--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰা বলীউডৰ  জনপ্ৰিয় তাৰকা। তেওঁলোকে বহু ছবিত একেলগে কামো কৰিছে। এসময়ত তেওঁলোকৰ  ৰোমাঞ্চৰ কাহিনীয়ে  বলীউডত  আলোড়নৰ সৃষ্টি কৰিছিল। শ্বাহৰুখৰ সৈতে  সম্পৰ্কৰ থকাৰ কথা প্ৰচাৰ হোৱাৰ পিছতে বলীউডত  প্ৰিয়ংকা এক প্ৰকাৰৰ বিভ্ৰান্ত হৈ পৰিছিল।শ্বাহৰুখ আৰু প্ৰিয়ংকাই একেলগে 'ডন'ত অভিনয় কৰিছিল। শ্বাহৰুখে আনকি প্ৰিয়ংকাক বিবাহৰ প্ৰস্তাৱো দিছিল। সেয়াও আকৌ  ৰাজহুৱাভাৱে সকলোৰে সন্মুখত।সেই সময়ত প্ৰিয়ংকাই কেনে সঁহাৰি দিছিল? 

প্ৰিয়ংকাই বলীউডত ভৰি দিয়াৰ আগতে ঘটা  আছিল এয়া।অভিনয়ৰ জগতত ভৰি দিয়াৰ আগৰে পৰাই প্ৰিয়ংকাৰ সৈতে শ্বাহৰুখৰ চিনাকী আছিল৷  প্ৰিয়ংকাই এখন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল , য'ত শ্বাহৰুখ খান বিচাৰক আছিল। শ্বাহৰুখে প্ৰিয়ংকাক এটা অদ্ভুত প্ৰশ্ন সুধিছিল। তেওঁ প্ৰিয়ংকাক তিনিটা বিকল্প দিছিল আৰু কাক বিয়া কৰিব বিচাৰে সেই বিকল্পৰ মাজৰে পৰা  বাছনি কৰিবলৈ কৈছিল।শ্বাহৰুখৰ তিনিটা বিকল্পত মহম্মদ আজহাৰুদ্দিনৰ দৰে বিখ্যাত  খেলুৱৈ অন্তৰ্ভুক্ত আছিল,দ্বিতীয়জন এজন ডাঙৰ ব্যৱসায়ী আছিল , তৃতীয়জন হৈছে শ্বাহৰুখ নিজেই। প্ৰিয়ংকাই কাক বাছনি কৰিব?

শ্বাহৰুখে অৱশ্যে ভাবিছিল যে প্ৰিয়ংকাই তেওঁকেই  বাছনি কৰিব। কিন্তু অভিনেত্ৰীগৰাকীৰ উত্তৰে সকলোকে আচৰিত কৰিছিল। তেওঁ খেলুৱৈকে বাছনি কৰিছিল। তেওঁ কৈছিল যে ইয়াৰ কাৰণ হৈছে যে তেওঁ সদায়  প্ৰিংকাক  উৎসাহিত কৰিব৷ তেওঁ দেশক গৌৰৱান্বিত কৰিব। প্ৰিয়ংকায়ো তেওঁৰ স্বামীক লৈ গৌৰৱান্বিত হ'ব।

অৱশ্যে, প্ৰতিযোগিতাখনৰ বহু পিছত  প্ৰিয়ংকাই শ্বাহৰুখৰ সৈতে ছবিখনত অভিনয় কৰাৰ পিছত নিজৰ মন সলনি কৰিছিল। তেওঁ শ্বাহৰুখ খানৰ সৈতে এক প্ৰকাৰৰ প্ৰেমৰ সম্পৰ্কত আবদ্ধ হৈছিল বুলি কথা ওলাইছিল। অৱশ্যে শেষত শ্বাহৰুখে গৌৰীক তেওঁৰ পত্নী হিচাবে গ্ৰহণ কৰিছিল৷   আনহাতে প্ৰিয়ংকায়ো বলীউডৰ পৰা লাহে লাহে  হলিউডমুখী হয়৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ