--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ অভিনেতা বিজয়ৰ অভিনয়েৰে নিৰ্মিত  লিঅ’ ছবিখন ২০২৩ চনৰ অন্যতম প্ৰত্যাশিত ছবি।ছবিখনে অক্টোবৰ মাহত মুক্তি পাব আৰু লোকেশ কানাগৰাজৰ পৰিচালনাৰে ছবিখন নিৰ্মাণ কৰা হৈছে। বিজয়ৰ জন্মদিন অৰ্থাৎ ২২ জুনত মুক্তি পালে ছবিখনৰ প্ৰথমটো একক গীত লিঅ’ৰ না ৰেডি। গীতটোৱে মুক্তিৰ পাছতে সমাদৰৰ লগতে বিতৰ্কৰো সূচনা কৰিছে৷ না ৰেডি গীতটোত ড্ৰাগছ সেৱন আৰু হুলস্থুলক উৎসাহিত কৰা বুলি চলচ্চিত্ৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৰ্মী আৰ টি আই ছেলভামে।

বিজয়ৰ ৪৯ সংখ্যক জন্মদিনত মুক্তি পালে লিঅ’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। অনুৰাগীসকল এইটো বিষয়ক লৈ উৎসুক যে লিঅ’ লোকেশ চিনেমেটিক ইউনিভাৰ্ছৰ অংশ নেকি?শেহতীয়াকৈ মুক্তি পোৱা না ৰেডি গীতটোক লৈ থালাপথী বিজয় আৰু লিঅ’ৰ প্ৰযোজকসকল বৰ্তমান বিতৰ্কত সোমাই পৰিছে৷ চেন্নাইৰ কোৰুক্কুপেট্টাইৰ এজন কৰ্মী আৰ টি আই ছেলভামে না ৰেডি ছংত ড্ৰাগছ সেৱন আৰু হিংসাক উৎসাহিত কৰাৰ অভিযোগত বিজয় আৰু লিঅ’ ছবিখনৰ ক্ৰুৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

ছেলভামে ২৫ জুনত এই বিষয়ত অনলাইন অভিযোগ দিছিল, আৰু ২৬ জুনত তেওঁ পুৱা ১০ বজাত এজাহাৰ দাখিল কৰিছিল।মন কৰিবলগীয়া যে চেন্নাই আৰক্ষীয়ে সমগ্ৰ মহানগৰীতে কেইবাটাও ড্ৰাগছ বিৰোধী অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানত উপস্থিত আছিল কাৰ্তি আৰু বিজয় এণ্টনি দুয়োজন অভিনেতা।সেয়ে এই বিষয়টোৱে অধিক আলোচনা আৰু চৰ্চা লাভ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ