--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা গৱেষণাই কয় যে আমি শৰীৰৰ পৰা এনে বহু সংকেত পাওঁ, যিয়ে কয় যে আমাৰ মৃত্যু কেতিয়া হ’ব পাৰে। বয়স বৃদ্ধিৰ লগতে চুলি ধূসৰ হোৱা আৰু বলিৰেখাৰ দৰে লক্ষণ দেখা যায়। সেইবোৰলৈ চাই আমি যিকোনো মানুহৰ বয়স সহজেই অনুমান কৰিব পাৰো। একেদৰে আমিও সেই চিনবোৰ চিনাক্ত কৰিব পাৰো, যাৰ দ্বাৰা আমি জানিব পৰা যায় যে আমি সৰুতেই মৃত্যুৰ বিপদত পৰিছো। জাৰ্নেল অৱ কেচেক্সিয়া, চাৰ্কোপেনিয়া এণ্ড মাছলত প্ৰকাশিত গৱেষণাৰ মতে, গ্ৰীপৰ শক্তিৰ অভাৱ কম আয়ুসৰ সতৰ্কবাণী।

আমেৰিকাৰ গৱেষকসকলে বিচাৰি উলিয়াইছে যে গ্ৰিপ শক্তি কম থকা লোকসকলে ‘ডি এন এ মিথাইলেচন বয়সৰ ত্বৰণ’ প্ৰদৰ্শন কৰে। অৰ্থাৎ তেওঁলোকে শক্তিশালী গ্ৰীপ শক্তি থকা লোকতকৈ বেছি দ্ৰুতগতিত বয়স বৃদ্ধিৰ লক্ষণ দেখুৱাইছিল। ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি এই অধ্যয়নৰ মুখ্য লেখক ডাঃ মাৰ্ক পিটাৰছনে কয় যে তেওঁ দুৰ্বলতা আৰু দ্ৰুত বয়স বৃদ্ধিৰ মাজত সম্পৰ্ক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল যদিও এই দুয়োটাৰ মাজৰ সম্পৰ্ক ইমান শক্তিশালী হ’ব বুলি তেওঁ আশা কৰা নাছিল।

গ্ৰীপ টেষ্ট কৰাটো কিয় গুৰুত্বপূৰ্ণ?
ডাঃ মাৰ্কে কয় যে কাৰ্য্যক্ষম শক্তি পৰীক্ষা কৰিবলৈ চিকিৎসকে নিয়মীয়া এপইণ্টমেণ্টৰ সময়ত গ্ৰীপ টেষ্ট কৰিব লাগে। গ্ৰীপ শক্তিৰ সৈতে গোটেই শৰীৰৰ শক্তিৰ সম্পৰ্ক আছে। অৰ্থাৎ যদি আপোনাৰ গ্ৰীপৰ শক্তি দুৰ্বল হয়, তেন্তে ই সমগ্ৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ শৰীৰৰ আন অংশ দুৰ্বল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

যিসকলৰ গ্ৰিপ শক্তি দুৰ্বল তেওঁলোকৰ এই ৰোগৰ আশংকা থাকে!
যদি কাৰোবাৰ গ্ৰিপ দুৰ্বল হয়, তেন্তে ই এটা সতৰ্কবাণীৰ সংকেত যে তেওঁলোকৰ বয়সৰ লগত জড়িত দীৰ্ঘদিনীয়া ৰোগৰ আশংকা বেছি। বয়সৰ লগত জড়িত ৰোগসমূহ হ’ল ডিমেনচিয়া, হৃদৰোগ আৰু ডায়েবেটিছ। প্ৰতিবেদন অনুসৰি যদি কিবা এটা ধৰি থকাৰ সময়ত দুৰ্বল অনুভৱ হয় বা সেই বস্তুটো সঠিকভাৱে ধৰিব পৰা নাই তেন্তে চিকিৎসকৰ ওচৰলৈ গৈ প্ৰয়োজনীয় পৰীক্ষা কৰাব লাগে।

নিজৰ যত্ন কেনেকৈ ল’ব?
গ্ৰীপৰ শক্তি উন্নত কৰাটো এই সমস্যাৰ সমাধান নহয়। বৰঞ্চ ইয়াৰ সমাধান হ’ল জীৱনত সেই সকলোবোৰ বস্তু অন্তৰ্ভুক্ত কৰা, যিবোৰ শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজনীয়, যেনে সুষম খাদ্য খোৱা, মদ্যপান পৰিহাৰ কৰা আৰু দৈনিক শাৰীৰিক ক্ৰিয়া-কলাপ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক