--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীর্ঘ বিতৰ্কৰ পাছত অৱশেষত উভয় সদনতে ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হ'ল। এই বিধেয়কখন গৃহীত হোৱাৰ পাছতে দেশৰ বিভিন্ন প্রান্তত থকা ৱাকফৰ সম্পত্তিৰ তালিকা ক্ৰমে প্রকাশ পাবলৈ ধৰিছে। জানিব পৰা মতে হায়দৰাবাদ চহৰখনক দেশৰ 'বাকফ ৰাজধানী' বুলি কোৱা হয়। এই চহৰখনত আছে প্রায় ৭৭ হাজাৰ ৱাকফৰ সম্পত্তি। যিটো দেশৰ মুঠ বাকফৰ সম্পত্তিৰ প্ৰায় ৩০ শতাংশ। অৱশ্যে বাকফ সম্পত্তিৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। 

হায়দৰাবাদত থকা ৱাকফ সম্পত্তিসমূহৰ ভিতৰত উল্লেখযোগ্য সম্পত্তিবোৰ হ'ল- চাৰিশ বছৰ পূৰণি মক্কা মছজিদ, চাৰমিনাৰৰ - আশে-পাশে থকা অসংখ্য বাণিজ্যিক প্রতিষ্ঠান আৰু দক্ষিণ দিশত নিজামে দান - কৰা হাজাৰ হাজাৰ একৰ ভূমি। তেলেংগানা ৱাকফ ব'ৰ্ডখন হ'ল দেশৰ ভিতৰতে সকলোতকৈ ধনী। ইয়াৰ বাৰ্ষিক আয় প্রায় পাঁচশ কোটি টকা। ইফালে ৱাকফৰ সম্পত্তিৰ সংখ্যাত দেশৰ ভিতৰতে শীর্ষ স্থান দখল কৰি আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত আছে প্রায় ১.৫ লাখ সম্পত্তি। যিটো দেশৰ মুঠ সম্পত্তিৰ ২০ শতাংশৰ বেছি। অৱশ্যে আর্থিক মূল্যৰ ক্ষেত্ৰত ইয়াৰ স্থান দ্বিতীয়। ইয়াৰ উল্লেখযোগ্য সম্পত্তিসমূহৰ ভিতৰত আছে- লক্ষ্ণৌৰ বৰ ইমামপাৰা আৰু বিভিন্ন মছজিদ, কানপুৰ, মিৰাট আৰু মোৰাদাবাদৰ আশে-পাশে শিল্পাঞ্চল তথা ধর্মীয় ভূমি। 

অকল তেলেংগানা আৰু অন্ধ্র প্রদেশতে আছে প্রায় ১.২ লাখ ৱাকফ সম্পত্তি। কুর্নুলৰ ঐতিহাসিক দুশ বছৰীয়া পুৰণি শ্বাহী মছজিদ তথা কৰপা আৰু অনন্তপুৰৰ কৃষিভূমিও তালিকাত অন্তর্ভুক্ত আছে। অন্ধ্র প্রদেশত ৮৫ শতাংশ ৱাকফ ভূমি গ্রামাঞ্চলত অৱস্থিত। কর্ণাটকত আছে প্রায় ত্রিশ হেজাৰ ৱাকফ সম্পত্তি। বিশেষকৈ বেংগালুৰু, গুলবার্গ আৰু বিডাৰে। ২০২৩ চনৰ এক তথ্যমতে বেংগালুৰুৰ প্ৰায় ৯০ শতাংশ ৱাকফ ভূমি বেদখল হৈছে। ইফালে পশ্চিম বংগৰ কলকাতা, মুৰ্ছিদাবাদৰ - ঐতিহাসিক মছজিদ-কবৰস্থানৰ উপৰি হুগলী নদীৰ পাৰত বাণিজ্যিক ভূমিও আছে ৱাকফ ব'ৰ্ডৰ অধীনত। জানিব পৰা মতে হায়দৰাবাদৰ মক্কা মছজিদৰ কমপ্লেক্সৰ - মূল্য প্রায় পাঁচ হাজাৰ কোটি টকা। ইফালে দিল্লীৰ জামা মছজিদ-নিজামুদ্দিন দৰগাহৰ আশে-পাশে থকা হোটেল আৰু দোকানসহ মুঠ সম্পত্তিৰ মূল্য প্রায় তিনি হাজাৰ কোটি টকা। ৰাজস্থানৰ আজমিৰ শ্বৰিফৰ বাৰ্ষিক অনুদান প্রায় এশ কোটি টকা। মুম্বাইৰ সাগৰৰ পাৰত অৱস্থিত হাজি আলী দৰগাহ। উত্তৰ প্ৰদেশৰ ৪০ শতাংশ ৱাকফ ভূমি কৃষিযোগ্য, ই ৰাজস্ব আয়ৰ অন্যতম উৎস। 

উল্লেখযোগ্য যে ৱাকফ মূলতঃ মুছলিম সম্প্রদায়ৰ দানকৃত সম্পত্তি। ইয়াক সমাজ কল্যাণমূলক কামত ব্যৱহাৰ কৰা হয়। এই সম্পত্তিসমূহৰ ৰক্ষণা-বেক্ষণৰ দায়িত্বত থাকে এখন ৱাকফ সমিতি। চৰকাৰী তথ্য মতে চলিত বৰ্ষৰ ১৪ মাৰ্চলৈ দেশত মুঠ ৮.৭২ লাখ নথিভুক্ত ৱাকফ সম্পত্তি আছে। ইয়াৰে ভূমিৰ পৰিমাণ হ'ল প্রায় ৩৮ লাখ একৰ। যাৰ আনুমানিক মূল্য ১.২ লাখ কোটি টকা। ফলত ৱাকফ ব'ৰ্ড ভাৰতৰ তৃতীয় বৃহত্তম ভূমিৰ মালিক। জানিব পৰা মতে বর্তমান দেশত প্রায় ৩০খন ৱাকফ ব'ৰ্ড আছে। ৱাকফত ভূমি দান কৰা তালিকাত প্রথম স্থানত আছে হায়দৰাবাদৰ নিজাম। তদুপৰি আকবৰ-চাহজাহান তথা ঔৰংগজেৱকে ধৰি মোগল শাসকসকলে দিল্লী, আগ্রা আদিৰ ধৰ্মীয় স্থানসমূহৰ বাবে ৱাকফ সম্পত্তিত ভূমি দান কৰিছিল। জাহানাৰা বেগমৰ দৰে বিশিষ্ট ব্যক্তিয়েও ৱাকফত সম্পত্তি দান কৰিছিল। এই দাতাসকলৰ তালিকাত আছে প্রাক্তন উপ-ৰাষ্ট্ৰপতি আব্দুল হামিদ আনছাৰী আৰু উইপ্ৰোৰ মালিক আজিম প্রেমজী।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প