--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে সঠিক মাত্ৰাত  টোপনি যোৱাটো গুৰুত্বপূৰ্ণ কথা। টোপনি যোৱাৰ ধৰণৰ ওপৰতো  স্বাস্থ্যৰ বহু কথা  নিৰ্ভৰ কৰে৷ বহুতেই ভাবে যে শোৱাৰ সোময়ত ওপৰলৈ মুখ কৰি পোন হৈ শুৱ লাগে৷ কিন্তু  গৱেষণাই কয় যে পোন হৈ শোৱাতকৈ বাওঁফালে শুলেহে ভাল৷ এনেদৰে শুলে  স্বাস্থ্য আৰু ভাল টোপনিও ভাল হয়৷ স্বাস্থ্য বিজ্ঞানে কোৱা ধৰণে  বাওঁফালে শোৱাৰ  লাভালাভবোৰ জানো আহক :

১. লিম্ফেটিক প্ৰণালীটো  সক্ৰিয় হৈ থাকে
স্বাস্থ্য বিজ্ঞানৰ  মতে বাওঁফালে কাটি হৈ শুলে  আমাৰ শৰীৰত থকা  লিম্ফৰ পৰা ৰস ভালদৰে নিঃসৰণ  হয়। ইয়াৰ কাৰণ হৈছে আমাৰ শৰীৰৰ বাওঁফালে লিম্ফেটিক অংশটোৱে আধিপত্য বিস্তাৰ কৰে। এই ৰসে শৰীৰৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰে ৷ ই শৰীৰৰ কলাবোৰ পৰিষ্কাৰ ৰাখে। পশ্চিমীয়া অধ্যয়নে এইটোও দেখুৱাইছে যে বাওঁফালে শুলে মগজুৰ পৰা বেয়া পদাৰ্থ আদি  হ্ৰাস কৰাত সহায়ক হয়। আনহাতে, সোঁ ফালে কাটি হৈ শুলে  লিম্ফেটিক প্ৰণালীৰ কাৰ্য হ্ৰাস হ'ব পাৰে।

২. পাচন ক্ষমতা বৃদ্ধি কৰে
খাদ্য সামগ্ৰী হজম কৰাৰ বাবে সোঁফালে শুই থকাতকৈ বাওঁ ফালে কাটি হৈ  শুলে বেছি ভাল৷  কিয়নো আমাৰ পাকস্থলীৰ স্থিতি আৰু মাধ্যাকৰ্ষণে এই ক্ষেত্ৰত প্ৰভাৱ পেলায়। বিশেষকৈ বাওঁফালে শুলে  খাদ্যৰ অলাতীয়াল অংশ  বৃহদান্ত্ৰৰ পৰা ডিচেণ্ডিং কোলনলৈ সহজে স্থানান্তৰ হ’ব পাৰে। আমাৰ পেটৰ বাওঁফালে  অগ্ন্যাশয় থাকে । বাওঁফালে শুলে পাকস্থলী আৰু অগ্ন্যাশয়ৰ পৰা এনজাইম বা পাচন ৰস ভালদৰে নিঃসৰণ  হোৱাত সহায়ক হয়৷

৩. হৃদযন্ত্ৰৰ বাবে উপকাৰী:
চিকিৎসকসকলে দীৰ্ঘদিন ধৰি গৰ্ভৱতী মহিলাসকলক হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন দ্ৰুত কৰিবলৈ বাওঁফালে শুবলৈ পৰামৰ্শ দি আহিছে।  বাওঁফালে শুলে হৃদযন্ত্ৰৰ ওপৰত কিছু চাপ সৃষ্টি কৰিব পাৰে। অৱশ্যেহৃদযন্ত্ৰৰ বাবে বাওঁফালে শুই থকাটো ভাল নে সোঁ ফালে কাটি হৈ  শোৱাটো  ভাল সেই বিষয়ে মতভেদ আছে।

৪. গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী
বাওঁফালে শুলে গৰ্ভৱতী মাতৃৰ কেৱল ৰক্ত সঞ্চালনেই বৃদ্ধি নহয়, ই পিঠিৰ চাপ হ্ৰাস কৰাত সহায় কৰে আৰু জৰায়ু,যকৃতত  কোনো হেঁচা নিদিয়ে।  ই বৃক্ক আৰু জৰায়ুত ৰক্ত সঞ্চালন বৃদ্ধি কৰে। আৰু এই কাৰণে, চিকিৎসকে গৰ্ভৱতী মহিলাসকলক প্ৰায়ে  বাওঁফালে কাটি হৈ  শুবলৈ পৰামৰ্শ দিয়ে।

৫. হৃদযন্ত্ৰৰ প্ৰদাহ হ্ৰাস কৰে: 
ক্লিনিকেল গেষ্ট্ৰোএণ্টেৰোলজী আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি  বাওঁফালে কাটি হৈ শুলে এচিড ৰিফ্লাক্স (এচিডৰ বিপৰীত প্ৰবাহ) হ্ৰাস হয়।  হৃদৰোগ থকা লোকসকলে কমেও ১০ মিনিটৰ বাবে বাওঁফালে শুব লাগে।

৬. পিঠিৰ বিষৰ পৰা সকাহ দিয়ে
যিসকলে দীৰ্ঘদিন ধৰি পিঠিৰ বিষত ভুগি আছে, বাওঁফালে শুলে সকাহ  পাব  পাৰে। কাৰণ এনেদৰে শুলে ই মেৰুদণ্ডৰ ওপৰত চাপ হ্ৰাস হয়। ই আৰামদায়ক আৰু সৰ্বোপৰি গভীৰ টোপনিৰ বাবেও সহায়ক হৈ পৰে।

বিশেষ সতৰ্কবাৰ্তা:
কিন্তু এই ক্ষেত্ৰত সাৱধান হোৱাৰো প্ৰয়োজন আছে। যিসকলৰ হৃদৰোগ, গ্লুকোমা, উশাহ চুটি হোৱা, বাওঁফালে শুবলৈ সমস্যা হয় তেওঁলোকে নিজৰ সুবিধা অনুসৰি কাটি হৈ শোৱা ভাল৷   এই ক্ষেত্ৰত প্ৰয়োজনত  চিকিৎসকৰ পৰামৰ্শ লোৱাটোও গুৰুত্বপূৰ্ণ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু