--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাজনৰ বৰ্ষাৰণ্যৰ অন্যতম বিপজ্জনক মাছ পিৰান্হা। এই মাংসভোজী মাছে সন্মুখত পালে মানুহক ভক্ষণ কৰে। উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জং উনে ব্ৰাজিলৰ পৰা এনে কেইবাটাও পিৰান্হা নিজৰ দেশলৈ আনিছে। এয়া তেওঁৰ প্ৰশাসনৰ শাস্তিৰ নতুন মাধ্যম হৈ পৰিছে।

শেহতীয়াকৈ কিমে নিজৰ প্ৰশাসনৰ এজন বিদ্ৰোহী বিষয়াক পিৰানা ভৰ্তি পুখুৰীত পেলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্ৰিটেইনৰ ডেইলী ষ্টাৰত প্ৰকাশিত বাতৰি অনুসৰি কিমৰ বাসগৃহত নিজাকৈ পানীৰ টেংকি আছে। তাত ব্ৰাজিলৰ পিৰান্হা ৰখা হয়। সাধাৰণ পদবীৰ বিষয়াজনক পানীত পেলাই দিয়া হয়। তাতেই তেওঁৰ মৃত্যু হয়।

অভিযোগ অনুসৰি পানীত পেলোৱাৰ পূৰ্বে তেওঁৰ হাত আৰু ডিঙি কাটি পেলোৱা হৈছিল। সেই আঘাতৰ ফলত তেওঁৰ মৃত্যু হৈছিল, পানীত ডুব গৈছিল নে প্ৰকৃততে পিৰানাৰ আক্ৰমণত মৃত্যু হৈছিল সেয়া স্পষ্ট নহয়।

নিহত জেনেৰেলে উত্তৰ কোৰিয়াত কিমৰ বিৰুদ্ধে সামৰিক অভ্যুত্থানৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উঠিছে। সেই কথা গম পোৱাৰ পিছত কিমে তেওঁক শাস্তি দিলে। শেহতীয়াকৈ আন কেইবাজনো অপৰাধীয়েও একে শাস্তি ভোগ কৰিবলগীয়া হৈছে।

ইয়াৰ পূৰ্বে কিমে দেশখনৰ সেনা প্ৰধান, কেন্দ্ৰীয় বেংকৰ চিইঅ’ আৰু কিউবা আৰু মালয়েছিয়াত থকা ৰাষ্ট্ৰদূতক হত্যা কৰিছিল। তেওঁ সাধাৰণতে ৰাজহুৱা স্থানত ফাঁচী চলায়, যাতে দেশৰ বাকী নাগৰিকে ভয় অনুভৱ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য