--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীর্ঘ বিতৰ্কৰ পাছত অৱশেষত উভয় সদনতে ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হ'ল। এই বিধেয়কখন গৃহীত হোৱাৰ পাছতে দেশৰ বিভিন্ন প্রান্তত থকা ৱাকফৰ সম্পত্তিৰ তালিকা ক্ৰমে প্রকাশ পাবলৈ ধৰিছে। জানিব পৰা মতে হায়দৰাবাদ চহৰখনক দেশৰ 'বাকফ ৰাজধানী' বুলি কোৱা হয়। এই চহৰখনত আছে প্রায় ৭৭ হাজাৰ ৱাকফৰ সম্পত্তি। যিটো দেশৰ মুঠ বাকফৰ সম্পত্তিৰ প্ৰায় ৩০ শতাংশ। অৱশ্যে বাকফ সম্পত্তিৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। 

হায়দৰাবাদত থকা ৱাকফ সম্পত্তিসমূহৰ ভিতৰত উল্লেখযোগ্য সম্পত্তিবোৰ হ'ল- চাৰিশ বছৰ পূৰণি মক্কা মছজিদ, চাৰমিনাৰৰ - আশে-পাশে থকা অসংখ্য বাণিজ্যিক প্রতিষ্ঠান আৰু দক্ষিণ দিশত নিজামে দান - কৰা হাজাৰ হাজাৰ একৰ ভূমি। তেলেংগানা ৱাকফ ব'ৰ্ডখন হ'ল দেশৰ ভিতৰতে সকলোতকৈ ধনী। ইয়াৰ বাৰ্ষিক আয় প্রায় পাঁচশ কোটি টকা। ইফালে ৱাকফৰ সম্পত্তিৰ সংখ্যাত দেশৰ ভিতৰতে শীর্ষ স্থান দখল কৰি আছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত আছে প্রায় ১.৫ লাখ সম্পত্তি। যিটো দেশৰ মুঠ সম্পত্তিৰ ২০ শতাংশৰ বেছি। অৱশ্যে আর্থিক মূল্যৰ ক্ষেত্ৰত ইয়াৰ স্থান দ্বিতীয়। ইয়াৰ উল্লেখযোগ্য সম্পত্তিসমূহৰ ভিতৰত আছে- লক্ষ্ণৌৰ বৰ ইমামপাৰা আৰু বিভিন্ন মছজিদ, কানপুৰ, মিৰাট আৰু মোৰাদাবাদৰ আশে-পাশে শিল্পাঞ্চল তথা ধর্মীয় ভূমি। 

অকল তেলেংগানা আৰু অন্ধ্র প্রদেশতে আছে প্রায় ১.২ লাখ ৱাকফ সম্পত্তি। কুর্নুলৰ ঐতিহাসিক দুশ বছৰীয়া পুৰণি শ্বাহী মছজিদ তথা কৰপা আৰু অনন্তপুৰৰ কৃষিভূমিও তালিকাত অন্তর্ভুক্ত আছে। অন্ধ্র প্রদেশত ৮৫ শতাংশ ৱাকফ ভূমি গ্রামাঞ্চলত অৱস্থিত। কর্ণাটকত আছে প্রায় ত্রিশ হেজাৰ ৱাকফ সম্পত্তি। বিশেষকৈ বেংগালুৰু, গুলবার্গ আৰু বিডাৰে। ২০২৩ চনৰ এক তথ্যমতে বেংগালুৰুৰ প্ৰায় ৯০ শতাংশ ৱাকফ ভূমি বেদখল হৈছে। ইফালে পশ্চিম বংগৰ কলকাতা, মুৰ্ছিদাবাদৰ - ঐতিহাসিক মছজিদ-কবৰস্থানৰ উপৰি হুগলী নদীৰ পাৰত বাণিজ্যিক ভূমিও আছে ৱাকফ ব'ৰ্ডৰ অধীনত। জানিব পৰা মতে হায়দৰাবাদৰ মক্কা মছজিদৰ কমপ্লেক্সৰ - মূল্য প্রায় পাঁচ হাজাৰ কোটি টকা। ইফালে দিল্লীৰ জামা মছজিদ-নিজামুদ্দিন দৰগাহৰ আশে-পাশে থকা হোটেল আৰু দোকানসহ মুঠ সম্পত্তিৰ মূল্য প্রায় তিনি হাজাৰ কোটি টকা। ৰাজস্থানৰ আজমিৰ শ্বৰিফৰ বাৰ্ষিক অনুদান প্রায় এশ কোটি টকা। মুম্বাইৰ সাগৰৰ পাৰত অৱস্থিত হাজি আলী দৰগাহ। উত্তৰ প্ৰদেশৰ ৪০ শতাংশ ৱাকফ ভূমি কৃষিযোগ্য, ই ৰাজস্ব আয়ৰ অন্যতম উৎস। 

উল্লেখযোগ্য যে ৱাকফ মূলতঃ মুছলিম সম্প্রদায়ৰ দানকৃত সম্পত্তি। ইয়াক সমাজ কল্যাণমূলক কামত ব্যৱহাৰ কৰা হয়। এই সম্পত্তিসমূহৰ ৰক্ষণা-বেক্ষণৰ দায়িত্বত থাকে এখন ৱাকফ সমিতি। চৰকাৰী তথ্য মতে চলিত বৰ্ষৰ ১৪ মাৰ্চলৈ দেশত মুঠ ৮.৭২ লাখ নথিভুক্ত ৱাকফ সম্পত্তি আছে। ইয়াৰে ভূমিৰ পৰিমাণ হ'ল প্রায় ৩৮ লাখ একৰ। যাৰ আনুমানিক মূল্য ১.২ লাখ কোটি টকা। ফলত ৱাকফ ব'ৰ্ড ভাৰতৰ তৃতীয় বৃহত্তম ভূমিৰ মালিক। জানিব পৰা মতে বর্তমান দেশত প্রায় ৩০খন ৱাকফ ব'ৰ্ড আছে। ৱাকফত ভূমি দান কৰা তালিকাত প্রথম স্থানত আছে হায়দৰাবাদৰ নিজাম। তদুপৰি আকবৰ-চাহজাহান তথা ঔৰংগজেৱকে ধৰি মোগল শাসকসকলে দিল্লী, আগ্রা আদিৰ ধৰ্মীয় স্থানসমূহৰ বাবে ৱাকফ সম্পত্তিত ভূমি দান কৰিছিল। জাহানাৰা বেগমৰ দৰে বিশিষ্ট ব্যক্তিয়েও ৱাকফত সম্পত্তি দান কৰিছিল। এই দাতাসকলৰ তালিকাত আছে প্রাক্তন উপ-ৰাষ্ট্ৰপতি আব্দুল হামিদ আনছাৰী আৰু উইপ্ৰোৰ মালিক আজিম প্রেমজী।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?