--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪-২৫ৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত দেখা গ’ল কৃষি খণ্ডৰ বাবে কেইবাটাও নতুন ঘোষণা৷ কৃষিখণ্ডৰ মূল্য সংযোজন আৰু কৃষকৰ আয় বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰে দাখিল কৰা হ’ল অন্তৰ্ৱৰ্তী বাজেট৷ প্ৰাথমিক আৰু মাধ্যমিক সংসাধন আৰু বিপণনকে প্ৰমুখ্য কৰি শস্য চপোৱাৰ পাছৰ কাৰ্যকলাপত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক অধিক প্ৰোৎসাহনৰ কথা ঘোষণা কৰা হয় বাজেটত৷

কৃষকৰ বাবে কি নতুন আঁচনি?

• পিএম-কিষাণ সন্মান যোজনাৰ অধীনত ১১.৮ কোটি কৃষকলৈ প্ৰত্যক্ষ আৰ্থিক সাহায্য

• পিএম ফচল বীমা যোজনাৰ অধীনত ৪ কোটি কৃষকলৈ শস্য বীমা

• তৈলবীজৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতা লাভৰ বাবে কৌশল নিৰ্ধাৰণ কৰা হ’ব

• সকলো কৃষি-জলবায়ু অঞ্চলত, ভিন্ন শস্যত নেন’ ডিএপি প্ৰয়োগৰ সম্প্ৰৰণ

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিলেৰে কৃষকৰ কল্যাণ আৰু গ্ৰাম্য চাহিদা বৰ্ধনত আলোকপাত কৰে। কৃষকসকলক ‘অন্নদাতা’ বুলি অভিহিতকৰণেৰে তেওঁ কয় যে ‘অন্নদাতা’সকলে উৎপাদন কৰা সামগ্ৰীৰ বাবে ন্যূনতম সমৰ্থন মূল্য সময়ে-সময়ে উপযুক্তভাৱে বৃদ্ধি কৰি অহা হৈছে। 

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি বছৰে পিএম-কিষাণ সন্মান যোজনাৰ অধীনত উপান্ত আৰু ক্ষুদ্ৰ কৃষকসকলকে প্ৰমুখ্য কৰি ১১.৮ কোটি কৃষকক প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদানৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৪ কোটি কৃষকলৈ শস্যৰ বীমা আগবঢ়োৱা হৈছে। এইসমূহ কাৰ্যসূচীৰ উপৰিও, দেশ আৰু বিশ্বৰ বাবে খাদ্য উৎপাদনত ‘অন্নদাতা’সকলক সহায় কৰা বুলি উল্লেখেৰে তেওঁ লগতে কয় যে ৮০ কোটি লোকক বিনামূলীয়া ৰেচনৰ জৰিয়তে খাদ্যক লৈ চিন্তা নোহোৱা কৰা হৈছে।

২০২৪-২৫ৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত কৃষিখণ্ডত মূল্য সংযোজন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষি আৰু খাদ্য সংসাধন খণ্ডৰ দ্ৰুত বৃদ্ধি নিশ্চিতকৰণৰ অৰ্থে একত্ৰীকৰণ, আধুনিক সংৰক্ষণ ব্যৱস্থা, দক্ষ যোগান শৃংখল, প্ৰাথমিক আৰু মাধ্যমিক সংসাধন আৰু বিপণন তথা ব্ৰেণ্ডিঙকে প্ৰমুখ্য কৰি শস্য-চপোৱাৰ পাছৰ কাম-কাজত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক অধিক প্ৰোৎসাহিতকৰণৰ প্ৰতিশ্ৰুতি দিয়ে।

বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, এই খণ্ডটো সৰ্বাংগীণ, সুষম, অধিক বৃদ্ধি আৰু উৎপাদনশীলতাৰ বাবে সাজু হৈছে৷

ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনিয়ে ২.৪ লাখ আত্ম-সহায়ক গোট (SHG) আৰু ষাঠি হাজাৰ ব্যক্তিক ক্ৰেডিট লিংকেজৰে সহায় কৰিছে বুলিও কয়৷ বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অন্যান্য আঁচনিসমূহে শস্য-চপোৱাৰ পাছৰ লোকচান হ্ৰাসৰ বাবে আৰু উৎপাদনশীলতা তথা আয়ৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰিছে। সীতাৰমণে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাই ৩৮ লাখ কৃষকক উপকৃতকৰণৰ লগতে ১০ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইলেক্ট্ৰনিক ৰাষ্ট্ৰীয় কৃষি বজাৰে ১,৩৬১খন মাণ্ডিক একত্ৰিত কৰিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়, এইসমূহ ব্যৱস্থাই গ্ৰামাঞ্চলসমূহত আয় বৃদ্ধি কৰিব। তেওঁলোকৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ ফলশ্ৰুতিত বিকাশৰ সূচনা হ’ব আৰু নিয়োগ সৃষ্টি হ’ব৷

আত্মনিৰ্ভৰ তৈল বীজ অভিযান:
২০২৪-২৫ৰ অন্তৰ্ৱৰ্তীকালীন বাজেট ঘোষণাৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে সৰিয়হ, মাটিমাহ, তিল, বেলিফুল আদি তৈলবীজৰ ক্ষেত্ৰত ‘আত্ম-নিৰ্ভৰতা’ লাভৰ বাবে এক কৌশল প্ৰস্তুত কৰা হ’ব। বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে ইয়াত উচ্চ উৎপাদনক্ষম জাতৰ বাবে গৱেষণা, আধুনিক কৃষি কৌশলৰ ব্যাপক অভিযোজনা, বজাৰ সংযোগ, ক্ৰয়, মূল্য সংযোজন আৰু শস্যৰ বীমা আদি ব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হ’ব।

নেন’ডিএপি:
নেন’ ইউৰিয়াৰ সফল অভিযোজনাৰ পিছত ভিন্ন শস্যত নেন’ ডিএপিৰ প্ৰয়োগ সকলো কৃষি জলবায়ু মণ্ডলতে সম্প্ৰসাৰিত কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু