--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা এজন ১৯ বছৰীয়া ছাত্ৰক দেওবাৰে ছুৰীৰে আঘাত কৰি হত্যা কৰা হয়। এই ছাত্ৰজনক আৰ্য্যভট্ট মহাবিদ্যালয়ত ক্লাছলৈ যোৱাৰ সময়ত তিনিজন যুৱকে আক্ৰমণ কৰিছিল। ছাত্ৰগৰাকীৰ নাম নিখিল চৌহান বুলি জানিব পৰা গৈছে। তেওঁ পাছিম বিহাৰৰ বাসিন্দা। এই সন্দৰ্ভত তথ্য দিলে এজন আৰক্ষী বিষয়াই।

ঘটনা সন্দৰ্ভত চৰক পালিকা চিকিৎসালয়ৰ পৰা ফোন অহা বুলি এজন আৰক্ষী বিষয়াই জনায়। গুৰুতৰভাৱে আহত ছাত্ৰজনক বুকুত ছুৰীৰে আঘাত কৰি চিকিৎসালয়লৈ অনা হৈছে বুলি ফোন কৰা লোকজনে আৰক্ষীক অৱগত কৰে। চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, চিকিৎসালয়খনৰ পৰা তথ্য লাভ কৰাৰ লগে লগে এটা দল প্ৰেৰণ কৰা হয়। তালৈ যোৱাৰ লগে লগে দেখা গ’ল যে পাছিম বিহাৰৰ বাসিন্দা নিখিল চৌহানক ভৰ্তি কৰা হৈছে। আৰ্যভট্ট মহাবিদ্যালয়ৰ পৰা অনা হৈছিল ছাত্ৰজনক। সোধা-পোছাত আৰক্ষীয়ে জানিব পাৰিলে যে নিখিল স্কুল অৱ অ’পেন লাৰ্নিং (এছ অ’ এল)ৰ প্ৰথম বৰ্ষৰ বি এ (অনাৰ্ছ) ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ।

আৰক্ষীয়ে জনোৱা মতে, প্ৰায় সাত দিন পূৰ্বে এছ অ’ এলৰ এগৰাকী ছাত্ৰই কলেজত নিখিলৰ প্ৰেমিকাৰ সৈতে অসৎ আচৰণ কৰিছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত নিখিলৰ প্ৰেমিকাৰ সৈতে অসৎ আচৰণ কৰা একেজন ছাত্ৰই কলেজৰ গেটৰ বাহিৰত তেওঁৰ তিনিজন সংগীৰ সৈতে নিখিলক লগ পায়। ইয়াৰ পিছত নিখিলৰ বুকুত ছুৰীৰে আঘাত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। নিখিলৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে পৰিয়ালটো। এই পৰ্যন্ত আৰ্যভট্ট মহাবিদ্যালয় প্ৰশাসনৰ কোনো বিবৃতি ওলোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ