--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি লাখ লাখ মানুহ খাদ্যৰ ভেজাল আৰু বেয়া জীৱনশৈলীৰ বাবে পেটৰ সমস্যাত ভুগে। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হয়, তেন্তে গুড় খাই আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। শীতকালত গুড় খালে কেৱল ঠাণ্ডাৰ পৰা সকাহ পোৱাই নহয় শৰীৰৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে, যাৰ বাবে আপুনি বহু ৰোগৰ পৰা সকাহ পাব। আজি আমি আপোনালোকক গুড়ৰ ৫ টা মহান উপকাৰৰ বিষয়ে অৱগত কৰিম।

গুড় খোৱাৰ ৫টা উপকাৰিতা

১) শৰীৰত তেজৰ অভাৱ নহয়ঃ ৰক্তহীনতাত ভুগি থকাসকলৰ বাবে শীতকালত গুড় খোৱাটো অতি উপকাৰী। গুড় সেৱনে শৰীৰত হিম’গ্লবিনৰ অভাৱ দূৰ কৰে, লগতে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। গুড়ত ফছফৰাছ আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে হাড় মজবুত কৰাত সহায় কৰে।

২) মুখৰ পিম্পল আঁতৰিবঃ যৌৱনত মুখত পিম্পল হোৱাটো স্বাভাৱিক। এই পিম্পলবোৰৰ জৰিয়তে শৰীৰৰ ক্ষতিকাৰক বিষাক্ত পদাৰ্থ ওলাই আহে, যাৰ ফলত শৰীৰ উপকৃত হয় যদিও ই মুখখন নষ্ট কৰে। এই সমস্যা দূৰ কৰিবলৈ আপুনি গুড় সেৱন আৰম্ভ কৰিব পাৰে। গুৰ খালে মুখত পিম্পল গঠন হোৱা বন্ধ হৈ যায়, যাৰ ফলত আপোনাৰ মুখখন উজ্জ্বল হৈ থাকিব।

৩) পাচনতন্ত্ৰ ঠিক হৈ থাকেঃ গুড়ত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। আহাৰ খোৱাৰ পাছত গুৰ খালে পেটটো ভাল হৈ থকাত সহায় কৰে আৰু পাচনতন্ত্ৰ মজবুত কৰে। শীতকালত গুড় সেৱন কৰিলে ঠাণ্ডাৰ পৰাও সকাহ পোৱা যায়।

৪) কাহ আৰু চৰ্দিত উপশমঃ শীতকালত ঠাণ্ডা হ’লে জ্বৰ বা চৰ্দি আৰু ঠাণ্ডাত সকলোকে অশান্তি দিয়ে। কিন্তু যদি আপুনি নিয়মিতভাৱে গুড় সেৱন কৰে, তেন্তে এই সমস্যাৰ পৰা সকাহ পাব। আচলতে গুড়ৰ প্ৰভাৱ গৰম, যাৰ বাবে ইয়াৰ সেৱনে শৰীৰত উপকাৰ দিয়ে। যদি আপুনি গুড়ৰ লগতে জালুক আৰু আদা সেৱন কৰে, তেন্তে ই ঠাণ্ডা দূৰ কৰাত বহু পৰিমাণে সকাহ দিয়ে।

৫) গাঁঠিৰ বিষ নোহোৱা হয়ঃ শীতকালত গাঁঠিৰ বিষ আমনি কৰে। ইয়াৰ বাবে সকলো বয়সৰ লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিষৰ বাবে ক’লৈকো লৰচৰ কৰিব নোৱাৰাৰ বাবে গোটেই সময়খিনি ঘৰতে কটাবলৈ বাধ্য হয়। এই সমস্যা দূৰ কৰিবলৈ গুড় আৰু আদা সেৱন কৰিব পাৰে। দৈনিক গুড়ৰ টুকুৰাৰ সৈতে আদা খালে গাঁঠিৰ বিষৰ পৰা বহু পৰিমাণে সকাহ পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু