিযোগ পোৱাৰ পিছত আৰু অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক