--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাভেদ আখতাৰ এই দেশৰ ‘আদৰ্শ মুছলমান’। মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেতা ৰাজ থাকৰেয়ে বলীউডৰ জনপ্ৰিয় গীতিকাৰগৰাকীক এইদৰে প্ৰশংসা কৰে। তেওঁক 'আদৰ্শ মুছলমান’ৰ উপাধিও প্ৰদান কৰে।

'গুডী পৰৱা’ অনুষ্ঠানৰ সময়ত মুম্বাইত এক ৰেলীত জাভেদ আখতাৰৰ কথা উল্লেখ কৰে ৰাজ থাকৰেই। গীতিকাৰজনক প্ৰশংসা কৰি তেওঁ কয়, ''জাভেদ আখতাৰ আদৰ্শ মুছলমান। দেশৰ সকলো মুছলমানে তেওঁৰ পৰা শিকিব লাগে।’’

বুধবাৰে মুম্বাইৰ দাদাৰৰ ছাত্ৰপতি শিৱাজী মহাৰাজ পাৰ্কত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ থাকৰে। তাতে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে জাভেদ আখতাৰে ২৬/১১ক লৈ কৰা মন্তব্যৰ কথা উল্লেখ কৰে।

থাকৰেই কয়- "মই এই দেশত জাভেদ আখতাৰৰ দৰে মানুহ বিচাৰো। মই বিচাৰো ভাৰতীয় মুছলমানসকলে পাকিস্তানৰ বিৰুদ্ধে মাত মাতি তেওঁলোকক জনাওক আমি কিমান শক্তিশালী। জাভেদ আখতাৰে তেনেকুৱা কৰিছে, আৰু মই বিচাৰো দেশৰ বাকী মুছলমানসকলো তেওঁৰ দৰে হওক।”

প্ৰসংগক্ৰমে, ফেব্ৰুৱাৰী মাহত জাভেদ আখতাৰে কবি ফৈজ আহমেদ ফৈজৰ স্মৃতিত এক অনুষ্ঠানত পাকিস্তানৰ লাহোৰলৈ গৈছিল। সেই অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মুম্বাই আক্ৰমণৰ বিষয়ে মুখ মেলিছিল।

আখটাৰে কৈছিল- ''মুম্বাই আক্ৰমণৰ বিষয়ে সকলোৱে সচেতন। আক্ৰমণকাৰী নৰৱে বা ইজিপ্তৰ পৰা অহা নাছিল। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলে এতিয়াও আপোনাৰ দেশত মুক্তভাৱে ঘূৰি ফুৰিছে। যদি ভাৰতীয়সকলে এই বিষয়ে ক্ষোভ পুঁহি ৰাখে, তেন্তে আপোনালোকেও সেইটো বুজি পোৱা উচিত।''

জাভেদ আখতাৰৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহা সৃষ্টি হয়। সেই মন্তব্যৰ বাবে জাভেদৰ প্ৰশংসাৰে কংগনা ৰানাৱটেও মন্তব্য কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়