--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘৰত শনিবাৰে বিয়লি উপস্থিত হয় ছলমান খান৷ মমতাৰ কালিঘাটৰ হৰিশ মুখাৰ্জী ৰোডত থকা বাসগৃহত পদাৰ্পন কৰে বলিউডৰ ভাইজানে৷ অৱশ্যে নিৰাপত্তাজনিত কাৰণত ছলমানৰ কাষ চাপিবলৈ দিয়া নহ’ল তেওঁৰ ভক্তসকলক।

শনিবাৰে বিয়লিৰে পৰা মমতাৰ ঘৰলৈ ঢাল খাইছিল ছলমান-ভক্তৰ ভিৰ। সন্ধিয়া ৪:২০ বজাত আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰে পৰিৱেষ্টিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰলৈ আহিছিল ছলমান। নীলা জিন্স আৰু আকাশনীলা টিচাৰ্ট পিন্ধা দেখা গ’ল তেওঁক। উত্তৰীয় পৰিধান কৰি মমতাই ছলমানক আদৰে৷

হৰিশ মুখাৰ্জী ৰোডৰ মমতাৰ ঘৰৰ আশে-পাশে ভিৰ কৰে অনুৰাগীসকলে৷ আনকি অনুৰাগীসকলে ছলমানৰ এটা লাইফ চাইজৰ কাটআউটো প্ৰদৰ্শন কৰে। কালিঘাটৰ নেতাজিনগৰ ছলমান খান ফেন ক্লাবৰ সদস্যসকলেও নায়কৰ পাবলৈ উপস্থিত হয়।

উল্লেখ্য যে প্ৰখ্যাত ফুটবল ক্লাব ইষ্ট বেংগলৰ শতবাৰ্ষিকী উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত শোভা বৰ্ধন কৰিব ছলমানে। ১৩ বছৰৰ অন্তত কলকাতালৈ আহিছে ছলমান৷ শেহতীয়াকৈ ছলমানে কেইবাটাও হত্যাৰ ভাবুকি লাভ কৰিছে৷ তালৈ লক্ষ্য ৰাখি কলকাতাৰ আৰক্ষীয়ে তেওঁৰ নিৰাপত্ত ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে