--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ পাছত এইবাৰ ভাৰতৰ আয়াৰলেণ্ড ছিৰিজ দলত সুযোগ পালে ৰিংকু সিঙে। ইতিমধ্যে বেটছমেনজনে উত্তৰ প্ৰদেশ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছে। এই সকলোবোৰ তেওঁৰ বাবে সপোন যেন লাগে। ৰিংকুৱে এই সপোন ভাঙি যোৱাটো নিবিচাৰে। পুত্ৰৰ সফলতাক লৈ ৰিংকুৰ পিতৃ-মাতৃয়েও নিজৰ আৱেগক ধৰি ৰাখিবলৈ অক্ষম। তেওঁলোকৰ লগত ফোনত কথা পাতিলে ৰিংকুৱেও কান্দে।

আয়াৰলেণ্ডৰ শৃংখলাৰ বাবে ভাৰতীয় দলত সুযোগ পোৱাৰ পাছত ৰিংকুৱে কয় যে গোটেই কথাটো সপোনৰ দৰেই। ইমান ভাল লাগিছে, যিটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। বাওঁহাতৰ বেটছমেনগৰাকীয়ে পৰিয়ালৰ সৈতে কি কথা পাতিছে সেই কথাও কয়।

তেওঁ ক'লে, "ঘৰত থকা মানুহবোৰেও বিশ্বাস কৰা নাই। মোৰ মা-দেউতাই কেতিয়াও ভবা নাছিল যে মোক ভাৰতীয় জাৰ্চি পিন্ধি খেলি থকা দেখাৰ সপোন বাস্তৱায়িত হ’ব। গতিকে আমি যেতিয়াই তেওঁলোকৰ লগত কথা পাতো তেতিয়াই তেওঁলোকে কান্দি উঠে। মইও সিহঁতক দেখি কান্দিছো।’’

ভাৰতীয় দলত সুযোগ পোৱাৰ বাবে আটাইতকৈ ডাঙৰ কৃতিত্ব কেকেআৰক দিয়ে ৰিংকুৱে। তেওঁৰ মতে, কলকাতাই দিয়া সুযোগ নোপোৱা হ’লে তেওঁ কেতিয়াও এই স্থানত উপনীত নহ’লহেঁতেন। ৰিংকুৱে ক'লে, "মই কেকেআৰত থকা ছবছৰ হ'ল। প্ৰথমতে সুযোগৰ সুবিধা ল’ব পৰা নাছিল। তাৰ পিছতো দলটোৱে মোক এটা সুযোগ দিলে। আন কোনো ফ্ৰেঞ্চাইজিয়ে মোক সুযোগ নিদিলেহেঁতেন। অভিষেক নাইৰ ছাৰে মোৰ লগত পৃথকে পৃথকে অনুশীলন কৰিছিল। হয়তো তেওঁ মোৰ মাজত এনেকুৱা কিবা এটা দেখিছিল যিটো মই নিজে দেখা নাছিলো। কঠোৰ পৰিশ্ৰমৰ ফল পাইছে। তেওঁলোকৰ সহায়ৰ বাবে মই চিৰকৃতজ্ঞ।’’

ৰিংকুৰ মতে, আই পি এলত গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰ পাঁচটা বলত পাঁচটা ছয় দিয়াৰ পিছত সেই সকলোবোৰ সলনি হৈ গ’ল৷ বিচিচিআইয়ে প্ৰকাশ কৰিলে ৰিংকুৰ ভিডিঅ’। তাতে ৰিংকুৱে ক'লে, "সেই পাঁচটা ছয়ৰ পিছত মোৰ জীৱনটো সলনি হ'ল। তাৰ আগতে মোৰ বিষয়ে কোনেও বেছি নাজানিছিল। কিন্তু সেই ইনিংছৰ পিছত বহুতে চিনি পালে। সেইটো ভাবিলে ভাল লাগে। সেই ইনিংছৰ বাবেই মই ভাৰতীয় দলত সুযোগ পালোঁ।’’











FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক