--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘৰত শনিবাৰে বিয়লি উপস্থিত হয় ছলমান খান৷ মমতাৰ কালিঘাটৰ হৰিশ মুখাৰ্জী ৰোডত থকা বাসগৃহত পদাৰ্পন কৰে বলিউডৰ ভাইজানে৷ অৱশ্যে নিৰাপত্তাজনিত কাৰণত ছলমানৰ কাষ চাপিবলৈ দিয়া নহ’ল তেওঁৰ ভক্তসকলক।

শনিবাৰে বিয়লিৰে পৰা মমতাৰ ঘৰলৈ ঢাল খাইছিল ছলমান-ভক্তৰ ভিৰ। সন্ধিয়া ৪:২০ বজাত আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰে পৰিৱেষ্টিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰলৈ আহিছিল ছলমান। নীলা জিন্স আৰু আকাশনীলা টিচাৰ্ট পিন্ধা দেখা গ’ল তেওঁক। উত্তৰীয় পৰিধান কৰি মমতাই ছলমানক আদৰে৷

হৰিশ মুখাৰ্জী ৰোডৰ মমতাৰ ঘৰৰ আশে-পাশে ভিৰ কৰে অনুৰাগীসকলে৷ আনকি অনুৰাগীসকলে ছলমানৰ এটা লাইফ চাইজৰ কাটআউটো প্ৰদৰ্শন কৰে। কালিঘাটৰ নেতাজিনগৰ ছলমান খান ফেন ক্লাবৰ সদস্যসকলেও নায়কৰ পাবলৈ উপস্থিত হয়।

উল্লেখ্য যে প্ৰখ্যাত ফুটবল ক্লাব ইষ্ট বেংগলৰ শতবাৰ্ষিকী উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত শোভা বৰ্ধন কৰিব ছলমানে। ১৩ বছৰৰ অন্তত কলকাতালৈ আহিছে ছলমান৷ শেহতীয়াকৈ ছলমানে কেইবাটাও হত্যাৰ ভাবুকি লাভ কৰিছে৷ তালৈ লক্ষ্য ৰাখি কলকাতাৰ আৰক্ষীয়ে তেওঁৰ নিৰাপত্ত ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু