--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ বিৰুদ্ধে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত গণসজাগতাৰ সৃষ্টি হৈছে। কেৱল মানুহেই নহয়,  ঘঁৰিয়ালেও এতিয়া যুদ্ধৰ বিৰুদ্ধে থিয় দিয়া পৰিলক্ষিত হৈছে।   'যুদ্ধ বিৰোধী' ঘঁৰিয়াল এটাই ৰখাই দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাৰ এখন  বিমান।হয়,  ফ্লৰিডাৰ এটা বিমান ঘাটিত ঘটিছে এই ঘটনা। প্ৰকৃততে কি হৈছিল জানো আহক। ফ্লৰিডাৰ মেকডিল বায়ু সেনা ঘাটিত উৰণৰ বাবে সাজু কৰা কেচি-১৩৫  বিমানএখনৰ সন্মুখত হঠাতে উপস্থিত হ'ল এটা বিশাল ঘঁৰিয়াল।  

ঘঁৰিয়ালটোৱে  বিমানখনৰ  ৰানৱে আবদ্ধ কৰি পেলায়।  ফলস্বৰূপে  বিমানখনৰ উৰণ স্থগিত ৰাখিবলগীয়া হয়। ফ্লৰিডা ঘঁৰিয়াল  আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগক দৈত্যাকাৰ ঘঁৰিয়ালটোৰ উপস্থিতিৰ বিষয়ে খবৰ  দিয়া হৈছিল। লগে লগে  বিভাগটোৰ  বিষয়াসকলে ঘঁৰিয়ালটোক  চকাৰ তলৰ পৰা উলিয়াবলৈ  তালৈ  গৈছিল। ঘঁৰিয়ালটোক  কেনেবাকৈ ৰছী বান্ধি বিমানখনৰ চকাৰ তলৰ পৰা উলিয়াই অনা হৈছিল। 
 


ঘঁৰিয়ালটোক মেকডিল বায়ু সেনা ঘাটিৰ পৰা  কঢ়িয়াই  আনি ওচৰৰ হিলচব্ৰো নদীত   মুকলি কৰি দিয়া হয়। এই বিৰল দৃশ্যটো বিমান ঘাটিৰ দুজন বিষয়াই কেমেৰাত বন্দী কৰে । এতিয়া সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।মেকডিল বায়ু সেনাই এক্স-হেণ্ডেলত কয়, "আমাৰ নতুন  এয়াৰমেনক এক সুৰক্ষিত স্থানলৈ নি  মুকলি কৰি দিয়া হৈছে। ফ্লৰিডা ঘঁৰিয়াল  আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগক বহুত ধন্যবাদ। " ফ্লৰিডাৰ পথত প্ৰায়ে ঘঁৰিয়াল ওলায় , এয়া  নতুন কথা নহয়। 

বিভিন্ন আৰ্দ্ৰভূমি আৰু হ্ৰদত প্ৰায় ১৩ লাখঘঁৰিয়ালে  বাস কৰে। কেতিয়াবা ঘঁৰিয়ালবোৰে চহৰখনৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰে। ঘঁৰিয়ালে কেতিয়াবাী মানুহৰ  ঘৰৰ বাগিচাতো প্ৰৱেশ কৰে। কিন্তু বায়ু সেনা ঘাটিত দৈত্যাকাৰ ঘঁৰিয়ালে প্ৰৱেশ কৰাটো  অতি বিৰল ঘটনা। সেয়েহে ভাইৰেল ভিডিঅ'টো চোৱাৰ পিছত নেটিজেনৰ এটা অংশই ঘঁৰিয়ালটোক 'যুদ্ধ বিৰোধী'  ঘঁৰিয়াল বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে ঘঁৰিয়ালটোৱে যেন বিমানখনৰ পথ অৱৰোধ কৰিছে আৰু বিশ্বক  শান্তিৰ বাৰ্তা দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন