--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা এজন ১৯ বছৰীয়া ছাত্ৰক দেওবাৰে ছুৰীৰে আঘাত কৰি হত্যা কৰা হয়। এই ছাত্ৰজনক আৰ্য্যভট্ট মহাবিদ্যালয়ত ক্লাছলৈ যোৱাৰ সময়ত তিনিজন যুৱকে আক্ৰমণ কৰিছিল। ছাত্ৰগৰাকীৰ নাম নিখিল চৌহান বুলি জানিব পৰা গৈছে। তেওঁ পাছিম বিহাৰৰ বাসিন্দা। এই সন্দৰ্ভত তথ্য দিলে এজন আৰক্ষী বিষয়াই।

ঘটনা সন্দৰ্ভত চৰক পালিকা চিকিৎসালয়ৰ পৰা ফোন অহা বুলি এজন আৰক্ষী বিষয়াই জনায়। গুৰুতৰভাৱে আহত ছাত্ৰজনক বুকুত ছুৰীৰে আঘাত কৰি চিকিৎসালয়লৈ অনা হৈছে বুলি ফোন কৰা লোকজনে আৰক্ষীক অৱগত কৰে। চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, চিকিৎসালয়খনৰ পৰা তথ্য লাভ কৰাৰ লগে লগে এটা দল প্ৰেৰণ কৰা হয়। তালৈ যোৱাৰ লগে লগে দেখা গ’ল যে পাছিম বিহাৰৰ বাসিন্দা নিখিল চৌহানক ভৰ্তি কৰা হৈছে। আৰ্যভট্ট মহাবিদ্যালয়ৰ পৰা অনা হৈছিল ছাত্ৰজনক। সোধা-পোছাত আৰক্ষীয়ে জানিব পাৰিলে যে নিখিল স্কুল অৱ অ’পেন লাৰ্নিং (এছ অ’ এল)ৰ প্ৰথম বৰ্ষৰ বি এ (অনাৰ্ছ) ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ।

আৰক্ষীয়ে জনোৱা মতে, প্ৰায় সাত দিন পূৰ্বে এছ অ’ এলৰ এগৰাকী ছাত্ৰই কলেজত নিখিলৰ প্ৰেমিকাৰ সৈতে অসৎ আচৰণ কৰিছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত নিখিলৰ প্ৰেমিকাৰ সৈতে অসৎ আচৰণ কৰা একেজন ছাত্ৰই কলেজৰ গেটৰ বাহিৰত তেওঁৰ তিনিজন সংগীৰ সৈতে নিখিলক লগ পায়। ইয়াৰ পিছত নিখিলৰ বুকুত ছুৰীৰে আঘাত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। নিখিলৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে পৰিয়ালটো। এই পৰ্যন্ত আৰ্যভট্ট মহাবিদ্যালয় প্ৰশাসনৰ কোনো বিবৃতি ওলোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে