--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত ভাৰতে এক বিশেষ সফলতা লভিবলৈ সক্ষম হৈছে। চন্দ্ৰযান-২ অভিযান শেষ মুহূৰ্তত বিফল হোৱাৰ পিছত ভাৰতে এইবাৰ চন্দ্ৰযান-৩ৰ অভিযানৰ বাবে সাজু হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতীয় হাকাশ গৱেষণা সংস্থাই ইছৰোই  চন্দ্ৰযান-৩ প্ৰাথমিক পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। 

জানিব পৰা মতে ইছৰোই  এতিয়া কেৱল চূড়ান্ত গণনাৰ বাবে অপেক্ষা কৰি আছে। যদি সকলো ঠিকে থাকে, ইছৰোই দুমাহৰ ভিতৰতে মহাকাশ গৱেষণাত ইতিহাস সৃষ্টি কৰি পাৰিব। চন্দ্ৰযান-৩ প্ৰেৰণৰ  মাহটো হয়তো জুলাই হ’ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।  ভাৰতীয় বিজ্ঞানীসকলে নিৰ্মাণ কৰা এই অত্যাধুনিক যানখনে চন্দ্ৰৰ মাটি, বতৰ আদিৰ বিষয়ে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব। ই  পৃথিৱীৰ উপগ্ৰহটোৰ অধ্যয়নত নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে। 

উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-২ অভিযান  সফল হোৱা নাছিল। চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি  চন্দ্ৰযান-২ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ফলত ভাৰতৰ সেই  অভিযানটো বিফল হৈছিল। ইছৰোৰ বিজ্ঞানীসকলে আত্মবিশ্বাস হেৰুৱাই নেপেলাই  চন্দ্ৰযান-৩ ক সফল কৰিবলৈ চেষ্টা চলাই  আছে। 

 ইছৰোৰ  নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী  বিষয়াই কয়, "জুলাইৰ প্ৰথম বা দ্বিতীয় সপ্তাহত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে। কেৱল এটা নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰিবলৈহে বাকী আছে। চন্দ্ৰ অভিযানৰ তৃতীয় মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হ'ব।’’ শেহতীয়াকৈ, ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে  "চন্দ্ৰযান-৩ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰত এক পৰিকল্পিত অৱতৰণ কৰা। বিজ্ঞানীসকলে ইয়াৰ বাবে দিনে-ৰাতি কাম কৰি আছে। কেইবাটাও নতুন সঁজুলি বিকশিত কৰা হৈছে, সফলতা নিশ্চিত কৰাৰ লগতে  বিফলতাৰ দিশবোৰৰ ওপৰত বিশেষ চকু ৰখা হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'