--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পগলা হৈ এজন যুৱকে ঘটালে অঘটন। এগৰাকী নাবালিকাক ৰাস্তাত আগচি ধৰি যুৱকজনে কয় যে ‘‘তুমি মোৰ নহ’লা এতিয়া তোমাক মই জোৰ জবৰদস্তি মোৰ পত্নী বনাম।’’ নাবালিকাগৰাকীয়ে বাধা প্ৰদান কৰাত যুৱকজনে লগে লগে পকেটৰ পৰা সেন্দূৰৰ টেমা উলিয়াই নাবালিকাগৰাকীৰ শিৰত সেন্দূৰ পিন্ধাই দিয়ে। 

ইয়াৰ পাছত ছোৱালীজনীক ধৰি-বান্ধি ঘৰলৈ লৈ গ’ল যুৱকজনে। ঘৰলৈ লৈ যোৱাৰ পাছত যুৱকজনে জোৰকৈ ছোৱালীজনীক মংগলসূত্ৰ পিন্ধোৱাৰ লগতে হাতত খাৰু পিন্ধাই দিয়ে। এই ঘটনা ঘটিছে কানপুৰত। কোনো চিনেমাতকৈ কম নহয় এই ঘটনা। 

বাটত নাবালিকাগৰাকীক বলপূৰ্বকভাৱে ৰখাই প্ৰথমে সেন্দূৰ দি তাৰপাছত জোৰকৈ ঘৰলৈ লৈ গৈ মংগলসূত্ৰ পিন্ধাই দি যুৱকজনে ঘোষণা কৰিলে যে এতিয়া তাই মোৰ পত্নী। কানপুৰৰ গোবিন্দ নগৰ অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ চহৰখনকে স্তম্ভিত কৰি তুলিলে।

ঘটনা অনুসৰি গোবিন্দ নগৰৰ বাসিন্দা ১৬ বছৰীয়া নাবালিকা ছোৱালীজনীয়ে সৰু ভনীয়েকৰ(১২ বছৰ) সৈতে পূজাৰ সামগ্ৰী কিনিবলৈ ওলাই গৈছিল। দুয়োজনী ছোৱালী ঘৰৰ পৰা অলপ দূৰৈত উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোৰ এজন ২২ বছৰীয়া যুৱক অনুৰাগ ওৰফে গোল্ডী তেওঁলোকৰ পিছে পিছে আহিছিল। গোল্ডীয়ে বহুদিনৰ পৰা ছোৱালীজনীৰ পিছা কৰি আছিল। 

গোল্ডীয়ে ছোৱালীজনীৰ বাট আগচি ক’লে যে, ‘‘তুমি মোৰ নোহোৱা কিন্তু এতিয়া তুমি মোৰ হ’বলৈ বাধ্য হ’বা।’’ এনেদৰে কৈ গোল্ডীয়ে ছোৱালীজনীক সেন্দূৰ পিন্ধাই দিয়ে। গোল্ডীয়ে সৰু ভনীয়েকক ভাবুকি দি তাৰপৰা খেদি পঠিয়ায়।

সৰু ভনীয়েকে কেনেবাকৈ ঘৰ পালে আৰু কান্দি কান্দি মাকক গোটেই কাহিনীটো ক’লে। মাতৃগৰাকী চিন্তিত হৈ গোল্ডীৰ ঘৰলৈ দৌৰি গ’ল আৰু তাৰ দৃশ্য দেখি তেওঁ বেহুঁচ হোৱাৰ উপক্ৰম হ’ল। নিজৰ ছোৱালীজনী এটা চুকত বহি আছিল। তাইৰ শিৰত সেন্দূৰ, ডিঙিত মংগলসূত্ৰ আৰু হাতৰ খাৰু দেখি মাকে থতমত খালে। তেওঁ ছোৱালীজনীক লৈ যাবলৈ চেষ্টা কৰাৰ সময়ত গোল্ডী আৰু পৰিয়ালৰ লোকে মাতৃক মাৰপিট কৰি ভাবুকি দিলে যে ‘‘তাই এতিয়া মোৰ পত্নী আৰু যদি আকৌ আপুনি নিবলৈ আহে তেন্তে আপোনাক হত্যা কৰিম।’’

মাতৃগৰাকীয়ে গোবিন্দ নগৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাটো আৰক্ষীক জনায়। বিষয়টোৰ গুৰুত্ব বুজি থানাই লগে লগে এডিচিপি মহেশ কুমাৰক খবৰ দিয়ে। এই নিৰ্দেশ পোৱাৰ লগে লগে আৰক্ষীৰ দল মাতৃৰ সৈতে গোল্ডীৰ ঘৰত উপস্থিত হৈ ছোৱালীজনীক তাৰ পৰা মুক্ত কৰে। ঘটনাস্থলীৰ পৰাই অভিযুক্ত গোল্ডীক চোঁচৰাই থানালৈ লৈ যায় আৰক্ষীয়ে। গোল্ডীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও পৰিয়ালৰ লোকে পলায়ন কৰে।

এডিচিপি মহেশ কুমাৰে কয় যে এয়া অতি গুৰুতৰ ঘটনা। নাবালিকা ছোৱালী এজনীক বলপূৰ্বক অপহৰণ কৰি বলপূৰ্বক বিয়া কৰাইছিল অভিযুক্তই। কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী