--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধৰ বিৰুদ্ধে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত গণসজাগতাৰ সৃষ্টি হৈছে। কেৱল মানুহেই নহয়,  ঘঁৰিয়ালেও এতিয়া যুদ্ধৰ বিৰুদ্ধে থিয় দিয়া পৰিলক্ষিত হৈছে।   'যুদ্ধ বিৰোধী' ঘঁৰিয়াল এটাই ৰখাই দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাৰ এখন  বিমান।হয়,  ফ্লৰিডাৰ এটা বিমান ঘাটিত ঘটিছে এই ঘটনা। প্ৰকৃততে কি হৈছিল জানো আহক। ফ্লৰিডাৰ মেকডিল বায়ু সেনা ঘাটিত উৰণৰ বাবে সাজু কৰা কেচি-১৩৫  বিমানএখনৰ সন্মুখত হঠাতে উপস্থিত হ'ল এটা বিশাল ঘঁৰিয়াল।  

ঘঁৰিয়ালটোৱে  বিমানখনৰ  ৰানৱে আবদ্ধ কৰি পেলায়।  ফলস্বৰূপে  বিমানখনৰ উৰণ স্থগিত ৰাখিবলগীয়া হয়। ফ্লৰিডা ঘঁৰিয়াল  আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগক দৈত্যাকাৰ ঘঁৰিয়ালটোৰ উপস্থিতিৰ বিষয়ে খবৰ  দিয়া হৈছিল। লগে লগে  বিভাগটোৰ  বিষয়াসকলে ঘঁৰিয়ালটোক  চকাৰ তলৰ পৰা উলিয়াবলৈ  তালৈ  গৈছিল। ঘঁৰিয়ালটোক  কেনেবাকৈ ৰছী বান্ধি বিমানখনৰ চকাৰ তলৰ পৰা উলিয়াই অনা হৈছিল। 
 


ঘঁৰিয়ালটোক মেকডিল বায়ু সেনা ঘাটিৰ পৰা  কঢ়িয়াই  আনি ওচৰৰ হিলচব্ৰো নদীত   মুকলি কৰি দিয়া হয়। এই বিৰল দৃশ্যটো বিমান ঘাটিৰ দুজন বিষয়াই কেমেৰাত বন্দী কৰে । এতিয়া সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।মেকডিল বায়ু সেনাই এক্স-হেণ্ডেলত কয়, "আমাৰ নতুন  এয়াৰমেনক এক সুৰক্ষিত স্থানলৈ নি  মুকলি কৰি দিয়া হৈছে। ফ্লৰিডা ঘঁৰিয়াল  আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগক বহুত ধন্যবাদ। " ফ্লৰিডাৰ পথত প্ৰায়ে ঘঁৰিয়াল ওলায় , এয়া  নতুন কথা নহয়। 

বিভিন্ন আৰ্দ্ৰভূমি আৰু হ্ৰদত প্ৰায় ১৩ লাখঘঁৰিয়ালে  বাস কৰে। কেতিয়াবা ঘঁৰিয়ালবোৰে চহৰখনৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰে। ঘঁৰিয়ালে কেতিয়াবাী মানুহৰ  ঘৰৰ বাগিচাতো প্ৰৱেশ কৰে। কিন্তু বায়ু সেনা ঘাটিত দৈত্যাকাৰ ঘঁৰিয়ালে প্ৰৱেশ কৰাটো  অতি বিৰল ঘটনা। সেয়েহে ভাইৰেল ভিডিঅ'টো চোৱাৰ পিছত নেটিজেনৰ এটা অংশই ঘঁৰিয়ালটোক 'যুদ্ধ বিৰোধী'  ঘঁৰিয়াল বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে ঘঁৰিয়ালটোৱে যেন বিমানখনৰ পথ অৱৰোধ কৰিছে আৰু বিশ্বক  শান্তিৰ বাৰ্তা দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক