--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্কত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনৰ খেয়াল ৰাখেই, সেয়া স্বাভাৱিক কথা । কিন্তু শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে যি ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। এগৰাকী প্ৰেমিকাই নিজৰ প্ৰেমিকৰ খবৰ  লবলৈ দিনটোত ১০০ বাৰতকৈও অধিক ফোন কৰে লগতে কৰে মেছেজ। এই কথাত প্ৰেমিকৰ খং উঠে। প্ৰেমিকাই  মিনিটে-ছেকেণ্ডে কল কৰি থকা দেখি তেওঁ অতীষ্ঠ হৈ পৰে।


এই ঘটনা চীনৰ। ১৮ বছৰীয়া যুৱতী জিয়াওয়ুৰ প্ৰেমিকৰ প্ৰতি থকা প্ৰেম আৰু আৱেগ ইমানেই প্ৰভাৱশালী হৈ পৰিছে যে তেওঁ প্ৰতি মুহূৰ্ততে প্ৰেমিকৰ বিষয়ে সকলো কথা জানিব বিচাৰে। যেনে ক’ত আছে, কি কৰি আছে, কি খাইছে আদি।  প্ৰেয়সীৰ পৰা পোৱা অশান্তিত ল’ৰাটোৱে আৰক্ষীৰ সহায় ল’বলগীয়া হ’ল। 

স্থানীয় বাতৰি অনুসৰি জিয়াওয়ুৰ এই আচৰণ কলেজৰ প্ৰথম বৰ্ষৰ পৰাই আৰম্ভ হৈছিল। খবৰ অনুসৰি তেওঁ প্ৰেমিকৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হৈ পৰিছিল আৰু তেওঁ ক’ত আছে, কি কৰি আছে আৰু কাৰ লগত আছে সেই বিষয়ে অহৰহ আপডেট বিচাৰিছিল। এই সকলোবোৰ জানিবলৈ জিয়াওয়ুৱে দিনটোত ১০০ বাৰতকৈও অধিক বাৰ প্ৰেমিকক ফোন আৰু মেছেজ কৰিছিল।

পৰিস্থিতি আৰু বেয়া হৈ পৰে যেতিয়া প্ৰেমিকে তেওঁক কোনো উত্তৰ নিদিয়া হল। প্ৰেমিকে কোনো সঁহাৰি নিদিয়াৰ পিছত জিয়াওয়ুৰ বৰ খং উঠে আৰু বিচলিত হৈ পৰে। এই সময়ছোৱাত জিয়াওয়ুৱেও খঙত নিজৰ ঘৰৰ বস্তুবোৰ ভাঙি পেলালে। এই ঘটনাৰ পাছত প্ৰেমিকজনে আৰক্ষীক ফোন কৰে।


জিয়াওয়ুৱে নিজৰ ঘৰৰ বেলকনিৰ পৰা জপিয়াই পৰাৰ ভাবুকি দিয়াৰ লগে লগে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ইফালে আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছোৱালীজনীক নিয়ন্ত্ৰণ কৰে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ Love Brain Disorder থকা বুলি ধৰা পৰে। এয়া একপ্ৰকাৰৰ মানসিক ৰোগ।


যেতিয়া আমি কাৰোবাক বেছি ভাল পাবলৈ আৰম্ভ কৰো আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ পৰো... আৰু যেতিয়া কাৰোবাৰ মৰমে আন এজন ব্যক্তিক ইমানেই আগুৰি ধৰে যে তেওঁ সেই ব্যক্তিজনক সকলো সময়তে তেওঁৰ লগত থকাটো বিচাৰে আৰু তেওঁৰ সকলো খবৰ জানি থাকিব বিচাৰে তেতিয়া ইয়াকে  Love Brain Disorder বুলি কোৱা হয়।


জিয়াওয়ুক চিকিৎসা কৰা চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ডু নাই কয় যে সীমাবদ্ধ ব্যক্তিত্ব বিকাৰ কেতিয়াবা উদ্বেগ, হতাশা আৰু বাইপোলাৰ ডিছঅৰ্ডাৰৰ দৰে অন্যান্য অৱস্থাৰ সৈতে সহ-অস্তিত্ব থাকিব পাৰে।

ডুৱে কয় যে ছোৱালীজনীয়ে আশা কৰিছিল যে তেওঁৰ প্ৰেমিকজনে তেওঁৰ মেছেজ আৰু ফোনত তৎক্ষণাত সঁহাৰি দিব।

জিয়াওয়ুৰ অসুস্থতাৰ কাৰণ ডুয়ে প্ৰকাশ কৰা নাই যদিও শৈশৱত পিতৃ-মাতৃৰ সৈতে সুস্থ সম্পৰ্ক নথকা লোকৰ ক্ষেত্ৰত এই ৰোগ প্ৰায়ে হোৱা বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক