--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলেক্ট্ৰিক গাড়ীক ভৱিষ্যতৰ বাহন বুলি প্ৰচাৰ কৰা হৈছে যদিও কিছুমান কোম্পানীয়ে আৰু এখোজ আগুৱাই যাবলৈ চেষ্টা কৰিছে। টয়োটা, এম জিকে ধৰি বহু কোম্পানীয়ে হাইড্ৰজেন চালিত বাহনৰ ওপৰত বাজি ধৰিছে। একে সময়তে ভাৰতৰ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে এখোজ আগুৱাই গৈ গৰুৰ গোবৰেৰে গাড়ী চলোৱাৰ কথা কৈছে। শেহতীয়াকৈ চুজুকি মটৰ কৰ্পৰেশ্যনে পৰিষ্কাৰ ইন্ধনৰ বিকল্পৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিল। ইয়াৰ অধীনত মাৰুতি চুজুকিয়ে গৰুৰ গোবৰ ব্যৱহাৰ কৰি বায়’গেছ উৎপাদন কৰিব, যাৰ সহায়ত ভৱিষ্যতে চিএনজি গাড়ী চলোৱা হ’ব। 

চুজুকিয়ে কয়, "কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে চুজুকিৰ অনন্য পদক্ষেপ হৈছে বায়'গেছ ব্যৱসায়, য'ত গৰুৰ গোবৰৰ পৰা বায়'গেছ লাভ কৰা হ'ব। এই বায়'গেছ চুজুকিৰ চিএনজি মডেলৰ বাবে ব্যৱহাৰ কৰিব, যিটো ভাৰতৰ প্ৰথমখন চিএনজি গাড়ী হ'ব।" প্ৰায় ৭০ শতাংশ ভাৰতৰ গ্ৰাম্য অঞ্চলত গৰুৰ গোবৰক প্ৰায়ে আৱৰ্জনা হিচাপে দেখা যায়। মাৰুতিৰ এই আঁচনিৰ পিছত গৰুৰ গোবৰ কিনি বিক্ৰী কৰিব পাৰি।" চিএনজি অটোমোটিভ সমাধানসমূহে কেৱল ভাৰতীয় বজাৰখনকে পূৰণ কৰাই নহয়, শক্তিশালী কৃষি খণ্ড থকা আফ্ৰিকা, আছিয়ান আৰু জাপানকে ধৰি বজাৰসমূহলৈও ৰপ্তানি কৰা হ’ব।

গৰুৰ গোবৰ বায়’গেছ উৎপাদন আৰু যোগানৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে মাৰুতি চুজুকিয়ে। ইয়াৰ বাবে কোম্পানীটোৱে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ড আৰু বানাছ ডেইৰীৰ দৰে সংস্থাৰ সৈতেও অংশীদাৰিত্ব কৰিব। চুজুকিয়ে জাপানস্থিত ফুজিছান আছাগিৰি বায়’মাছতো বিনিয়োগ কৰিছে যিয়ে গৰুৰ গোবৰ বায়’গেছ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰে।

চুজুকিয়ে অনুমান কৰিছে যে এদিনত ১০টা গৰুৰ পৰা পোৱা গোবৰ ১ দিন ১খন গাড়ী চলাবলৈ যথেষ্ট হ’ব। এতিয়ালৈকে চুজুকিৰ গৰুৰ গোবৰ বায়’গেছ পৰিকল্পনাটো পৰীক্ষাৰ দৰেই দেখা গৈছে। বৰ্তমান সময়ত গৰুৰ গোবৰৰ জৈৱ গেছৰ খৰচ, ইঞ্জিনত ইয়াৰ প্ৰভাৱকে ধৰি বহু দিশত কাম কৰিবলগীয়া হৈছে। ২০২৪ চনৰ মাজভাগৰ পৰা গৰুৰ গোবৰ বায়’গেছৰ উৎপাদন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চুজুকিয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই