--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পগলা হৈ এজন যুৱকে ঘটালে অঘটন। এগৰাকী নাবালিকাক ৰাস্তাত আগচি ধৰি যুৱকজনে কয় যে ‘‘তুমি মোৰ নহ’লা এতিয়া তোমাক মই জোৰ জবৰদস্তি মোৰ পত্নী বনাম।’’ নাবালিকাগৰাকীয়ে বাধা প্ৰদান কৰাত যুৱকজনে লগে লগে পকেটৰ পৰা সেন্দূৰৰ টেমা উলিয়াই নাবালিকাগৰাকীৰ শিৰত সেন্দূৰ পিন্ধাই দিয়ে। 

ইয়াৰ পাছত ছোৱালীজনীক ধৰি-বান্ধি ঘৰলৈ লৈ গ’ল যুৱকজনে। ঘৰলৈ লৈ যোৱাৰ পাছত যুৱকজনে জোৰকৈ ছোৱালীজনীক মংগলসূত্ৰ পিন্ধোৱাৰ লগতে হাতত খাৰু পিন্ধাই দিয়ে। এই ঘটনা ঘটিছে কানপুৰত। কোনো চিনেমাতকৈ কম নহয় এই ঘটনা। 

বাটত নাবালিকাগৰাকীক বলপূৰ্বকভাৱে ৰখাই প্ৰথমে সেন্দূৰ দি তাৰপাছত জোৰকৈ ঘৰলৈ লৈ গৈ মংগলসূত্ৰ পিন্ধাই দি যুৱকজনে ঘোষণা কৰিলে যে এতিয়া তাই মোৰ পত্নী। কানপুৰৰ গোবিন্দ নগৰ অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ চহৰখনকে স্তম্ভিত কৰি তুলিলে।

ঘটনা অনুসৰি গোবিন্দ নগৰৰ বাসিন্দা ১৬ বছৰীয়া নাবালিকা ছোৱালীজনীয়ে সৰু ভনীয়েকৰ(১২ বছৰ) সৈতে পূজাৰ সামগ্ৰী কিনিবলৈ ওলাই গৈছিল। দুয়োজনী ছোৱালী ঘৰৰ পৰা অলপ দূৰৈত উপস্থিত হোৱাৰ লগে লগে অঞ্চলটোৰ এজন ২২ বছৰীয়া যুৱক অনুৰাগ ওৰফে গোল্ডী তেওঁলোকৰ পিছে পিছে আহিছিল। গোল্ডীয়ে বহুদিনৰ পৰা ছোৱালীজনীৰ পিছা কৰি আছিল। 

গোল্ডীয়ে ছোৱালীজনীৰ বাট আগচি ক’লে যে, ‘‘তুমি মোৰ নোহোৱা কিন্তু এতিয়া তুমি মোৰ হ’বলৈ বাধ্য হ’বা।’’ এনেদৰে কৈ গোল্ডীয়ে ছোৱালীজনীক সেন্দূৰ পিন্ধাই দিয়ে। গোল্ডীয়ে সৰু ভনীয়েকক ভাবুকি দি তাৰপৰা খেদি পঠিয়ায়।

সৰু ভনীয়েকে কেনেবাকৈ ঘৰ পালে আৰু কান্দি কান্দি মাকক গোটেই কাহিনীটো ক’লে। মাতৃগৰাকী চিন্তিত হৈ গোল্ডীৰ ঘৰলৈ দৌৰি গ’ল আৰু তাৰ দৃশ্য দেখি তেওঁ বেহুঁচ হোৱাৰ উপক্ৰম হ’ল। নিজৰ ছোৱালীজনী এটা চুকত বহি আছিল। তাইৰ শিৰত সেন্দূৰ, ডিঙিত মংগলসূত্ৰ আৰু হাতৰ খাৰু দেখি মাকে থতমত খালে। তেওঁ ছোৱালীজনীক লৈ যাবলৈ চেষ্টা কৰাৰ সময়ত গোল্ডী আৰু পৰিয়ালৰ লোকে মাতৃক মাৰপিট কৰি ভাবুকি দিলে যে ‘‘তাই এতিয়া মোৰ পত্নী আৰু যদি আকৌ আপুনি নিবলৈ আহে তেন্তে আপোনাক হত্যা কৰিম।’’

মাতৃগৰাকীয়ে গোবিন্দ নগৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাটো আৰক্ষীক জনায়। বিষয়টোৰ গুৰুত্ব বুজি থানাই লগে লগে এডিচিপি মহেশ কুমাৰক খবৰ দিয়ে। এই নিৰ্দেশ পোৱাৰ লগে লগে আৰক্ষীৰ দল মাতৃৰ সৈতে গোল্ডীৰ ঘৰত উপস্থিত হৈ ছোৱালীজনীক তাৰ পৰা মুক্ত কৰে। ঘটনাস্থলীৰ পৰাই অভিযুক্ত গোল্ডীক চোঁচৰাই থানালৈ লৈ যায় আৰক্ষীয়ে। গোল্ডীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও পৰিয়ালৰ লোকে পলায়ন কৰে।

এডিচিপি মহেশ কুমাৰে কয় যে এয়া অতি গুৰুতৰ ঘটনা। নাবালিকা ছোৱালী এজনীক বলপূৰ্বক অপহৰণ কৰি বলপূৰ্বক বিয়া কৰাইছিল অভিযুক্তই। কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?