--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত ভাৰতে এক বিশেষ সফলতা লভিবলৈ সক্ষম হৈছে। চন্দ্ৰযান-২ অভিযান শেষ মুহূৰ্তত বিফল হোৱাৰ পিছত ভাৰতে এইবাৰ চন্দ্ৰযান-৩ৰ অভিযানৰ বাবে সাজু হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতীয় হাকাশ গৱেষণা সংস্থাই ইছৰোই  চন্দ্ৰযান-৩ প্ৰাথমিক পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। 

জানিব পৰা মতে ইছৰোই  এতিয়া কেৱল চূড়ান্ত গণনাৰ বাবে অপেক্ষা কৰি আছে। যদি সকলো ঠিকে থাকে, ইছৰোই দুমাহৰ ভিতৰতে মহাকাশ গৱেষণাত ইতিহাস সৃষ্টি কৰি পাৰিব। চন্দ্ৰযান-৩ প্ৰেৰণৰ  মাহটো হয়তো জুলাই হ’ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।  ভাৰতীয় বিজ্ঞানীসকলে নিৰ্মাণ কৰা এই অত্যাধুনিক যানখনে চন্দ্ৰৰ মাটি, বতৰ আদিৰ বিষয়ে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব। ই  পৃথিৱীৰ উপগ্ৰহটোৰ অধ্যয়নত নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-২ অভিযান  সফল হোৱা নাছিল। চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি  চন্দ্ৰযান-২ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ফলত ভাৰতৰ সেই  অভিযানটো বিফল হৈছিল। ইছৰোৰ বিজ্ঞানীসকলে আত্মবিশ্বাস হেৰুৱাই নেপেলাই  চন্দ্ৰযান-৩ ক সফল কৰিবলৈ চেষ্টা চলাই  আছে। 

 ইছৰোৰ  নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী  বিষয়াই কয়, "জুলাইৰ প্ৰথম বা দ্বিতীয় সপ্তাহত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে। কেৱল এটা নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰিবলৈহে বাকী আছে। চন্দ্ৰ অভিযানৰ তৃতীয় মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হ'ব।’’ শেহতীয়াকৈ, ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে  "চন্দ্ৰযান-৩ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰত এক পৰিকল্পিত অৱতৰণ কৰা। বিজ্ঞানীসকলে ইয়াৰ বাবে দিনে-ৰাতি কাম কৰি আছে। কেইবাটাও নতুন সঁজুলি বিকশিত কৰা হৈছে, সফলতা নিশ্চিত কৰাৰ লগতে  বিফলতাৰ দিশবোৰৰ ওপৰত বিশেষ চকু ৰখা হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে