--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাজনৰ বৰ্ষাৰণ্যৰ অন্যতম বিপজ্জনক মাছ পিৰান্হা। এই মাংসভোজী মাছে সন্মুখত পালে মানুহক ভক্ষণ কৰে। উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জং উনে ব্ৰাজিলৰ পৰা এনে কেইবাটাও পিৰান্হা নিজৰ দেশলৈ আনিছে। এয়া তেওঁৰ প্ৰশাসনৰ শাস্তিৰ নতুন মাধ্যম হৈ পৰিছে।

শেহতীয়াকৈ কিমে নিজৰ প্ৰশাসনৰ এজন বিদ্ৰোহী বিষয়াক পিৰানা ভৰ্তি পুখুৰীত পেলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্ৰিটেইনৰ ডেইলী ষ্টাৰত প্ৰকাশিত বাতৰি অনুসৰি কিমৰ বাসগৃহত নিজাকৈ পানীৰ টেংকি আছে। তাত ব্ৰাজিলৰ পিৰান্হা ৰখা হয়। সাধাৰণ পদবীৰ বিষয়াজনক পানীত পেলাই দিয়া হয়। তাতেই তেওঁৰ মৃত্যু হয়।

অভিযোগ অনুসৰি পানীত পেলোৱাৰ পূৰ্বে তেওঁৰ হাত আৰু ডিঙি কাটি পেলোৱা হৈছিল। সেই আঘাতৰ ফলত তেওঁৰ মৃত্যু হৈছিল, পানীত ডুব গৈছিল নে প্ৰকৃততে পিৰানাৰ আক্ৰমণত মৃত্যু হৈছিল সেয়া স্পষ্ট নহয়।

নিহত জেনেৰেলে উত্তৰ কোৰিয়াত কিমৰ বিৰুদ্ধে সামৰিক অভ্যুত্থানৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উঠিছে। সেই কথা গম পোৱাৰ পিছত কিমে তেওঁক শাস্তি দিলে। শেহতীয়াকৈ আন কেইবাজনো অপৰাধীয়েও একে শাস্তি ভোগ কৰিবলগীয়া হৈছে।

ইয়াৰ পূৰ্বে কিমে দেশখনৰ সেনা প্ৰধান, কেন্দ্ৰীয় বেংকৰ চিইঅ’ আৰু কিউবা আৰু মালয়েছিয়াত থকা ৰাষ্ট্ৰদূতক হত্যা কৰিছিল। তেওঁ সাধাৰণতে ৰাজহুৱা স্থানত ফাঁচী চলায়, যাতে দেশৰ বাকী নাগৰিকে ভয় অনুভৱ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক