--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৰম্পৰাগত  গাড়ীতকৈ বেটাৰীচালিত বৈদ্যুতিক গাড়ী  অধিক ক্ষতিকাৰক৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (আইআইটি) কানপুৰে কৰা এক শেহতীয়া অধ্যয়নত এই দাবী কৰা  হৈছে যে ইলেক্ট্ৰনিক গাড়ীবোৰ হাইব্ৰিড কাৰ আৰু পৰম্পৰাগত আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিন কাৰতকৈ অধিক পৰিৱেশ-অনুকূল নহয়৷ 

আইআইটি কানপুৰৰ ইঞ্জিন গৱেষণা পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি বৈদ্যুতিক গাড়ী নিৰ্মাণ, ব্যৱহাৰ আৰু স্ক্ৰেপিংয়ে হাইব্ৰিড (এইচ.ই.ভি.) আৰু পৰম্পৰাগত ইঞ্জিন কাৰতকৈ ১৫ ৰ পৰা ৫০ শতাংশ অধিক সেউজগৃহ গেছ (জিএইচজি) উৎপাদন কৰি আছে।

অধ্যয়নটোৱে এয়াও  দেখুৱাইছে  যে হাইব্ৰিড  গাড়ীবোৰ আটাইতকৈ পৰিৱেশ-অনুকূল।বৈদ্যুতিক, হাইব্ৰিড আৰু পৰম্পৰাগত গাড়ীৰ বিষয়ে এটা জাপানী সংস্থাৰ সহায়ত আইআইটি কানপুৰে এই অধ্যয়নটো পৰিচালনা কৰিছিল। অধ্যয়নটোত  গাড়ীবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰিছিল - দুটা বিদেশী শ্ৰেণী আৰু এটা ভাৰতীয় শ্ৰেণী - বাহনবোৰৰ জীৱন চক্ৰ বিশ্লেষণ (এলচিএ) আৰু মুঠ ব্যয় (টিচিঅ') গণনা কৰা হৈছিল৷আইআইটি কানপুৰৰ অধ্যাপক অবিনাশ আগৰৱালাই চলোৱা অধ্যয়নত দেখা গৈছে যে বেটাৰীচালিত বৈদ্যুতিক গাড়ীয়ে (বিইভি) অন্যান্য বাহনতকৈ বিভিন্ন শ্ৰেণীত ১৫-৫০  শতাংশ অধিক সেউজগৃহ গেছ নিৰ্গত কৰে।

বি.ই.ভি.-ত, বেটাৰীটো বিদ্যুতৰ দ্বাৰা চাৰ্জ কৰিব লাগে৷ আনহাতে বৰ্তমান দেশত ৭৫  শতাংশ বিদ্যুৎ কয়লাৰ পৰা উৎপন্ন হয়, যি কাৰ্বন-ডাই অক্সাইড নিৰ্গত কৰে। একেদৰে, হাইব্ৰিড আৰু পৰম্পৰাগত গাড়ীৰ তুলনাত বেটাৰী গাড়ীৰ  ৰক্ষণাবেক্ষণৰ ব্যয় প্ৰতি কিমিত ১৫-৬০ শতাংশ অধিক।হাইব্ৰিড  বাহনবোৰে (এইচ.ই.ভি.) বাকী দুটা শ্ৰেণীৰ বাহনৰ তুলনাত আটাইতকৈ কম পৰিমাণৰ জি.এইচ.জি. নিৰ্গত কৰে ৷

 আইআইটিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদি চৰকাৰে নিকা প্ৰযুক্তিৰ প্ৰচাৰ কৰিব বিচাৰে, হাইব্ৰিড গাড়ীৰ ওপৰত বেটাৰী বাহনৰ সমান কৰ আৰোপ কৰি কৰি সেইবোৰৰ প্ৰচলন বঢ়াব পাৰে৷অধ্যাপক আগৰৱালাই লগতে কয় যে  ভাড়াত দিবলৈ   বেটাৰী চালিত গাড়ী এখন অধিক কাৰ্যকৰী। আনহাতে পৰিৱেশৰ ক্ষেত্ৰত হাইব্ৰিড বাহনবোৰ সৰ্বশ্ৰেষ্ঠ।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে