--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব চাইকেল দিৱস, এই দিৱস ৩ জুনত উদযাপন কৰা বাৰ্ষিক অনুষ্ঠান। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই চাইকেলখনক সহজ, সুলভ, নিৰ্ভৰযোগ্য, পৰিষ্কাৰ আৰু পৰিৱেশৰ প্ৰতি উপযুক্ত বহনক্ষম পৰিবহণ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ আগবাঢ়ি আহিছিল। ৩ জুন তাৰিখ নিৰ্বাচন কৰাৰ তাৎপৰ্যপূৰ্ণ কাৰণ হ’ল যে এই দিনটোতে ১৮১৭ চনত কাৰ্ল ভন ড্ৰেইছে চাইকেলখনৰ উদ্ভাৱন কৰিছিল।ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৮ চনৰ এপ্ৰিল মাহত এই দিনটো আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰি চাইকেলখনৰ ব্যতিক্ৰমী গুণ, স্থায়িত্ব, আৰু বহুমুখীতাক সন্মান জনাইছিল, সেই হিচাপে বিবেচনা কৰি চাইকেলখনক দুটা শতিকাৰো অধিক সময় ধৰি ব্যৱহাৰিক পৰিবহণ পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰসংঘই চাইকেলখনক পোনপটীয়া, খৰচ-বহনক্ষম, নিৰ্ভৰযোগ্য, পৰিৱেশ-বন্ধুত্বপূৰ্ণ আৰু বহনক্ষম পৰিবহণৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল৷


আমাৰ সকলোৰে সৰু সময়চোৱাত চাইকেলখনেই এটা বিশেষ আৰু অনন্য স্থান গ্ৰহণ কৰিছে৷গ্ৰামাঞ্চলৰ প্ৰায়ভাগ সন্তানে নিজৰ পিতৃৰ চাইকেলৰ কেৰিয়াৰ আৰু আগৰ সৰু ছীটটোতেই বিদ্যালয়ৰ আদিপাঠ আৰম্ভ কৰিছিল৷দেউতাই বজাৰৰ বাবে বিক্ৰী কৰিবলৈ চাইকেলখনত দেওবাৰে বান্ধি লৈ গৈছিল দোমোনা পাচলি৷আমাৰ বাবে বিলাসিতা আছিল বিশ্বকৰ্মা পূজাৰ দিনা ধুৱাই-পখালি চাইকেলখন গাঁৱত লৈ ফুৰাৰ স্মৃতি৷


সৰস্বতী পূজাৰ দিনা চাইকেলত দুজন বা তিনিজন বন্ধুক বহুৱাই লৈ দূৰণিবটীয়া বন্ধুু ঘৰলৈ যোৱাৰ মাদকতাও আছিল সুকীয়া৷হিৰ’ৰ চাইকেল আছিল বিএচএৰ চাইকেলৰ তুলনাত কম দামী,বিএচএ ক্ৰয় কৰা বন্ধুকেইজনৰ ঘৰৰ অৱস্থা কিছু ভাল আছিল,সিহঁতৰ লগত ঘনিষ্ঠ দুই এজনে বিএছএ চাইকেল চলোৱাৰ সুযোগ সুবিধা লাভ কৰিছিল৷


আজি সেই চাইকেলৰ গুৰুত্ব কমিছে যদিও কিন্তু স্বাস্থ্য ভালকৈ ৰখা,প্ৰকৃতিৰ ৰম্যভূমিত সাঁতুৰি ফুৰিবৰ বাবে ব্যৱহাৰ কৰা দেখা যায়৷কৰ্মজীৱি মানুহৰ মাজত আজিও ক্ৰমাৎ হেৰাই যাবলৈ ধৰা চাইকেলখনৰ সমাদৰ দেখা যায়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে