--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে সঠিক মাত্ৰাত  টোপনি যোৱাটো গুৰুত্বপূৰ্ণ কথা। টোপনি যোৱাৰ ধৰণৰ ওপৰতো  স্বাস্থ্যৰ বহু কথা  নিৰ্ভৰ কৰে৷ বহুতেই ভাবে যে শোৱাৰ সোময়ত ওপৰলৈ মুখ কৰি পোন হৈ শুৱ লাগে৷ কিন্তু  গৱেষণাই কয় যে পোন হৈ শোৱাতকৈ বাওঁফালে শুলেহে ভাল৷ এনেদৰে শুলে  স্বাস্থ্য আৰু ভাল টোপনিও ভাল হয়৷ স্বাস্থ্য বিজ্ঞানে কোৱা ধৰণে  বাওঁফালে শোৱাৰ  লাভালাভবোৰ জানো আহক :

১. লিম্ফেটিক প্ৰণালীটো  সক্ৰিয় হৈ থাকে
স্বাস্থ্য বিজ্ঞানৰ  মতে বাওঁফালে কাটি হৈ শুলে  আমাৰ শৰীৰত থকা  লিম্ফৰ পৰা ৰস ভালদৰে নিঃসৰণ  হয়। ইয়াৰ কাৰণ হৈছে আমাৰ শৰীৰৰ বাওঁফালে লিম্ফেটিক অংশটোৱে আধিপত্য বিস্তাৰ কৰে। এই ৰসে শৰীৰৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰে ৷ ই শৰীৰৰ কলাবোৰ পৰিষ্কাৰ ৰাখে। পশ্চিমীয়া অধ্যয়নে এইটোও দেখুৱাইছে যে বাওঁফালে শুলে মগজুৰ পৰা বেয়া পদাৰ্থ আদি  হ্ৰাস কৰাত সহায়ক হয়। আনহাতে, সোঁ ফালে কাটি হৈ শুলে  লিম্ফেটিক প্ৰণালীৰ কাৰ্য হ্ৰাস হ'ব পাৰে।

২. পাচন ক্ষমতা বৃদ্ধি কৰে
খাদ্য সামগ্ৰী হজম কৰাৰ বাবে সোঁফালে শুই থকাতকৈ বাওঁ ফালে কাটি হৈ  শুলে বেছি ভাল৷  কিয়নো আমাৰ পাকস্থলীৰ স্থিতি আৰু মাধ্যাকৰ্ষণে এই ক্ষেত্ৰত প্ৰভাৱ পেলায়। বিশেষকৈ বাওঁফালে শুলে  খাদ্যৰ অলাতীয়াল অংশ  বৃহদান্ত্ৰৰ পৰা ডিচেণ্ডিং কোলনলৈ সহজে স্থানান্তৰ হ’ব পাৰে। আমাৰ পেটৰ বাওঁফালে  অগ্ন্যাশয় থাকে । বাওঁফালে শুলে পাকস্থলী আৰু অগ্ন্যাশয়ৰ পৰা এনজাইম বা পাচন ৰস ভালদৰে নিঃসৰণ  হোৱাত সহায়ক হয়৷

৩. হৃদযন্ত্ৰৰ বাবে উপকাৰী:
চিকিৎসকসকলে দীৰ্ঘদিন ধৰি গৰ্ভৱতী মহিলাসকলক হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন দ্ৰুত কৰিবলৈ বাওঁফালে শুবলৈ পৰামৰ্শ দি আহিছে।  বাওঁফালে শুলে হৃদযন্ত্ৰৰ ওপৰত কিছু চাপ সৃষ্টি কৰিব পাৰে। অৱশ্যেহৃদযন্ত্ৰৰ বাবে বাওঁফালে শুই থকাটো ভাল নে সোঁ ফালে কাটি হৈ  শোৱাটো  ভাল সেই বিষয়ে মতভেদ আছে।

৪. গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী
বাওঁফালে শুলে গৰ্ভৱতী মাতৃৰ কেৱল ৰক্ত সঞ্চালনেই বৃদ্ধি নহয়, ই পিঠিৰ চাপ হ্ৰাস কৰাত সহায় কৰে আৰু জৰায়ু,যকৃতত  কোনো হেঁচা নিদিয়ে।  ই বৃক্ক আৰু জৰায়ুত ৰক্ত সঞ্চালন বৃদ্ধি কৰে। আৰু এই কাৰণে, চিকিৎসকে গৰ্ভৱতী মহিলাসকলক প্ৰায়ে  বাওঁফালে কাটি হৈ  শুবলৈ পৰামৰ্শ দিয়ে।

৫. হৃদযন্ত্ৰৰ প্ৰদাহ হ্ৰাস কৰে: 
ক্লিনিকেল গেষ্ট্ৰোএণ্টেৰোলজী আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি  বাওঁফালে কাটি হৈ শুলে এচিড ৰিফ্লাক্স (এচিডৰ বিপৰীত প্ৰবাহ) হ্ৰাস হয়।  হৃদৰোগ থকা লোকসকলে কমেও ১০ মিনিটৰ বাবে বাওঁফালে শুব লাগে।

৬. পিঠিৰ বিষৰ পৰা সকাহ দিয়ে
যিসকলে দীৰ্ঘদিন ধৰি পিঠিৰ বিষত ভুগি আছে, বাওঁফালে শুলে সকাহ  পাব  পাৰে। কাৰণ এনেদৰে শুলে ই মেৰুদণ্ডৰ ওপৰত চাপ হ্ৰাস হয়। ই আৰামদায়ক আৰু সৰ্বোপৰি গভীৰ টোপনিৰ বাবেও সহায়ক হৈ পৰে।

বিশেষ সতৰ্কবাৰ্তা:
কিন্তু এই ক্ষেত্ৰত সাৱধান হোৱাৰো প্ৰয়োজন আছে। যিসকলৰ হৃদৰোগ, গ্লুকোমা, উশাহ চুটি হোৱা, বাওঁফালে শুবলৈ সমস্যা হয় তেওঁলোকে নিজৰ সুবিধা অনুসৰি কাটি হৈ শোৱা ভাল৷   এই ক্ষেত্ৰত প্ৰয়োজনত  চিকিৎসকৰ পৰামৰ্শ লোৱাটোও গুৰুত্বপূৰ্ণ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement