--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা গৱেষণাই কয় যে আমি শৰীৰৰ পৰা এনে বহু সংকেত পাওঁ, যিয়ে কয় যে আমাৰ মৃত্যু কেতিয়া হ’ব পাৰে। বয়স বৃদ্ধিৰ লগতে চুলি ধূসৰ হোৱা আৰু বলিৰেখাৰ দৰে লক্ষণ দেখা যায়। সেইবোৰলৈ চাই আমি যিকোনো মানুহৰ বয়স সহজেই অনুমান কৰিব পাৰো। একেদৰে আমিও সেই চিনবোৰ চিনাক্ত কৰিব পাৰো, যাৰ দ্বাৰা আমি জানিব পৰা যায় যে আমি সৰুতেই মৃত্যুৰ বিপদত পৰিছো। জাৰ্নেল অৱ কেচেক্সিয়া, চাৰ্কোপেনিয়া এণ্ড মাছলত প্ৰকাশিত গৱেষণাৰ মতে, গ্ৰীপৰ শক্তিৰ অভাৱ কম আয়ুসৰ সতৰ্কবাণী।

আমেৰিকাৰ গৱেষকসকলে বিচাৰি উলিয়াইছে যে গ্ৰিপ শক্তি কম থকা লোকসকলে ‘ডি এন এ মিথাইলেচন বয়সৰ ত্বৰণ’ প্ৰদৰ্শন কৰে। অৰ্থাৎ তেওঁলোকে শক্তিশালী গ্ৰীপ শক্তি থকা লোকতকৈ বেছি দ্ৰুতগতিত বয়স বৃদ্ধিৰ লক্ষণ দেখুৱাইছিল। ফক্স নিউজৰ প্ৰতিবেদন অনুসৰি এই অধ্যয়নৰ মুখ্য লেখক ডাঃ মাৰ্ক পিটাৰছনে কয় যে তেওঁ দুৰ্বলতা আৰু দ্ৰুত বয়স বৃদ্ধিৰ মাজত সম্পৰ্ক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল যদিও এই দুয়োটাৰ মাজৰ সম্পৰ্ক ইমান শক্তিশালী হ’ব বুলি তেওঁ আশা কৰা নাছিল।

গ্ৰীপ টেষ্ট কৰাটো কিয় গুৰুত্বপূৰ্ণ?
ডাঃ মাৰ্কে কয় যে কাৰ্য্যক্ষম শক্তি পৰীক্ষা কৰিবলৈ চিকিৎসকে নিয়মীয়া এপইণ্টমেণ্টৰ সময়ত গ্ৰীপ টেষ্ট কৰিব লাগে। গ্ৰীপ শক্তিৰ সৈতে গোটেই শৰীৰৰ শক্তিৰ সম্পৰ্ক আছে। অৰ্থাৎ যদি আপোনাৰ গ্ৰীপৰ শক্তি দুৰ্বল হয়, তেন্তে ই সমগ্ৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ শৰীৰৰ আন অংশ দুৰ্বল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

যিসকলৰ গ্ৰিপ শক্তি দুৰ্বল তেওঁলোকৰ এই ৰোগৰ আশংকা থাকে!
যদি কাৰোবাৰ গ্ৰিপ দুৰ্বল হয়, তেন্তে ই এটা সতৰ্কবাণীৰ সংকেত যে তেওঁলোকৰ বয়সৰ লগত জড়িত দীৰ্ঘদিনীয়া ৰোগৰ আশংকা বেছি। বয়সৰ লগত জড়িত ৰোগসমূহ হ’ল ডিমেনচিয়া, হৃদৰোগ আৰু ডায়েবেটিছ। প্ৰতিবেদন অনুসৰি যদি কিবা এটা ধৰি থকাৰ সময়ত দুৰ্বল অনুভৱ হয় বা সেই বস্তুটো সঠিকভাৱে ধৰিব পৰা নাই তেন্তে চিকিৎসকৰ ওচৰলৈ গৈ প্ৰয়োজনীয় পৰীক্ষা কৰাব লাগে।

নিজৰ যত্ন কেনেকৈ ল’ব?
গ্ৰীপৰ শক্তি উন্নত কৰাটো এই সমস্যাৰ সমাধান নহয়। বৰঞ্চ ইয়াৰ সমাধান হ’ল জীৱনত সেই সকলোবোৰ বস্তু অন্তৰ্ভুক্ত কৰা, যিবোৰ শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজনীয়, যেনে সুষম খাদ্য খোৱা, মদ্যপান পৰিহাৰ কৰা আৰু দৈনিক শাৰীৰিক ক্ৰিয়া-কলাপ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু