--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহৰ খবৰে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে।ইতিমধ্যে দম্পতীহালৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু প্ৰতিদিনে তেওঁলোকৰ বিয়াৰ বিষয়ে তথ্যৰ নতুন অগ্ৰগতি লাভ কৰিছে৷

দুয়োৰে ২১ ফেব্ৰুৱাৰীত গোৱাৰ এখন হোটেলত বিয়া হ'ব, বিয়াৰ থিম কি হ'ব সেই খবৰে এতিয়া শিৰোনাম দখল কৰিছে৷। এতিয়া এই দম্পতীৰ বিয়াৰ সন্দৰ্ভত আন এক নতুন আপডেট আহিছে। কোৱা হৈছে যে বিয়াৰ পাছত দুয়োজনেই মধুচন্দ্ৰিকাৰ বাবে নাযায়। ইয়াৰ কাৰণো পোহৰলৈ আহিছে।

আচলতে ই টাইমছৰ প্ৰতিবেদন অনুসৰি অভিনেত্ৰীগৰাকীয়ে বিয়াৰ তিনিদিন আগলৈকে কাম কৰিবলৈ গৈ আছে আৰু বিয়াৰ প্ৰায় এসপ্তাহৰ পাছত বলীউডৰ নতুন ছবিৰ শ্বুটিং আৰম্ভ কৰিব পাৰিব। 

একে সময়তে জেকী ভগনানীও ব্যস্ত থাকিব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ছবি ‘বড়ে মিয়ান আৰু ছোটে মিয়া’ত, কাৰণ প্ৰযোজক হিচাপে এইখন তেওঁৰ বাবে ডাঙৰ ছবি হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত দুয়োজনে হানিমুনৰ পৰিকল্পনা বাতিল কৰিব পাৰে আৰু কামৰ পৰা বিৰতি লৈ পাছত হানিমুনৰ পৰিকল্পনা কৰিব পাৰে।

ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি অহা ২১ ফেব্ৰুৱাৰীত গোৱাৰ বিলাসী হোটেল আইটিচি গ্ৰেণ্ডত ৰাকুল আৰু জেকীৰ বিবাহ সম্পন্ন হ’ব। দুয়োৰে বিয়াখন অতি ৰাজকীয় হ’ব, য’ত কেৱল বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকেহে অংশগ্ৰহণ কৰিব পাৰিব। এই ৰাজকীয় বিবাহৰ প্ৰতিটো অনুষ্ঠানতে বিভিন্ন থিম দেখা যায়। লগতে ৰাকুল আৰু জেকীৰ বিয়াখন ইক’ ফ্ৰেণ্ডলী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু