--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ জন্মদিন। আজি ৩৮ বছৰত ভৰি দিলে অৰ্জুনে। চলচ্চিত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা অৰ্জুনে সৰুৰে পৰা অভিনয়ৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ কষ্ট কৰিব লগা হৈছিল। চিনেমালৈ অহাৰ আগতে তেওঁৰ ওজন আছিল প্ৰায় ১৫০ কেজি। অৰ্জুনে যেতিয়া বলীউডত ভৰি দিলে, তেতিয়া তেওঁৰ ৰূপান্তৰে সকলোৰে চকু কপালত তুলিলে। নতুন নায়ক অৰ্জুন কাপুৰৰ সুদৰ্শন চেহেৰাই সকলোকে আকৰ্ষণ কৰিলে। অৰ্জুনৰ ওজন কেনেকৈ বৃদ্ধি পাইছিল সেই কথা অৰ্জুনে নিজে প্ৰকাশ কৰিছে।

অৰ্জুন কাপুৰে কয় যে ‘‘যেতিয়া মোৰ মা-দেউতাৰ বিবাহ বিচ্ছেদ হৈছিল, তেতিয়া মই খাদ্যৰ মাজতে নিজৰ শান্তি বিচাৰি লৈছিলো। মা-দেউতাৰ বিবাহ বিচ্ছেদত মোৰ এটা ডাঙৰ আৱেগিক শ্বক হৈছিল, গতিকে মই খাদ্য উপভোগ কৰিবলৈ ধৰিলোঁ। সেই সময়ত ভাৰতত ফাষ্ট ফুডৰ সংস্কৃতি আহিছিল। দিনে নিশাই জাংক ফুড খাবলৈ ধৰিলোঁ। তাৰপাছত ১৬ বছৰত মই এনে এটা পৰ্যায়ত উপনীত হৈছিলোঁ যেতিয়া মোৰ হাঁপানী হৈছিল, মোৰ শৰীৰটো আঘাতপ্ৰাপ্ত হৈছিল। মোৰ ওজন ১৫০ কিলোগ্ৰাম হৈ গৈছিল। মই ১০ ছেকেণ্ডো দৌৰিব পৰা নাছিলো। ’’

অভিনেতাজনে লগতে কয় যে অতিৰিক্ত ওজনৰ বাবে মই কোনো কাম কৰিব পৰা নাছিলোঁ। তাৰ পিছত মই ছলমান খানৰ পৰা প্ৰেৰণা লাভ কৰোঁ। ছলমান খানে মোক কৈছিল যে মই ফিট হ’লে ছবিৰ নায়ক হ’ব পাৰিম।

ঠিক তেতিয়াই মই নিজৰ ওজন কমোৱাৰ ওপৰত কাম কৰিবলৈ ধৰিলোঁ। প্ৰায় ৬০ কিলো ওজন কমালো। ইয়াৰ পাছত তেওঁ ইছকজাদে ছবিৰ জৰিয়তে অভিনয় জগতত অভিষেক ঘটায়।


অৰ্জুন কাপুৰ আৰু শ্ৰীদেৱীৰ সম্পৰ্ক বিশ্বই জানে। নিজ মাতৃক দুখত দেখাৰ পিছত অভিনেতাজনে শ্ৰীদেৱীক বহুত ঘৃণা কৰিছিল। কিন্তু শ্ৰীদেৱীৰ মৃত্যুৰ পাছত জাহ্নৱী আৰু খুশীৰ কাৰণে অৰ্জুনে ককায়েকৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰেই পালন কৰিছিল।

অৰ্জুনে বৰ্তমান নিজ ভগ্নী অংশুলা আৰু সতীয়া মাতৃৰ ভগ্নী জাহ্নৱী আৰু খুশীৰ বাবে সকলো বেয়া স্মৃতি মচি খুব সাৱধানে আৱৰি ৰাখিছে। অৰ্জুনে শ্ৰেষ্ঠ পুত্ৰ হোৱাৰ লগতে শ্ৰেষ্ঠ ককায়েক বুলিও প্ৰমাণিত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক