--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পুনৰ চৰ্চাত আহিছে বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সম্পৰ্কৰ বিষয়৷স্মতৰ্ৱ্য যে পৰিণীতি আৰু ৰাঘৱক একেলগে এবাৰ নহয় দুবাৰকৈ দেখা গৈছিল। ২২ মাৰ্চত মুম্বাইৰ এখন আড়ম্বৰপূৰ্ণ ৰেষ্টুৰেণ্টলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰি ২৩ মাৰ্চত পুনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ধৰিলে দুয়োজনে। ইয়াৰ ফলত ৰাঘৱ আৰু পৰিণীতিৰ অনুৰাগীসকলে দুয়োকে প্ৰেমিক যুগল বুলি আলোচনা কৰিবলৈ আৰম্ভ কৰে৷

অৱশ্যে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰদান কৰা  তথ্যৰ পৰা জানিব পৰা গৈছে যে পৰিণীতি আৰু ৰাঘৱ বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই।

পৰিণীতি চোপ্ৰা আৰু সাংসদ ৰাঘৱ চাদ্ধাক একেৰাহে দুদিন দুবাৰ একেলগে দেখা গৈছিল।ইতিমধ্যে নেটিজেনসকলে পৰিণীতি আৰু ৰাঘৱ দুয়োৰে মাজত কি হৈ আছে আৰু বলীউড চহৰখনত নতুন ৰোমাঞ্চৰ আৰম্ভণি বুলি বিভিন্নজনে আলোচনা কৰিছে। 
ৰাঘৱ আৰু পৰিণীতি কেৱল ভাল বন্ধু আৰু ইজনে সিজনৰ লগত বৰ্তমান ডেটিং কৰা নাই। আচলতে ৰাঘৱ আৰু পৰিণীতি দুয়োজনে লণ্ডন স্কুল অৱ ইকনমিক্সত একেলগে অধ্যয়ন কৰিছিল আৰু ৰাঘৱ আৰু পৰিণীতিৰ কেইবাজনো উমৈহতীয়া বন্ধু আছে।

উল্লেখযোগ্য যে পৰিণীতি আৰু ৰাঘৱ দুয়োজনে ভ্ৰমণ কৰি ভাল পায় আৰু প্ৰায়ে ইজনে সিজনৰ লগত কথা পাতি কম অন্বেষণ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ গন্তব্যস্থানৰ বিষয়ে আলোচনা কৰে।

ইয়াৰ উপৰিও মন কৰিবলগীয়া যে ৰাঘৱ চাদ্ধাই টুইটাৰত মাত্ৰ ৪৪ জন লোকক অনুসৰণ কৰে, ইয়াৰে মাত্ৰ দুজনহে বলীউডৰ। ইয়াৰে এজন আম আদমী পাৰ্টিৰো সদস্য গুল পানাগ, আনগৰাকী পৰিণীতি চোপ্ৰা।

সামাজিক মাধ্যমত বিয়পি পৰা ফটোসমূহত ২২ মাৰ্চত পৰিণীতি আৰু ৰাঘৱক ডিনাৰ ডেটত একেলগে দেখা গৈছিল । পৰিণীতি আৰু ৰাঘৱৰ যুটিয়ে বগা কাপোৰত টুইনিং কৰিছিল আৰু পেপছৰ বাবেও পোজ দিছিল। অৱশ্যে কালি অৰ্থাৎ ২৩ মাৰ্চত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত পুনৰবাৰ দেখা পোৱাৰ পিছতে ৰাঘৱ আৰু পৰিণীতিৰ সম্পৰ্কৰ উৰাবাতৰি বিয়পি পৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে পৰিণীতি চোপ্ৰাক পৰিচালক মনীষ শৰ্মাৰ লগত ডেটিং কৰা বুলি চৰ্চা চলিছিল। ইপিনে সংসদৰ সদস্য হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে ৰাঘৱ চদ্ধা দেশৰ যুৱপ্ৰজন্মৰ মাজত বাৰুকৈয়ে জনপ্ৰিয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement