--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ জন্মদিন। আজি ৩৮ বছৰত ভৰি দিলে অৰ্জুনে। চলচ্চিত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা অৰ্জুনে সৰুৰে পৰা অভিনয়ৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ কষ্ট কৰিব লগা হৈছিল। চিনেমালৈ অহাৰ আগতে তেওঁৰ ওজন আছিল প্ৰায় ১৫০ কেজি। অৰ্জুনে যেতিয়া বলীউডত ভৰি দিলে, তেতিয়া তেওঁৰ ৰূপান্তৰে সকলোৰে চকু কপালত তুলিলে। নতুন নায়ক অৰ্জুন কাপুৰৰ সুদৰ্শন চেহেৰাই সকলোকে আকৰ্ষণ কৰিলে। অৰ্জুনৰ ওজন কেনেকৈ বৃদ্ধি পাইছিল সেই কথা অৰ্জুনে নিজে প্ৰকাশ কৰিছে।

অৰ্জুন কাপুৰে কয় যে ‘‘যেতিয়া মোৰ মা-দেউতাৰ বিবাহ বিচ্ছেদ হৈছিল, তেতিয়া মই খাদ্যৰ মাজতে নিজৰ শান্তি বিচাৰি লৈছিলো। মা-দেউতাৰ বিবাহ বিচ্ছেদত মোৰ এটা ডাঙৰ আৱেগিক শ্বক হৈছিল, গতিকে মই খাদ্য উপভোগ কৰিবলৈ ধৰিলোঁ। সেই সময়ত ভাৰতত ফাষ্ট ফুডৰ সংস্কৃতি আহিছিল। দিনে নিশাই জাংক ফুড খাবলৈ ধৰিলোঁ। তাৰপাছত ১৬ বছৰত মই এনে এটা পৰ্যায়ত উপনীত হৈছিলোঁ যেতিয়া মোৰ হাঁপানী হৈছিল, মোৰ শৰীৰটো আঘাতপ্ৰাপ্ত হৈছিল। মোৰ ওজন ১৫০ কিলোগ্ৰাম হৈ গৈছিল। মই ১০ ছেকেণ্ডো দৌৰিব পৰা নাছিলো। ’’

অভিনেতাজনে লগতে কয় যে অতিৰিক্ত ওজনৰ বাবে মই কোনো কাম কৰিব পৰা নাছিলোঁ। তাৰ পিছত মই ছলমান খানৰ পৰা প্ৰেৰণা লাভ কৰোঁ। ছলমান খানে মোক কৈছিল যে মই ফিট হ’লে ছবিৰ নায়ক হ’ব পাৰিম।

ঠিক তেতিয়াই মই নিজৰ ওজন কমোৱাৰ ওপৰত কাম কৰিবলৈ ধৰিলোঁ। প্ৰায় ৬০ কিলো ওজন কমালো। ইয়াৰ পাছত তেওঁ ইছকজাদে ছবিৰ জৰিয়তে অভিনয় জগতত অভিষেক ঘটায়।


অৰ্জুন কাপুৰ আৰু শ্ৰীদেৱীৰ সম্পৰ্ক বিশ্বই জানে। নিজ মাতৃক দুখত দেখাৰ পিছত অভিনেতাজনে শ্ৰীদেৱীক বহুত ঘৃণা কৰিছিল। কিন্তু শ্ৰীদেৱীৰ মৃত্যুৰ পাছত জাহ্নৱী আৰু খুশীৰ কাৰণে অৰ্জুনে ককায়েকৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰেই পালন কৰিছিল।

অৰ্জুনে বৰ্তমান নিজ ভগ্নী অংশুলা আৰু সতীয়া মাতৃৰ ভগ্নী জাহ্নৱী আৰু খুশীৰ বাবে সকলো বেয়া স্মৃতি মচি খুব সাৱধানে আৱৰি ৰাখিছে। অৰ্জুনে শ্ৰেষ্ঠ পুত্ৰ হোৱাৰ লগতে শ্ৰেষ্ঠ ককায়েক বুলিও প্ৰমাণিত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?