--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল যুগৰ এজন ভাৰতীয় হিচাপে আমি সকলোৱে এনে এটা পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছো য'ত আমি আমাৰ পিতৃ-মাতৃৰ পৰা "গোপনীয়তা" বিচাৰিছিলো। বাথৰুমত ফোন ব্যৱহাৰ কৰাই হওক বা হোৱাটছএপ মেচেজ লুকুৱাই ৰখাই হওক, আমি সকলো কৰিলোঁ।কিন্তু যদি আপুনি অভিভাৱক আৰু আপোনাৰ সন্তানটিক সুৰক্ষা দিব বিচাৰে আমাৰ এই প্ৰতিবেদন আপোনাৰ বাবে৷

মোবাইল ফোন আৰু ইয়াৰ ব্যৱহাৰ পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীৰ মাজত মতানৈক্যৰ এক স্থায়ী কাৰণ হৈ আহিছে, আৰু প্ৰায়ে কেৱল ক্ষুদ্ৰ ক্ষুদ্ৰ কাজিয়াত সীমাবদ্ধ নাথাকি বৃহৎ ৰূপ লৈ লয়৷প্ৰতি বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ হ্ৰাস কৰাৰ লক্ষ্যৰে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী আয়োজন কৰে।

যোৱা ২৯ জানুৱাৰীত দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপমত আয়োজিত এই কাৰ্যসূচীৰ সপ্তম সংস্কৰণ সম্বোধন কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস গঢ়াৰ বাবে ঘৰৰ প্ৰত্যেকেই পাছৱৰ্ড ভাগ-বতৰা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকৰ সৈতে মত বিনিময় কৰি ব’ৰ্ড পৰীক্ষাত তেওঁলোকৰ প্ৰদৰ্শন বৃদ্ধিৰ বাবে পথ প্ৰদৰ্শন কৰে আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

প্ৰশ্নোত্তৰ শিতানত উত্থাপিত এটা উদ্বেগজনক বিষয় আছিল ছ’চিয়েল মিডিয়া, ফোন, আৰু অধ্যয়নৰ মাজৰ বিৰোধৰ সৈতে জড়িত।সহজ ভাষাত ক’বলৈ গ’লে অংশগ্ৰহণকাৰীসকলে (পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীয়ে) বুজিব বিচাৰিছিল যে ল’ৰা-ছোৱালীয়ে কেনেকৈ প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰে, ই তেওঁলোকৰ ক্ষতি নকৰে কিন্তু গঠনমূলকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব পাৰে।

ইয়াৰ সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বুজাই দিলে যে ল’ৰা-ছোৱালীয়ে নিজৰ ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীক বিশ্বাস কৰাটো প্ৰয়োজন।প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ কাৰণ হ’ল কেতিয়াবা ল’ৰা-ছোৱালীয়ে পঢ়াৰ বাবেও ব্যৱহাৰ কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু