--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াৰ  ইউক্ৰেইন আক্ৰমণে চাৰি মাহ অতিক্ৰম কৰিলে। যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পাছতে ইউক্ৰেইনত জ্বলি উঠিছিল যুদ্ধৰ দাবানল। এই ৰাছিয়া-ইউক্ৰেইন যুদ্ধই চাৰিটা মাহ অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে অব্যাহত আছে যুদ্ধ। ৰাছিয়াৰ এই ইউক্ৰেইন আক্ৰমণৰ পিছতে বিশ্ব নেতৃত্বই ৰাছিয়াক কঠোৰ সমালোচনা কৰাৰ লগতে আন্তৰ্জাতিক মঞ্চত কেইবাটাও নিষেধাজ্ঞাৰ সন্মুখীন হয় ৰাছিয়া। 

ইতিমধ্যে চাৰিমাহ ধৰি চলি থকা যুদ্ধত প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইন। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে সমগ্ৰ দেশখন। ৰাছিয়ান আক্ৰমণৰ এই ভয়াৱহতাৰ দোহাই দি মঙ্গলবাৰে ৰুছ ৰাষ্ট্ৰপতি পুটিনক কঠোৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

মঙলবাৰে সন্ধিয়া জাৰ্মান সম্প্ৰচাৰক জেড.ডি.এফ- ৰ সৈতে এক সাক্ষাৎকাৰত জনছনে পুটিনক উপহাস কৰি কয় যে যদি পুটিন এগৰাকী মহিলা হ'লহেঁতেন, মই নাভাবো যে তেওঁ এনে ধৰণৰ ভয়াৱহ যুদ্ধ আৰম্ভ কৰিলেহেঁতেন। যদি বিষাক্ত পুৰুষত্বৰ এটা ভাল উদাহৰণ চাবলৈ বিচৰা হয়,  পুটিনৰ ব্যক্তিত্বৰ মাজতে এই চৰিত্ৰ আছে বুলিও ৰুছ ৰাষ্ট্ৰপতিগৰাকীক নিন্দা কৰে জনছনে।

তেওঁৰ সাক্ষাৎকাৰৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “সকলোৱে দেশ দুখনৰ মাজত যুদ্ধ শেষ হোৱাটো বিচাৰে। কিন্তু এই সন্দৰ্ভত কোনো সম্ভৱপৰ চুক্তি নাই। পুটিনে শান্তি চুক্তিৰ বাবে কোনো প্ৰস্তাৱ দিয়া নাই। আনহাতে জেলেনস্কিয়েও এতিয়ালৈকে কোনো চুক্তি আগবঢ়াব পৰা নাই।” 

তেওঁ লগতে  শান্তি আলোচনা সম্ভৱ হ'লে ইউক্ৰেইন যাতে এক সবল কৌশলগত স্থিতিত থাকিবলৈ সক্ষম হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমীয়া মিত্ৰশক্তিয়ে ইউক্ৰেইনলৈ সমৰ্থন আগবঢ়োৱাৰো পোষকতা কৰে।  যোৱা দেওবাৰেও জনছনে  G7 ৰ অন্তৰ্ভুক্ত দেশসমূহৰ নেতাসকলৰ সন্মুখত পুটিনৰ শেহতীয়া ছবি এখনক লৈ ব্যঙ্গ কৰিছিল।

আনহাতে জনছনে পুটিনক উদ্দেশ্যি এইদৰে নিন্দা কৰাৰ পিছতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে জনছনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনছনক ঠাট্ৰাসূচকভাৱে কয়, "মনোবিশ্লেষক চিগমাণ্ড ফ্ৰয়েডে গৱেষণাৰ বাবে তেওঁৰ জীৱনকালত এনে এটা বিষয় থাকিলে ভাল পালেহেঁতেন"। তদুপৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাইও জনছনৰ এই মন্তব্যক নিন্দা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে