--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব চাইকেল দিৱস, এই দিৱস ৩ জুনত উদযাপন কৰা বাৰ্ষিক অনুষ্ঠান। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই চাইকেলখনক সহজ, সুলভ, নিৰ্ভৰযোগ্য, পৰিষ্কাৰ আৰু পৰিৱেশৰ প্ৰতি উপযুক্ত বহনক্ষম পৰিবহণ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ আগবাঢ়ি আহিছিল। ৩ জুন তাৰিখ নিৰ্বাচন কৰাৰ তাৎপৰ্যপূৰ্ণ কাৰণ হ’ল যে এই দিনটোতে ১৮১৭ চনত কাৰ্ল ভন ড্ৰেইছে চাইকেলখনৰ উদ্ভাৱন কৰিছিল।ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৮ চনৰ এপ্ৰিল মাহত এই দিনটো আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰি চাইকেলখনৰ ব্যতিক্ৰমী গুণ, স্থায়িত্ব, আৰু বহুমুখীতাক সন্মান জনাইছিল, সেই হিচাপে বিবেচনা কৰি চাইকেলখনক দুটা শতিকাৰো অধিক সময় ধৰি ব্যৱহাৰিক পৰিবহণ পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰসংঘই চাইকেলখনক পোনপটীয়া, খৰচ-বহনক্ষম, নিৰ্ভৰযোগ্য, পৰিৱেশ-বন্ধুত্বপূৰ্ণ আৰু বহনক্ষম পৰিবহণৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল৷


আমাৰ সকলোৰে সৰু সময়চোৱাত চাইকেলখনেই এটা বিশেষ আৰু অনন্য স্থান গ্ৰহণ কৰিছে৷গ্ৰামাঞ্চলৰ প্ৰায়ভাগ সন্তানে নিজৰ পিতৃৰ চাইকেলৰ কেৰিয়াৰ আৰু আগৰ সৰু ছীটটোতেই বিদ্যালয়ৰ আদিপাঠ আৰম্ভ কৰিছিল৷দেউতাই বজাৰৰ বাবে বিক্ৰী কৰিবলৈ চাইকেলখনত দেওবাৰে বান্ধি লৈ গৈছিল দোমোনা পাচলি৷আমাৰ বাবে বিলাসিতা আছিল বিশ্বকৰ্মা পূজাৰ দিনা ধুৱাই-পখালি চাইকেলখন গাঁৱত লৈ ফুৰাৰ স্মৃতি৷


সৰস্বতী পূজাৰ দিনা চাইকেলত দুজন বা তিনিজন বন্ধুক বহুৱাই লৈ দূৰণিবটীয়া বন্ধুু ঘৰলৈ যোৱাৰ মাদকতাও আছিল সুকীয়া৷হিৰ’ৰ চাইকেল আছিল বিএচএৰ চাইকেলৰ তুলনাত কম দামী,বিএচএ ক্ৰয় কৰা বন্ধুকেইজনৰ ঘৰৰ অৱস্থা কিছু ভাল আছিল,সিহঁতৰ লগত ঘনিষ্ঠ দুই এজনে বিএছএ চাইকেল চলোৱাৰ সুযোগ সুবিধা লাভ কৰিছিল৷


আজি সেই চাইকেলৰ গুৰুত্ব কমিছে যদিও কিন্তু স্বাস্থ্য ভালকৈ ৰখা,প্ৰকৃতিৰ ৰম্যভূমিত সাঁতুৰি ফুৰিবৰ বাবে ব্যৱহাৰ কৰা দেখা যায়৷কৰ্মজীৱি মানুহৰ মাজত আজিও ক্ৰমাৎ হেৰাই যাবলৈ ধৰা চাইকেলখনৰ সমাদৰ দেখা যায়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান