--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া এখন বিশেষ বিয়াৰ আয়োজনকলৈ  বেছ চৰ্চা চলিছে। সেই বিয়া খন হৈছে ৰাঘনীতি , মানে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ বিয়া। ৰাঘনীতিৰ  বাগদান অনুষ্ঠান  শনিবাৰে সন্ধিয়া ৫ বজাত আৰম্ভ হয়।এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে  পৰিণীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা ইতিমধ্যে দিল্লীত উপস্থিত হয়।

 কিন্তু বলীউডৰ 'দেশী গাৰ্লে'য়ে দিল্লীত  ভৰি দিয়াৰ লগে লগে এক বিৰক্তিকৰ পৰিস্থিতিৰ মুখামুখী হ’বলগীয়া হয়। এই বিষয়ক এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত এজন ব্যক্তিক বিমানবন্দৰত নিৰাপত্তা বেষ্টনী ভংগ কৰি  আৰু প্ৰিয়ংকাৰ সৈতে ছেলফি ল'বলৈ আগবাঢ়ি অহা দেখা গৈছে। মানুহজনক দেখি প্ৰিয়ংকাৰ  খুব  খং উঠিছিল। প্ৰিয়ংকাই জোৰেৰে ব্যক্তিজনক আঁতৰি থাকিবলৈ কৈছিল।


 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Pallav Paliwal (@pallav_paliwal)


সূত্ৰ অনুসৰি ৰাঘৱ আৰু পৰিণীতিয়ে নতুন দিল্লীৰ কাপুৰথালা হাইছত আঙুঠি বিনিময় কৰিব। জানিব পৰা মতে  আঙুঠি সলনি কৰাৰ অনুষ্ঠান শিখ পৰম্পৰা অনুসৰি  সম্পন্ন  হ'ব। অনুষ্ঠানত অতিথিসকলৰ বাবে নানান সুস্বাদু খাদ্যৰে ৰাতিৰ আহাৰৰ ব্যৱস্থাও কৰা হৈছে। ৰাঘৱ আৰু পৰিণীতিৰ বাগদান অনুষ্ঠানলৈ মুঠ ১৫০ জন লোকক আমন্ত্ৰণ জনোৱা হৈছে। 

প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ভগ্নীৰ বাগদান অনুষ্ঠানৰ বাবে আমেৰিকাৰ পৰা দিল্লীলৈ আহিছে। আমাজনৰ কাৰ্যবাহী মেনেজাৰ থমাছ ডাৰ্কোৱিজও দিল্লীত উপস্থিত হৈছে। থমাছ পৰিণীতিৰ এজন অতি ঘনিষ্ঠ বন্ধু। ছানিয়া মিৰ্জা, কৰণ জোহৰো অনুষ্ঠানলৈ অহাৰ সম্ভাৱনা আছে বুলি জািব পৰা গৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে