--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ অভিনেতা বিজয়ৰ অভিনয়েৰে নিৰ্মিত  লিঅ’ ছবিখন ২০২৩ চনৰ অন্যতম প্ৰত্যাশিত ছবি।ছবিখনে অক্টোবৰ মাহত মুক্তি পাব আৰু লোকেশ কানাগৰাজৰ পৰিচালনাৰে ছবিখন নিৰ্মাণ কৰা হৈছে। বিজয়ৰ জন্মদিন অৰ্থাৎ ২২ জুনত মুক্তি পালে ছবিখনৰ প্ৰথমটো একক গীত লিঅ’ৰ না ৰেডি। গীতটোৱে মুক্তিৰ পাছতে সমাদৰৰ লগতে বিতৰ্কৰো সূচনা কৰিছে৷ না ৰেডি গীতটোত ড্ৰাগছ সেৱন আৰু হুলস্থুলক উৎসাহিত কৰা বুলি চলচ্চিত্ৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৰ্মী আৰ টি আই ছেলভামে।

বিজয়ৰ ৪৯ সংখ্যক জন্মদিনত মুক্তি পালে লিঅ’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। অনুৰাগীসকল এইটো বিষয়ক লৈ উৎসুক যে লিঅ’ লোকেশ চিনেমেটিক ইউনিভাৰ্ছৰ অংশ নেকি?শেহতীয়াকৈ মুক্তি পোৱা না ৰেডি গীতটোক লৈ থালাপথী বিজয় আৰু লিঅ’ৰ প্ৰযোজকসকল বৰ্তমান বিতৰ্কত সোমাই পৰিছে৷ চেন্নাইৰ কোৰুক্কুপেট্টাইৰ এজন কৰ্মী আৰ টি আই ছেলভামে না ৰেডি ছংত ড্ৰাগছ সেৱন আৰু হিংসাক উৎসাহিত কৰাৰ অভিযোগত বিজয় আৰু লিঅ’ ছবিখনৰ ক্ৰুৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

ছেলভামে ২৫ জুনত এই বিষয়ত অনলাইন অভিযোগ দিছিল, আৰু ২৬ জুনত তেওঁ পুৱা ১০ বজাত এজাহাৰ দাখিল কৰিছিল।মন কৰিবলগীয়া যে চেন্নাই আৰক্ষীয়ে সমগ্ৰ মহানগৰীতে কেইবাটাও ড্ৰাগছ বিৰোধী অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানত উপস্থিত আছিল কাৰ্তি আৰু বিজয় এণ্টনি দুয়োজন অভিনেতা।সেয়ে এই বিষয়টোৱে অধিক আলোচনা আৰু চৰ্চা লাভ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু