--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াৰ  ইউক্ৰেইন আক্ৰমণে চাৰি মাহ অতিক্ৰম কৰিলে। যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পাছতে ইউক্ৰেইনত জ্বলি উঠিছিল যুদ্ধৰ দাবানল। এই ৰাছিয়া-ইউক্ৰেইন যুদ্ধই চাৰিটা মাহ অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে অব্যাহত আছে যুদ্ধ। ৰাছিয়াৰ এই ইউক্ৰেইন আক্ৰমণৰ পিছতে বিশ্ব নেতৃত্বই ৰাছিয়াক কঠোৰ সমালোচনা কৰাৰ লগতে আন্তৰ্জাতিক মঞ্চত কেইবাটাও নিষেধাজ্ঞাৰ সন্মুখীন হয় ৰাছিয়া। 

ইতিমধ্যে চাৰিমাহ ধৰি চলি থকা যুদ্ধত প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইন। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে সমগ্ৰ দেশখন। ৰাছিয়ান আক্ৰমণৰ এই ভয়াৱহতাৰ দোহাই দি মঙ্গলবাৰে ৰুছ ৰাষ্ট্ৰপতি পুটিনক কঠোৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

মঙলবাৰে সন্ধিয়া জাৰ্মান সম্প্ৰচাৰক জেড.ডি.এফ- ৰ সৈতে এক সাক্ষাৎকাৰত জনছনে পুটিনক উপহাস কৰি কয় যে যদি পুটিন এগৰাকী মহিলা হ'লহেঁতেন, মই নাভাবো যে তেওঁ এনে ধৰণৰ ভয়াৱহ যুদ্ধ আৰম্ভ কৰিলেহেঁতেন। যদি বিষাক্ত পুৰুষত্বৰ এটা ভাল উদাহৰণ চাবলৈ বিচৰা হয়,  পুটিনৰ ব্যক্তিত্বৰ মাজতে এই চৰিত্ৰ আছে বুলিও ৰুছ ৰাষ্ট্ৰপতিগৰাকীক নিন্দা কৰে জনছনে।

তেওঁৰ সাক্ষাৎকাৰৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “সকলোৱে দেশ দুখনৰ মাজত যুদ্ধ শেষ হোৱাটো বিচাৰে। কিন্তু এই সন্দৰ্ভত কোনো সম্ভৱপৰ চুক্তি নাই। পুটিনে শান্তি চুক্তিৰ বাবে কোনো প্ৰস্তাৱ দিয়া নাই। আনহাতে জেলেনস্কিয়েও এতিয়ালৈকে কোনো চুক্তি আগবঢ়াব পৰা নাই।” 

তেওঁ লগতে  শান্তি আলোচনা সম্ভৱ হ'লে ইউক্ৰেইন যাতে এক সবল কৌশলগত স্থিতিত থাকিবলৈ সক্ষম হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমীয়া মিত্ৰশক্তিয়ে ইউক্ৰেইনলৈ সমৰ্থন আগবঢ়োৱাৰো পোষকতা কৰে।  যোৱা দেওবাৰেও জনছনে  G7 ৰ অন্তৰ্ভুক্ত দেশসমূহৰ নেতাসকলৰ সন্মুখত পুটিনৰ শেহতীয়া ছবি এখনক লৈ ব্যঙ্গ কৰিছিল।

আনহাতে জনছনে পুটিনক উদ্দেশ্যি এইদৰে নিন্দা কৰাৰ পিছতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে জনছনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনছনক ঠাট্ৰাসূচকভাৱে কয়, "মনোবিশ্লেষক চিগমাণ্ড ফ্ৰয়েডে গৱেষণাৰ বাবে তেওঁৰ জীৱনকালত এনে এটা বিষয় থাকিলে ভাল পালেহেঁতেন"। তদুপৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাইও জনছনৰ এই মন্তব্যক নিন্দা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী