--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত ‘স্বস্তিকা’ৰ চিহ্ন অতি শুভ বুলি গণ্য কৰা হয়। বেছিভাগ মানুহেই ঘৰৰ মূল গেট বা প্ৰৱেশদ্বাৰত এই চিহ্ন অংকন কৰে। ‘স্বস্তিকা’ৰ প্ৰতীক ভগৱান গণেশৰ লগত জড়িত। বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞসকলে কয় যে ঘৰৰ প্ৰৱেশদ্বাৰত স্বস্তিকা বনালে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি আহে। হিন্দু ধৰ্মত যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে এটা ‘স্বস্তিকা’ চিহ্ন তৈয়াৰ কৰা হয়। স্বস্তিকাৰ চাৰিটা বাহু আছে আৰু এই চাৰিটা বাহু চাৰিটা দিশৰ লগত সংযোগ হোৱা দেখা যায়।

স্বস্তিকাৰ চিহ্ন সদায় সেন্দুৰেৰে বনাব লাগে

আপোনালোকক জনাওঁ যে ঘৰৰ প্ৰৱেশদ্বাৰত স্বস্তিকাৰ চিহ্ন বনাওতে আমি কিছুমান বিশেষ কথাৰ যত্ন লোৱা উচিত। অন্যথা ইয়াৰ বেয়া প্ৰভাৱ দেখা যায়। বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞসকলে কৈছে যে স্বস্তিকাৰ চিহ্ন সদায় সেন্দুৰেৰে বনাব লাগে কাৰণ সেন্দুৰেৰে তৈয়াৰী স্বস্তিকাই ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে। ঘৰৰ প্ৰৱেশদ্বাৰত ডাঙৰ আকাৰৰ স্বস্তিকা বনাব লাগে। স্বস্তিকাৰ চিন বনাওঁতে মনত ৰাখিব যে য’ত এই চিন বনোৱা হৈছে তাত পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকিব লাগিব। য’ত স্বস্তিকা বনোৱা হয় তাত জোতা-চপ্পল থাকিব, নহ’লে পৰিয়ালত বেয়া প্ৰভাৱ পৰিব।

ঘৰৰ দৰিদ্ৰতা দূৰ কৰে

বাস্তুশাস্ত্ৰৰ মতে চোতালৰ মাজভাগত স্বস্তিকাৰ চিহ্ন আঁকিব লাগে। পূৰ্বপুৰুষসকলে চোতালত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেন্দুৰৰ উপৰিও স্বস্তিকা চিহ্ন হালধিৰেও তৈয়াৰ কৰিব পাৰি। এনে কৰিলে ঘৰৰ দৰিদ্ৰতা নাইকিয়া হৈ যায়। স্বস্তিকা সদায় উত্তৰ-পূব বা উত্তৰ দিশত বনাব লাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা