--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ পাছত এইবাৰ ভাৰতৰ আয়াৰলেণ্ড ছিৰিজ দলত সুযোগ পালে ৰিংকু সিঙে। ইতিমধ্যে বেটছমেনজনে উত্তৰ প্ৰদেশ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছে। এই সকলোবোৰ তেওঁৰ বাবে সপোন যেন লাগে। ৰিংকুৱে এই সপোন ভাঙি যোৱাটো নিবিচাৰে। পুত্ৰৰ সফলতাক লৈ ৰিংকুৰ পিতৃ-মাতৃয়েও নিজৰ আৱেগক ধৰি ৰাখিবলৈ অক্ষম। তেওঁলোকৰ লগত ফোনত কথা পাতিলে ৰিংকুৱেও কান্দে।

আয়াৰলেণ্ডৰ শৃংখলাৰ বাবে ভাৰতীয় দলত সুযোগ পোৱাৰ পাছত ৰিংকুৱে কয় যে গোটেই কথাটো সপোনৰ দৰেই। ইমান ভাল লাগিছে, যিটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। বাওঁহাতৰ বেটছমেনগৰাকীয়ে পৰিয়ালৰ সৈতে কি কথা পাতিছে সেই কথাও কয়।

তেওঁ ক'লে, "ঘৰত থকা মানুহবোৰেও বিশ্বাস কৰা নাই। মোৰ মা-দেউতাই কেতিয়াও ভবা নাছিল যে মোক ভাৰতীয় জাৰ্চি পিন্ধি খেলি থকা দেখাৰ সপোন বাস্তৱায়িত হ’ব। গতিকে আমি যেতিয়াই তেওঁলোকৰ লগত কথা পাতো তেতিয়াই তেওঁলোকে কান্দি উঠে। মইও সিহঁতক দেখি কান্দিছো।’’

ভাৰতীয় দলত সুযোগ পোৱাৰ বাবে আটাইতকৈ ডাঙৰ কৃতিত্ব কেকেআৰক দিয়ে ৰিংকুৱে। তেওঁৰ মতে, কলকাতাই দিয়া সুযোগ নোপোৱা হ’লে তেওঁ কেতিয়াও এই স্থানত উপনীত নহ’লহেঁতেন। ৰিংকুৱে ক'লে, "মই কেকেআৰত থকা ছবছৰ হ'ল। প্ৰথমতে সুযোগৰ সুবিধা ল’ব পৰা নাছিল। তাৰ পিছতো দলটোৱে মোক এটা সুযোগ দিলে। আন কোনো ফ্ৰেঞ্চাইজিয়ে মোক সুযোগ নিদিলেহেঁতেন। অভিষেক নাইৰ ছাৰে মোৰ লগত পৃথকে পৃথকে অনুশীলন কৰিছিল। হয়তো তেওঁ মোৰ মাজত এনেকুৱা কিবা এটা দেখিছিল যিটো মই নিজে দেখা নাছিলো। কঠোৰ পৰিশ্ৰমৰ ফল পাইছে। তেওঁলোকৰ সহায়ৰ বাবে মই চিৰকৃতজ্ঞ।’’

ৰিংকুৰ মতে, আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰ পাঁচটা বলত পাঁচটা ছয় দিয়াৰ পিছত সেই সকলোবোৰ সলনি হৈ গ’ল৷ বিচিচিআইয়ে প্ৰকাশ কৰিলে ৰিংকুৰ ভিডিঅ’। তাতে ৰিংকুৱে ক'লে, "সেই পাঁচটা ছয়ৰ পিছত মোৰ জীৱনটো সলনি হ'ল। তাৰ আগতে মোৰ বিষয়ে কোনেও বেছি নাজানিছিল। কিন্তু সেই ইনিংছৰ পিছত বহুতে চিনি পালে। সেইটো ভাবিলে ভাল লাগে। সেই ইনিংছৰ বাবেই মই ভাৰতীয় দলত সুযোগ পালোঁ।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক