--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মউ জিলাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। এই সভাতে এটি ৮ বছৰীয়া শিশুৱে এক ন্যায় বিচাৰি উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক কাতৰ অনুৰোধ জনায়। নীৰজ কুমাৰ নামৰ শিশুটিয়ে কয় যে ''ছাৰ, মোৰ দেউতাই বহুত মদ খায় আৰু গোটেই ঘৰখন আৰু সকলো বস্তু বিক্ৰী কৰি দিছে।'' নিৰীহ শিশুটিয়ে উপ মুখ্যমন্ত্ৰীৰ সন্মুখত হাতযোৰ কৰি পিতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কেৱল এয়াই নহয় শিশুটিয়ে গোটেই পৰিয়ালটোক ইচ্ছা মৃত্যুৰ বাবেও অনুমতি দিবলৈ কয়।

নীৰজে কয় যে ''বিস্কুট বিক্ৰী কৰি আমি আমাৰ ঘৰৰ খৰচ উলিয়াও। ছাৰ, মোৰ দেউতাই মোৰ বাইদেউক জোৰকৈ বিয়া দিছে, মোৰ বা নাবালিকা। এছডিএমক স্মাৰকপত্ৰ জমা দিছিলো, কিন্তু কোনো ব্যৱস্থা লোৱা নহ’ল। ছাৰ মোৰ দেউতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কাতৰ অনুৰোধ জনালো।'' কণমানি নীৰজৰ কথা শুনি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালে ব্যৱস্থা লোৱা হ'ব।

উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰাক্তন বিধায়ক ঘোষীক সংশ্লিষ্ট বিষয়াৰ দ্বাৰা কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। মউ জিলাৰ কোপাগঞ্জ থানা এলেকাৰ অন্তৰ্গত ফৈজুল্লাপুৰ গাঁৱৰ বাসিন্দা নীৰজ কুমাৰৰ মাতৃ, দুগৰাকী ভগ্নী আৰু ভাতৃ আছে। দেউতাকৰ অত্যধিক মদ্যপানে তেওঁলোকক বৰ অশান্তি দিয়ে। নীৰজে লগতে কয় যে মোৰ মায়ে MNREGAত শ্ৰমিক হিচাপে কাম কৰে আৰু আমি আশা কৰোঁ যে আপুনি ছাৰ আমাক ন্যায় দিব, নহ'লে গোটেই পৰিয়ালটোক ইচ্ছা মৃ্ত্যু গ্ৰহণ কৰিবলৈ অনুমতি দিয়ক।'' 





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান