--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছেছৰ পঞ্চম টেষ্টত অভাৱনীয় পৰাজয় ঘটে অষ্ট্ৰেলিয়াৰ। কিন্তু দলৰ ক্ৰিকেটাৰসকলে এই পৰাজয়ত একমত হ’ব পৰা নাই। ইয়াৰ আঁৰত খেলখনত ‘নতুন’ বলক দোষাৰোপ কৰে উছমান খোৱাজাই। তেওঁৰ মতে আইচিচিয়ে এই বিষয়টো চোৱা উচিত। ৰিকি পণ্টিঙেও প্ৰায় একেখিনি কথাই কৈছিল।

উল্লেখ্য যে বৰষুণৰ বাবে দেওবাৰে বেছি অভাৰ খেলা নহ’ল। কিন্তু সেইদিনা খেলি থকা বলটোৰ আকৃতি ক্ষতিগ্ৰস্ত হোৱাৰ বাবে সলনি হৈছিল। সেই বলটো সোমবাৰে অষ্ট্ৰেলিয়াৰ বাবে মাৰাত্মক হৈ পৰে।

মেচৰ অন্তত বিচলিত খোৱাজাই কয়, ''বল সলনি কৰাৰ সময়ত আম্পায়াৰ কুমাৰ ধৰ্মসেনাৰ সৈতে কথা পাতিছিলো। মই গোটেই এছেছ শৃংখলা অপেনিং কৰিছো। নতুন বলে বেটত কেনেকৈ খুন্দা মাৰে মই জানো। এই বলটোৱেই একেধৰণেই শব্দ কৰিছিল।’’

উল্লেখ্য যে দেওবাৰে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ ৩৭ নং অভাৰত মাৰ্ক উডৰ বাউন্সাৰে খোৱাজাক হেলমেটত আঘাত কৰে। অন-ফিল্ড আম্পায়াৰ দুজন জোৱেল উইলছন আৰু ধৰ্মসেনাই হেলমেটত খুন্দা মৰাৰ পিছত বলৰ আকৃতি সলনি হোৱা বুলি অনুভৱ কৰে। গতিকে তেওঁলোকে বল সলনি কৰাৰ সিদ্ধান্ত ল’লে।

ইয়াৰ পিছত বৰষুণৰ বাবে চতুৰ্থ দিনটোত বেছি অভাৰ খেলা নহ’ল। সোমবাৰৰ পৰা যেতিয়া বল খেল আৰম্ভ হৈছিল তেতিয়া আকাশখন মেঘময় হৈ পৰিছিল। বহুতৰ মতে ইংলেণ্ডে অতিৰিক্ত সুবিধা লাভ কৰিছিল।

খাৱাজাই কয়- ''ক্ৰিকেটত সেয়া হ’ব পাৰে। আশাকৰোঁ আইচিচিয়ে বল সলনিৰ নিয়মৰ বিষয়ে কিছু চিন্তা কৰিব।’’





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক