--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাভেদ আখতাৰ এই দেশৰ ‘আদৰ্শ মুছলমান’। মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেতা ৰাজ থাকৰেয়ে বলীউডৰ জনপ্ৰিয় গীতিকাৰগৰাকীক এইদৰে প্ৰশংসা কৰে। তেওঁক 'আদৰ্শ মুছলমান’ৰ উপাধিও প্ৰদান কৰে।

'গুডী পৰৱা’ অনুষ্ঠানৰ সময়ত মুম্বাইত এক ৰেলীত জাভেদ আখতাৰৰ কথা উল্লেখ কৰে ৰাজ থাকৰেই। গীতিকাৰজনক প্ৰশংসা কৰি তেওঁ কয়, ''জাভেদ আখতাৰ আদৰ্শ মুছলমান। দেশৰ সকলো মুছলমানে তেওঁৰ পৰা শিকিব লাগে।’’

বুধবাৰে মুম্বাইৰ দাদাৰৰ ছাত্ৰপতি শিৱাজী মহাৰাজ পাৰ্কত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ থাকৰে। তাতে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে জাভেদ আখতাৰে ২৬/১১ক লৈ কৰা মন্তব্যৰ কথা উল্লেখ কৰে।

থাকৰেই কয়- "মই এই দেশত জাভেদ আখতাৰৰ দৰে মানুহ বিচাৰো। মই বিচাৰো ভাৰতীয় মুছলমানসকলে পাকিস্তানৰ বিৰুদ্ধে মাত মাতি তেওঁলোকক জনাওক আমি কিমান শক্তিশালী। জাভেদ আখতাৰে তেনেকুৱা কৰিছে, আৰু মই বিচাৰো দেশৰ বাকী মুছলমানসকলো তেওঁৰ দৰে হওক।”

প্ৰসংগক্ৰমে, ফেব্ৰুৱাৰী মাহত জাভেদ আখতাৰে কবি ফৈজ আহমেদ ফৈজৰ স্মৃতিত এক অনুষ্ঠানত পাকিস্তানৰ লাহোৰলৈ গৈছিল। সেই অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মুম্বাই আক্ৰমণৰ বিষয়ে মুখ মেলিছিল।

আখটাৰে কৈছিল- ''মুম্বাই আক্ৰমণৰ বিষয়ে সকলোৱে সচেতন। আক্ৰমণকাৰী নৰৱে বা ইজিপ্তৰ পৰা অহা নাছিল। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলে এতিয়াও আপোনাৰ দেশত মুক্তভাৱে ঘূৰি ফুৰিছে। যদি ভাৰতীয়সকলে এই বিষয়ে ক্ষোভ পুঁহি ৰাখে, তেন্তে আপোনালোকেও সেইটো বুজি পোৱা উচিত।''

জাভেদ আখতাৰৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহা সৃষ্টি হয়। সেই মন্তব্যৰ বাবে জাভেদৰ প্ৰশংসাৰে কংগনা ৰানাৱটেও মন্তব্য কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক