--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মউ জিলাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। এই সভাতে এটি ৮ বছৰীয়া শিশুৱে এক ন্যায় বিচাৰি উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক কাতৰ অনুৰোধ জনায়। নীৰজ কুমাৰ নামৰ শিশুটিয়ে কয় যে ''ছাৰ, মোৰ দেউতাই বহুত মদ খায় আৰু গোটেই ঘৰখন আৰু সকলো বস্তু বিক্ৰী কৰি দিছে।'' নিৰীহ শিশুটিয়ে উপ মুখ্যমন্ত্ৰীৰ সন্মুখত হাতযোৰ কৰি পিতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। কেৱল এয়াই নহয় শিশুটিয়ে গোটেই পৰিয়ালটোক ইচ্ছা মৃত্যুৰ বাবেও অনুমতি দিবলৈ কয়।

নীৰজে কয় যে ''বিস্কুট বিক্ৰী কৰি আমি আমাৰ ঘৰৰ খৰচ উলিয়াও। ছাৰ, মোৰ দেউতাই মোৰ বাইদেউক জোৰকৈ বিয়া দিছে, মোৰ বা নাবালিকা। এছডিএমক স্মাৰকপত্ৰ জমা দিছিলো, কিন্তু কোনো ব্যৱস্থা লোৱা নহ’ল। ছাৰ মোৰ দেউতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কাতৰ অনুৰোধ জনালো।'' কণমানি নীৰজৰ কথা শুনি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অতি সোনকালে ব্যৱস্থা লোৱা হ'ব।

উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰাক্তন বিধায়ক ঘোষীক সংশ্লিষ্ট বিষয়াৰ দ্বাৰা কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। মউ জিলাৰ কোপাগঞ্জ থানা এলেকাৰ অন্তৰ্গত ফৈজুল্লাপুৰ গাঁৱৰ বাসিন্দা নীৰজ কুমাৰৰ মাতৃ, দুগৰাকী ভগ্নী আৰু ভাতৃ আছে। দেউতাকৰ অত্যধিক মদ্যপানে তেওঁলোকক বৰ অশান্তি দিয়ে। নীৰজে লগতে কয় যে মোৰ মায়ে MNREGAত শ্ৰমিক হিচাপে কাম কৰে আৰু আমি আশা কৰোঁ যে আপুনি ছাৰ আমাক ন্যায় দিব, নহ'লে গোটেই পৰিয়ালটোক ইচ্ছা মৃ্ত্যু গ্ৰহণ কৰিবলৈ অনুমতি দিয়ক।'' 





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement